Logo
image

উক্তি-বক্ৰোক্তি

 ভাৰত অচিৰেই বিশ্বৰ তৃতীয় অৰ্থনীতিৰ দেশ হ’ব৷ বিশ্বৰ অৰ্থনীতি উত্তাল হৈ থাকিলেও ভাৰতৰ উন্নয়ন বৃদ্ধি পাই আছে৷ দল-মত নিৰ্বিশেষে মই সকলোকে দেশত নিৰ্মিত সামগ্ৰী ব্যৱহাৰ কৰিবলৈ অনুৰোধ জনালোঁ৷

– প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

নিৰ্বাচন আয়োগ এতিয়া মৃত৷ লোকসভা নিৰ্বাচনত ভোট চুৰি কৰা হৈছিল৷ আমাৰ হাতত প্ৰমাণ আছে৷ আমি এটা সমষ্টিত সকলো ভোটাৰক ভোটাৰ তালিকা হাতত লৈ পৰীক্ষা কৰিলোঁ৷ তাত চাৰে ছয়লাখ ভোটাৰৰ ভিতৰত ডেৰ লাখ ভুৱা ভোটাৰ ওলাল৷ আমি সকলো প্ৰমাণ দাখিল কৰিলে দেশত এটম বোমা ফুটিব৷ 

– লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী


 মোৰ দল নেতা ৰাহুল গান্ধীয়ে ড’নাল্ড ট্ৰাম্পৰ সমৰ্থন যি কৈছে, সেই সন্দৰ্ভত মই মন্তব্য নকৰোঁ৷ সেয়া তেওঁ নিজৰ উদ্দেশ্যত কৈছে৷ ট্ৰাম্পে ভাৰতৰ অৰ্থনীতি ‘ডেড ইক’নমি’ বুলি ক’লেও মই আন এটা বিষয়তহে উদ্বিগ্ন৷ আমেৰিকাৰ সৈতে ভাৰতৰ সম্পৰ্ক ভাল হৈ থকাটো জৰুৰী৷ ৰণকৌশলগত আৰু অৰ্থনৈতিক উভয় দিশৰ পৰা এই সম্পৰ্ক প্ৰয়োজনীয়৷ 

– কংগ্ৰেছৰ সাংসদ শশী থাৰুৰ

এয়া মোৰ ৰাজনৈতিক সন্ন্যাস নহয়৷ ৪৯ বছৰত ৰাজনীতিৰ পৰা কোনে অৱসৰ লয়? ইতিমধ্যে মই তিনিবাৰ সাংসদ হ’লোঁ৷ পাঁচটাকৈ কেন্দ্ৰীয় চৰকাৰৰ বিভাগৰ মন্ত্ৰী হৈ দায়িত্ব চম্ভালিলোঁ৷ পুনৰ ছিৰিয়েল কৰিবলৈ অহাৰ মানে মই ৰাজনীতি এৰাটো নুবুজায়৷ দৈনন্দিন ৰাজনৈতিক কাম-কাজত মই এতিয়া ব্যস্ত হৈ থাকিব নালাগে৷ সেয়ে পুনৰ অভিনয়লৈ আহিছোঁ৷

– বিজেপিৰ নেত্ৰী স্মৃতি ইৰাণী

ৰাহুল গান্ধীয়ে যি এটম বোমা ফুটাই ফুটাওক৷ তেওঁ পূৰ্বেও এবাৰ নিজৰ বক্তব্যৰ ফলত দেশত ভূমিকম্প হ’ব বুলি দাবী কৰিছিল৷ কিন্তু তেওঁৰ বক্তব্যৰ পাছত ভূমিকম্প হোৱাটো দূৰৰে কথা, ফটকাৰ সমানো আৱাজ নোলাল৷ 

– কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

মোৰ নামেই ভোটাৰ তালিকাত নাই৷ মই কেনেকৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিম? এপিক নম্বৰ ব্যৱহাৰ কৰি নিৰ্বাচন আয়োগৰ ৱেবছাইট চলাথ কৰিও মোৰ নাম নাপালোঁ৷ নিৰ্বাচন আয়োগে প্ৰতিটো সমষ্টিৰ পৰা ২০-৩০ হাজাৰকৈ ভোটাৰৰ নাম কাটিছে,  ৮.৫ শতাংশ প্ৰতি সমষ্টিৰ পৰা নোহোৱা হৈছে৷ 

– বিহাৰৰ বিৰোধী দলনেতা তেজস্বী যাদৱ