Logo
image

ভোটাৰ তালিকাৰ ভূত

ভোটাৰ তালিকাৰ ‘ছাৰ’ [special intensive revision, SIR] অৰ্থাৎ বিশেষ বিস্তৃত সংশোধনৰ কাহিনীটো অসম আহি পালেহি৷ কংগ্ৰেছ নেতা আৰু লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে মুকলিকৈ ভোট চুৰিৰ অভিযোগ উত্থাপন কৰিছে৷ তেওঁ স্পষ্টকৈ এই ভোট চুৰিৰ ফলত বিজেপি দল লাভৱান হোৱা বুলি আৰু ভাৰতৰ নিৰ্বাচন আয়োগে এই ক্ষেত্ৰত বিজেপি দলৰ সহায়কৰ ভূমিকাত অৱতীৰ্ণ হোৱা বুলি অভিযোগ আনিছে৷ দীঘলীয়া সংবাদমেল পাতি ৰাহুল গান্ধীয়ে ভোটাৰ তালিকাত সংশোধনৰ নামত হোৱা ব্যাপক অনিয়ম আৰু খেলিমেলিৰ বিস্তৃত তথ্য প্ৰকাশ কৰিছে৷ নিৰ্বাচন আয়োগে ৰাহুল গান্ধীৰ অভিযোগ অস্বীকাৰ কৰিছে, কিন্তু তেওঁ উত্থাপন কৰা নিৰ্দিষ্ট অভিযোগসমূহ খণ্ডন কৰিব পৰা নাই৷ ৰাহুল গান্ধীৰ অভিযোগে সাধাৰণ ৰাইজৰ মনতো সন্দেহ সৃষ্টি কৰিছে৷ বিশেষজ্ঞসকলেও কৈছে– ৰাহুল গান্ধীৰ অভিযোগসমূহ গুৰুতৰ আৰু সেইসমূহৰ উচিত তদন্ত হ’ব লাগে৷ কিন্তু নিৰ্বাচন আয়োগে এই ক্ষেত্ৰত নিৰপেক্ষ ভূমিকাত অৱতীৰ্ণ হোৱা বুলি কোনো পতিয়ন যোৱা নাই৷ হাৰিয়ানা, মহাৰাষ্ট্ৰ আৰু শেহতীয়াকৈ বিহাৰৰ নিৰ্বাচনত ভোটাৰ তালিকাক লৈ নানা প্ৰশ্ন উত্থাপন হৈছে৷ ইয়াৰে কিছুমান গুৰুতৰ, যিসমূহৰ নিৰ্বাচন আয়োগে সঠিক উত্তৰ দি ৰাইজৰ সন্দেহ দূৰ কৰিব লাগিছিল৷ নিৰ্বাচন আয়োগ কিন্তু সন্দেহ দূৰ কৰাত শোচনীয়ভাৱে ব্যৰ্থ হৈছে৷

