উক্তি-বক্ৰোক্তি
অসম চৰকাৰে কেনেকৈ পশ্চিমবংগৰ বাসিন্দাক জাননী দিব পাৰে? কোচবিহাৰৰ মাথাভাঙাৰ এগৰাকী গাঁও পঞ্চায়তৰ মুৰব্বী মিনতী ৰয়লৈ অসম চৰকাৰে নলবাৰীৰ পৰা এনআৰচিৰ জাননী পঠিয়াইছে৷ পশ্চিমবংগৰ বাসিন্দাক এনেকৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আতংকিত কৰাৰ অধিকাৰ নাই৷
– পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী
শৃংখল চলিহাৰ আত্মসন্মান থাকিলে বীৰ লাচিত সেনা ত্যাগ কৰিব লাগে৷ কিন্তু তেওঁক গতিয়াই গতিয়াই উলিয়াই দিলেও ওলাই নাহে, সংগঠনটো এৰি আহিব নোৱাৰে৷ নহ’লে শৃংখলৰ ঘৰ চলিব কেনেকৈ? শিৱসাগৰৰ নাগৰিক সভাই শৃংখল চলিহাক নাকী লগোৱাত মই সন্তোষ পাইছোঁ৷
– শিৱসাগৰৰ বিধায়ক অখিল গগৈ
২১ শতিকাত আমেৰিকাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ মিত্ৰ হ’ব পাৰে ভাৰত৷ এতিয়া সেই মিত্ৰতা সংকটত৷ ৰাষ্ট˜পতি ট্ৰাম্পৰ হঠকাৰী সিদ্ধান্তৰ বাবেই ভাৰতৰ সৈতে মিত্ৰতা ছেদ হ’ব পাৰে৷ নৰেন্দ্ৰ মোদীয়ে ট্ৰাম্পৰ ওচৰত আঠু ল’ব নালাগে৷
– প্ৰাক্তন মাৰ্কিন বৈদেশিক সচিব কাৰ্ট কেম্পবেল
বাংলাদেশীৰ নামত অসমত ৰাজনীতি হৈ আছে৷ অসম চৰকাৰে বাংলাদেশী কিমান ধৰিলে আমি প্ৰমাণ পোৱা নাই৷ বাংলাদেশীৰ নামত কেৱল বিজেপি চৰকাৰে সংঘাতৰ সৃষ্টি কৰিছে৷ কংগ্ৰেছ দলে অবৈধ বাংলাদেশীৰ বিৰুদ্ধে কঠোৰ স্থিতি বিচাৰে৷ বিজেপিয়ে ৰাজনীতিহে বিচাৰে৷
– যোৰহাটৰ সাংসদ গৌৰৱ গগৈ
‘অপাৰেচন সিন্দূৰ’ত ভাৰতে পাকিস্তানৰ ৬খনকৈ জেট বিমান ধবংস কৰিছিল৷ প্তখন যুদ্ধ বিমান পাকিস্তানৰ বায়ু সেনাৰ ঘাটিতে ধবংস কৰিছিল৷ পাকিস্তানৰ এখন বিমান ক্ষেপণাস্ত্ৰৰে তিনিশ কিলোমিটাৰ দূৰৰ পৰা ধবংস কৰা হৈছিল৷
– এয়াৰ চীফ মাশ্বৰ্ৰাল অমৰপ্ৰীত সিং
উচ্ছেদ হ’বই৷ মোৰ কলিজা ইমান সৰু নহয়৷ মোক ভয় খুৱাই লাভ নাই৷ মই মাৰ গাখীৰ খাই জন্ম হৈছোঁ৷ লুৰীণজ্যোতি গগৈ কংগ্ৰেছৰ ওচৰত বিক্ৰী হৈছে৷ তেওঁৰ কথা মই নুশুনো৷
– মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
আমাৰ দলে কোনো কাৰণতে অজিত পাৱাৰৰ দলৰ সৈতে যোগ নিদিয়ে৷ নাতি যোগেন্দ্ৰ পাৱাৰৰ বিবাহৰ অনুষ্ঠানত ভতিজা অজিত পাৱাৰৰ সৈতে হোৱা মোৰ ঘৰুৱা সাক্ষাৎক লৈ চৰ্চা কৰা অনুচিত৷
– এন চি পিৰ মুৰব্বী শাৰদ পাৱাৰ
মই মুন্নাভাইৰ ছবিৰ ছিৰিজটো চাইছোঁ৷ সেই ছবি পুনৰ চাম৷ মই পংকজ ত্ৰিপাঠীৰ ছবি চাইছোঁ৷ মিৰ্জাপুৰ ছিৰিজৰ সম্পূৰ্ণ ছবি ছাইছোঁ৷ পংকজ ত্ৰিপাঠী মোৰ ‘ক্ৰাছ’৷ সেই কথা মই তেওঁলৈ লিখিছোঁ৷
– পশ্চিমবংগৰ সাংসদ মহুৱা মৈত্ৰ






