Logo
image

ভাৰতৰ ৰঙা চকু

ভাৰত আৰু আমেৰিকাৰ মাজৰ সম্পৰ্কই বাণিজ্যিক শুল্কক কেন্দ্ৰ কৰি নতুন মোৰ লৈছে৷ কেইদিনমান পূৰ্বে ভাৰতৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰাৰ পাছত ভাৰতৰ অদমনীয় স্থিতিৰ বাবে ৬ আগষ্টত পুনৰ অতিৰিক্ত ২৫ শতাংশ শুল্ক আৰোপ কৰি ভাৰতৰ ওপৰত আৰোপ কৰা শুল্কৰ পৰিমাণ ৫০ শতাংশলৈ বৃদ্ধি কৰি অপ্ৰয়োজনীয়ভাৱে দুয়োখন দেশৰ মাজত বাণিজ্যিক যুদ্ধৰ সূচনা কৰিলে৷ পূৰ্বেও ভাৰত সম্পৰ্কে একাধিক কটু মন্তব্য কৰা বা ভাৰতৰ অৰ্থনীতিক ‘মৃত অৰ্থনীতি’ বুলি মন্তব্য কৰি মূঢ়তাৰ পৰিচয় দিয়া আমেৰিকাৰ ৰাষ্ট্ৰপতিজনৰ এনে আচৰণ মুঠেও অস্বাভাৱিক নাছিল৷ নিশ্চিতভাৱে এয়া ড’নাল্ড ট্ৰাম্পৰ বন্ধুত্বসুলভ মত নহয়৷ এনে নহয় যে, ভাৰতৰ বিৰুদ্ধে আমেৰিকাই এইবাৰেই প্ৰথমবাৰৰ বাবে নিষেধাজ্ঞা আৰোপ কৰিছিল; ইতিপূৰ্বেও অৰ্থাৎ পোখৰাণত দ্বিতীয়বাৰৰ বাবে পাৰমাণৱিক বোমা সম্পৰীক্ষণৰ সময়তো দেশখনে ভাৰতৰ বিৰুদ্ধে নিষেধাজ্ঞা আৰোপ কৰিছিল৷ কিন্তু দুয়োখন দেশৰ মাজত বৰ্তমানৰ দৰে পৰিৱেশ তেতিয়াও সৃষ্টি হোৱা নাছিল৷ পূৰ্বতে আমেৰিকাই আৰোপ কৰা নিষেধাজ্ঞা আছিল সম্পূৰ্ণ নীতিগত কাৰণত, বিশ্বত শান্তি আৰু সুৰক্ষা বৰ্তাই ৰখাৰ স্বাৰ্থত৷ কিন্তু বৰ্তমান আমেৰিকাই ভাৰতৰ বিৰুদ্ধে কৰা আচৰণ সম্পূৰ্ণৰূপে অনৈতিক আৰু স্বাধীন ৰাষ্ট্ৰৰ নিজস্ব স্বতন্ত্ৰতাক প্ৰভাৱিত কৰাৰ লজ্জাজনক প্ৰয়াস৷ কিন্তু আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ এনে অনৈতিক আৰু লজ্জাজনক পদক্ষেপক ভাৰতে যি যোগ্য প্ৰত্যুত্তৰ আগবঢ়ালে, সেয়াই ভাৰতৰ ক্ৰমবৰ্ধিত ক্ষমতা আৰু আন্তৰ্জাতিক মঞ্চত নিজৰ প্ৰভুত্বক প্ৰতিফলিত কৰিছে৷