২০২৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে আশা কৰাতকৈ বহু কম আসন লাভ কৰাৰ পাছত দলটোৰ শক্তি হ্ৰাস পোৱা বুলি আৰু নৰেন্দ্ৰ মোদীৰ ভাবমূৰ্তি ম্লান পৰা বুলি এক ধাৰণা কৰা হৈছিল; কিন্তু তাৰ পাছত হাৰিয়ানা, মহাৰাষ্ট্ৰ আৰু বিহাৰৰ নিৰ্বাচনত জয়ৰ জৰিয়তে  দলটোৱে নিজৰ শক্তি প্ৰদৰ্শন কৰিছে৷ এইবাৰ অসমত নিৰ্বাচন হ’ব৷ অসমত বিজেপিয়ে একেৰাহে তৃতীয়বাৰৰ বাবে ক্ষমতা দখলৰ চেষ্টা চলাব৷ জুবিন গাৰ্গৰ মৃত্যু আৰু ন্যায়ৰ দাবী, ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবী আদিৰে অসম উত্তাল হৈ আছে৷ অসমত নিৰ্বাচনৰ বাবে ভোটাৰ তালিকা প্ৰস্তুত কৰাৰ বাবে সংশোধনীৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব বুলি নিৰ্বাচন আয়োগে ঘোষণা কৰিছে৷ ভোটাৰ তালিকা সংশোধনী এক নিৰৱচ্ছিন্ন প্ৰক্ৰিয়া৷ মৃত্যু হোৱাসকলৰ বা অসম এৰি আঁতৰি যোৱাসকলৰ নাম ভোটাৰ তালিকাৰ পৰা বাদ দিয়া, বাসস্থান সলনি কৰাৰ বাবে সমষ্টি সলনি হোৱা লোকসকলৰ নাম এঠাইৰ পৰা আন ঠাইলৈ নিয়া, নতুনকৈ ভোটাধিকাৰ লাভ কৰাসকলৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰা আদিৰ দৰে সংশোধনীৰ কাম স্বাভাৱিকভাৱে চলি থাকে৷ তেনেহ’লে সংশোধনীক লৈ ইমান সন্দেহ আৰু শংকাৰ উদ্ৰেক হৈছে কিয়? ইয়াৰ কাৰণ হ’ল– ব্যাপক হাৰত ভুৱা ভোটাৰৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হোৱা বুলি অভিযোগ উত্থাপন হৈছে৷ দেশৰ প্ৰধান বিৰোধী দল কংগ্ৰেছে মুকলিকৈ ভোটাৰ তালিকাত ভুৱা ভোটাৰ অন্তৰ্ভুক্তিৰ নিৰ্দিষ্ট তথ্য দাঙি ধৰিছে৷ কংগ্ৰেছে ইয়াক ভোট চুৰি নাম দিছে আৰু অভিযোগ উত্থাপন কৰিছে যে বিজেপিয়ে ভোট চুৰিৰ জৰিয়তে হাৰিয়ানা আৰু মহাৰাষ্ট˜ৰ নিৰ্বাচনত জয়লাভ কৰিছে৷ নিৰ্বাচন আয়োগে এই অভিযোগ অস্বীকাৰ কৰিছে৷ কিন্তু ৰাইজৰ সন্দেহ দূৰ হোৱা নাই৷ নিৰ্বাচন আয়োগ এটা স্বতন্ত্ৰ সাংবিধানিক সংস্থা৷ আয়োগে কোনো চৰকাৰৰ নিৰ্দেশ বা শ্ৰুতলিপি মতে কাম কৰিব নালাগে৷ আৰু মুক্ত আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰা ইয়াৰ প্ৰধান দায়িত্ব৷ এখন শুদ্ধ ভোটাৰ তালিকা মুক্ত আৰু নিকা নিৰ্বাচনৰ বাবে অপৰিহাৰ্য৷ কিন্তু দুৰ্ভাগ্যজনকভাৱে নিৰ্বাচন আয়োগে ক্ৰমান্বয়ে ইয়াৰ বিশ্বাসযোগ্যতা হেৰুৱাইছে আৰু এই স্বতন্ত্ৰ সাংবিধানিক সংস্থাটো চৰকাৰৰ আজ্ঞাবাহী অনুষ্ঠানত পৰিণত হোৱা বুলি ব্যাপক অভিযোগ উঠিছে৷ অসমৰ ভোটাৰ তালিকাত দুদিন আগতে অসমলৈ অহা লোকেও নাম অন্তৰ্ভুক্ত কৰিব পাৰিব বুলি প্ৰকাশ হোৱা বাতৰিয়ে তীব্ৰ সন্দেহৰ সৃষ্টি কৰিছে৷ বিৰোধী দলে, জাতীয় সংগঠনে ইয়াৰ ন্যায্যতাক লৈ প্ৰশ্ন উত্থাপন কৰিছে৷

২০২১ চনত অসমৰ মুঠ ভোটাৰ আছিল ২,২০,৪৯,৫৬৮জন৷ প্ৰতিটো সমষ্টিত কিমান ভোটাৰ আছিল সেই তথ্যও উপলব্ধ আছে৷ ২০২১ চনৰ পৰা এতিয়ালৈ জনসংখ্যা বৃদ্ধিৰ স্বাভাৱিক হাৰ অনুসৰি কিমান ভোটাৰ বৃদ্ধি হ’ব লাগে তাক সহজে নিৰ্ণয় কৰিব পাৰি৷ যদি কোনো সমষ্টিত ভোটাৰ তালিকাৰ সংশোধনৰ পাছত অস্বাভাৱিক হাৰত ভোটাৰ বৃদ্ধি হয়, তেতিয়া সি নিশ্চয় সন্দেহ উদ্ৰেক কৰিব৷ ২০২১ৰ নিৰ্বাচনত বিজেপিয়ে ৩৩.৬ আৰু কংগ্ৰেছে ৩০ শতাংশ ভোট লাভ কৰিছিল৷ বিজেপিৰ মিত্ৰ দল অগপই জ্জ্ব শতাংশ আৰু কংগ্ৰেছৰ মিত্ৰ দল ইউডিএফে ৯.৪ শতাংশ ভোট লাভ কৰিছিল৷ ভোটৰ ব্যৱধান ইমানেই কম আছিল যে মাত্ৰ ৩-৪ শতাংশ ভোট ইফাল-সিফাল হ’লেই নিৰ্বাচনৰ ফলাফল অন্যধৰণৰ হ’ব পাৰে৷ গতিকে একোটা সমষ্টিত কেইহাজাৰমান ভুৱা ভোটাৰে নিৰ্বাচনৰ ফলাফল অন্য দিশলৈ নিব পাৰে৷ নিৰ্বাচন আয়োগৰ নিৰপেক্ষতাক লৈ যি সময়ত প্ৰশ্ন উত্থাপন হৈছে, সেই সময়ত অসমত ৰাজনৈতিক দলসমূহৰ, জাতীয় সংগঠনসমূহৰ আৰু নাগৰিক সমাজৰ ভূমিকা গুৰুত্বপূৰ্ণ হ’ব৷