সংকটৰ গৰাহত জোনাইৰ পবা বনাঞ্চল, ২ হাজাৰ হেক্টৰ ভূমি বে-দখলৰ কবলত
'আমাৰ অসম'ৰ ডিজিটেল সংবাদ, লখিমপুৰঃ ধেমাজি জিলাৰ জোনাই মহকুমাত অৱস্থিত অসম-অৰুণাচল সীমান্তৱৰ্তী ২৫৭.২৯ বৰ্গ কিলোমিটাৰ জংঘলেৰে আবৰা পবা বনাঞ্চলখন এতিয়া অস্তিত্বৰ সংকটত পৰিছে৷ সম্প্ৰতি পবা বনাঞ্চলৰ ২ হাজাৰ হেক্টৰ ভূমি বেদখলৰ কবলত পৰাৰ লগতে বনাঞ্চলখনৰ শ শ হেক্টৰ ভূমি নদীৰ খহনীয়াৰ কবলত পৰিছে৷ লক্ষণীয় কথা যে ২০২৪ চনৰ আগষ্ট মাহত তদানীন্তন বন আৰু পৰিৱেশ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে পবা বনাঞ্চলক শীঘ্ৰে ‘বন্যপ্ৰাণী অভয়াৰণ্য’ হিচাপে ঘোষণা কৰি নটিফিকেচন জাৰি কৰা হ’ব বুলি কৈছিল যদিও আজিও পবা বনাঞ্চলে বন্যপ্ৰাণী অভয়াৰণ্যৰ স্বীকৃতি লাভ নকৰিলে৷ যাৰ ফলত এতিয়া পবা বনাঞ্চলখন নিতৌ বেদখলৰ কবলত পৰিছে৷ বনাঞ্চলৰ ভূমি বেদখল কৰি একাংশ লোকে গাঁও স্থাপনেৰে ঘৰ-দুৱাৰ সজাৰ লগতে খেতি বাতি কৰি বনাঞ্চলখনৰ অস্তিত্বলৈ সংকট নমাই আনিছে৷ ২০২৪ চনত পবাক ‘বন্য প্ৰাণী অভয়াৰণ্য’ হিচাপে ঘোষণা কৰিলেও এই পৰ্যন্ত বনাঞ্চলখনে আনুষ্ঠানিক স্বীকৃতি লাভ কৰা নাই৷
উল্লেখনীয় কথা যে অতি ঘন জংঘলেৰে আৱৰা আৰু চিয়াং, লেকু, চিলে, দিবাং, লোহিত আদি নদীসমূহৰ সংগমস্থল এই পবা বনাঞ্চলখনত এতিয়াও প্ৰায় চাৰি কুৰি বন্যহস্তীয়ে বাসস্থান লৈ আছে৷ বনাঞ্চলখনত ২৫ বিধ ভিন্ন প্ৰজাতিৰ সৰীসৃপ থকাৰ লগতে ইয়াত ৪৫ বিধ বিভিন্ন প্ৰজাতিৰ চৰাই আৰু ১২ বিধ বিভিন্ন প্ৰজাতিৰ অৰ্কিডো আছে৷ কাছ, হৰিণ, গুই, লাজুকি বান্দৰ, বন গাহৰি, হৰিণ, পাওকা আদি বিভিন্ন প্ৰজাতিৰ জীৱ-জন্তু থকা এই বনাঞ্চলখনৰ জলাশয়, নদী সমূহত আছে ৩০ বিধ বিভিন্ন প্ৰজাতিৰ মাছ৷ উল্লেখনীয় কথা যে অৰুণাচলৰ দিৰিং বন্যপ্ৰাণী অভয়াৰণ্যৰ পৰা প্ৰায়ে এই পবা বনাঞ্চললৈ বন্যহস্তীয়ে অহা-যোৱা কৰে৷ বনাঞ্চলখনত বছৰি ২৫০০ মিলিমিটাৰৰ অধিক বৰষুণ হোৱাৰ বাবেই এই বনাঞ্চলখনক ৰাইজে বৰ্ষাৰণ্য হিচাপে অভিহিত কৰি আহিছে যদিও চৰকাৰী নথিত বনাঞ্চলখনে এতিয়াও বৰ্ষাৰণ্যৰ স্থান লাভ কৰা নাই৷ বনাঞ্চলখনত কেৱল বন্য জীৱজন্তুৱেই নহয় এই বনাঞ্চলৰ ভিতৰত থকা নদ-নদীসমূহত আছে চাৰি প্ৰজাতিৰ জলচৰ পক্ষী৷ এচিয়ান হৰ্ণবিল তথা ধনেশ পক্ষীৰো বসতিস্থল পবা বনাঞ্চলক শীঘ্ৰে চৰকাৰে পবা বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে স্বীকৃতি প্ৰদানৰ দাবী জনাই আহিছে স্থানীয় ৰাইজে৷ বিশেষকৈ বনাঞ্চলখনৰ ভিতৰত চলি থকা বেদখল মুক্ত কৰা, অবৈধ গছ কটা কাৰ্য বন্ধ কৰা, খহনীয়া প্ৰতিৰোধ কৰা আৰু বন্য জীৱজন্তু সমূহৰ সুৰক্ষাৰ বাবেই পবা বনাঞ্চলক বন্যপ্ৰাণী অভয়াৰণ্য স্বীকৃতি প্ৰদানৰ দাবী উত্থাপন কৰিছে বিভিন্ন প্ৰকৃতিপ্ৰেমী লোকৰ লগতে বহু দল-সংগঠনে৷