ভাৰতৰ অৰ্থনীতিক ‘মৃত অৰ্থনীতি’ হিচাপে মন্তব্য আগবঢ়োৱাৰ পূৰ্বে আমেৰিকাৰ বহুবল্কী ৰাষ্ট্ৰপতিজনে বিশ্বৰ এক প্ৰভাৱশালী অৰ্থনৈতিক শক্তি হিচাপে নিজকে প্ৰতিপন্ন কৰিবলৈ সমৰ্থ হোৱা ভাৰতৰ অৰ্থনৈতিক স্থিতিৰ বিষয়ে অৱগত হোৱা প্ৰয়োজন আছিল৷ কেৱল আত্ম-অহংকাৰ আৰু দাদাগিৰিৰ দ্বাৰাই পুনৰ আমেৰিকাক মহান ৰাষ্ট্ৰ কৰি তোলাৰ দিবাস্বপ্নত বিভোৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে হয়তো নিজেও অনুমান কৰিব পৰা নাই যে তেওঁৰ এনে শিশুসুলভ আচৰণৰ দ্বাৰা এখন মহান ৰাষ্ট্ৰৰ স্থিতি গোলকীয় মঞ্চত কিমান দুৰ্বল কৰি পেলালে৷ ভাৰত চতুৰ্থ বৃহৎ অৰ্থনৈতিক শক্তি হিচাপে পৰিচিত হ’বলৈ আগবঢ়া বিষয়টোৱে এই কথা প্ৰতিপন্ন কৰে যে, দেশখন নিজৰ ভৱিষ্যতক লৈ অত্যন্ত সতৰ্ক আৰু দূৰদৰ্শী৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাৰাণসীত এক জনসভাত মন্তব্য কৰিছিল যে, আমেৰিকাৰ দ্বাৰা শেহতীয়াকৈ ভাৰতীয় সামগ্ৰীৰ ওপৰত আৰোপিত ২৫ শতাংশ শুল্কৰ পাছতো ভাৰতৰ অৰ্থনীতি যথেষ্ঠ শক্তিশালী হৈ আছে৷ ভাৰতৰ প্ৰধানমন্ত্ৰীজনে ৰাষ্ট্ৰপতি ট্ৰাম্পৰ নাম নোলোৱাকৈয়ে আমেৰিকাই ভাৰতৰ ওপৰত আৰোপ কৰা আক্ৰোশমূলক পদক্ষেপৰ প্ৰত্যুত্তৰ আগবঢ়ায়৷ ভাৰতে ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় কৰা বিষয়টোক লৈ ৰাষ্ট্ৰপতি ট্ৰাম্পে অসন্তুষ্টি প্ৰকাশ কৰি মন্তব্য কৰিছিল যে ভাৰতক খাৰুৱা তেল বিক্ৰী কৰি আহৰণ কৰা ধন ৰাছিয়াই ইউক্ৰেইনৰে যুদ্ধত ব্যৱহাৰ কৰিছে, যিটো আমেৰিকাৰ বাবে ভূ-ৰাজনৈতিকভাৱে এটা সংবেদশীল বিষয়৷ ৰাষ্ট্ৰপতিজনে দাবী কৰা অনুসৰি, ভাৰতৰ অৰ্থনীতি ধবংস হৈছে আৰু ই এতিয়া আমেৰিকাৰ বজাৰৰ ওপৰত নিৰ্ভৰশীল৷ কি এক আচৰিত যুক্তি! বিগত সত্তৰটা দশকত দেশক শাসন কৰা বিভিন্ন চৰকাৰসমূহে এঢাপ এঢাপ শক্তিশালী ৰূপত গঢ়ি তোলা ভাৰতৰ অৰ্থনীতি কেতিয়াও কাৰো ওপৰতে নিৰ্ভৰশীল নাছিল৷ আমেৰিকাৰ ৰাষ্ট্ৰপতিজনৰ এই পদক্ষেপে নিঃসন্দেহে ভাৰতৰ বিভিন্ন উদ্যোগ খণ্ডৰ ওপৰত সাময়িকভাৱে হেঁচাৰ সৃষ্টি কৰিব, কিন্তু ট্ৰাম্পে অনুমান কৰাৰ দৰে এনেকুৱা কথাও নহয় যে, আমেৰিকাৰ লগত ভাৰতৰ বাণিজ্য হ্ৰাস হ’লে ভাৰতৰ অৰ্থনীতি দুৰ্বল হৈ পৰিব৷ ৰাষ্ট্ৰপতি ট্ৰাম্পে এই কথা বুজা উচিত যে, তেওঁৰ এনে বিবেকহীন পদক্ষেপে ভাৰতৰ যিমান লোকচান কৰিব, আমেৰিকাৰ বাণিজ্যিক ক্ষেত্ৰখনতো সিমানেই নেতিবাচক প্ৰভাৱ পৰিব৷

ৰাষ্ট্ৰপতি ট্ৰাম্পৰ এনে ভাবুকিভৰা পৰিৱেশৰ পৰা আঁতৰি থকাৰ বাবে ভাৰত অধিক আমেৰিকামুখী নহৈ বিশ্বৰ আন শক্তিধৰ ৰাষ্ট˜সমূহৰ লগত নিজৰ ভূ-ৰাজনৈতিক স্থিতি অধিক সুদৃঢ় কৰিবলৈ প্ৰয়াস কৰা উচিত৷ আমেৰিকাৰ ৰাষ্ট˜পতিজনৰ এনে অদূৰদৰ্শী কৰ্ম-কাণ্ডই চীন, ৰাছিয়া, ব্ৰাজিল আদিৰ দৰে ৰাষ্ট্ৰক বাৰুকৈয়ে অসন্তুষ্ট কৰি তুলিছে৷ এইবাৰ ভাৰতক লক্ষ্য কৰি লোৱা পদক্ষেপে ভাৰতকো সেই দেশসমূহৰ শাৰীত থিয় হ’বলৈ বাধ্য কৰালে৷ কিন্তু ভাৰতৰ বাবে এই মুহূৰ্তত সৌভাগ্যৰ কথা এয়ে যে, ৰাষ্ট্ৰপতি ট্ৰাম্পে লক্ষ্য কৰি লোৱা আটাইকেইখন ৰাষ্ট্ৰই ব্ৰিক্সৰ অন্তৰ্ভুক্ত ৰাষ্ট্ৰ৷ হয়তো আমেৰিকাৰ প্ৰধান প্ৰতিদ্বন্দ্বী হিচাপে পৰিগণিত ব্ৰিক্সক দুৰ্বল কৰাৰ স্বাৰ্থতেই ইয়াৰ অন্তৰ্ভুক্ত  ৰাষ্ট্ৰকেইখনক লক্ষ্য কৰি লৈছে৷ এই মুহূৰ্তত এই আটাইকেইখন নিজৰ মতভেদ পৰিহাৰ কৰি ব্ৰিক্সক শক্তিশালী কৰি তুলিবলৈ প্ৰচেষ্টা হাতত ল’ব লাগে৷ এই ক্ষেত্ৰত ভাৰতে অগ্ৰণী ভূমিকা পালনৰ সুবিধা গ্ৰহণ কৰ উচিত৷ এনে হ’লে আটাইকেইখন ৰাষ্ট্ৰৰ উমৈহতীয়া স্বাৰ্থ সুৰক্ষিত হৈ থাকিব৷