Logo
image

লিঅ’নেলৰ নামেৰে আম্বানিৰ সিংহ পোৱালি

নতুন দিল্লী, ১৭ ডিচেম্বৰঃ  ‘গোট ট্যুৰ’ শীৰ্ষক ভ্ৰমণসূচীৰে ভাৰতলৈ অহা ফুটবলৰ মহাতাৰকা লিঅ’নেল মেছিৰ ভ্ৰমণসূচী দিল্লীৰ অনুষ্ঠানৰ পাছতে সামৰণি পৰাৰ কথা আছিল৷ কিন্তু অন্তিম মুহূৰ্তত সূচী সলনি কৰি নিশাৰ ভিতৰতে গুজৰাটৰ জামনগৰস্থিত আম্বানি পৰিয়ালৰ ব্যক্তিগত চিৰিয়াখানা ‘বনতাৰা’লৈ উৰা মাৰে মেছিয়ে৷ ইয়াৰ বাবে বৃহৎ অংকৰ ধন ব্যয় কৰিবলগীয়া হয় আম্বানি পৰিয়ালে৷ মেছিক আপ্যায়নৰ ক্ষেত্ৰত কোনো ত্ৰুটি ৰখা নাছিল উদ্যোপতি পৰিয়ালটোৱে৷ তদুপৰি মেছিৰ বাবে পূৰ্বৰে পৰা আম্বানি পৰিয়ালে সাজু কৰি ৰাখিছিল বৃহৎ ‘ছাৰপ্ৰাইজ’৷ প্ৰায় তিনিহাজাৰ একৰ বিশাল ভূমিখণ্ডক সামৰি থকা বনতৰাত ৪৩টা প্ৰজাতিৰ ২০০০ জীৱ-জন্তু আছে৷ এছিয়াৰ বিৰল সিংহ, চিতা, অসম গৌৰৱ এশিঙীয়া গঁড়ৰ বাসস্থান এতিয়া এই বনতৰা নামৰ আম্বানি পৰিয়ালৰ চিৰিয়াখানাখন৷


উল্লেখ্য যে কলকাতা, হায়দৰাবাদ, মুম্বাই, দিল্লী ভ্ৰমণৰ পাছত মেছিয়ে দুই সতীৰ্থ লুইছ ছুয়াৰেজ আৰু ৰড্ৰিগ’ ডিপলক লৈ জামনগৰত উপস্থিত হয়৷ তাত আম্বানি পৰিয়ালৰ সদস্যসকলে মেছি আৰু দুই সতীৰ্থক উষ্ম আদৰণি জনোৱাৰ লগতে বিশেষভাৱে আপ্যায়ন কৰে৷ তেওঁলোকক বনতৰাত থকা মন্দিৰলৈও নিয়া হয়৷ তাত মেছি আৰু দুই সতীৰ্থই ৰুদ্ৰাক্ষৰ মালা পৰিধান কৰি হিন্দুৰ ৰীতি অনুসৰি পূজা-অৰ্চনাও আগবঢ়ায়৷ জানিব পৰা মতে, মেছি, লুইছ ছুয়াৰেজ আৰু ৰড্ৰিগ’ই এই সময়ছোৱাত সমগ্ৰ চিৰিয়াখানাখন পৰিদৰ্শন কৰে৷ আম্বানি পৰিয়ালে মেছিক চিৰিয়াখানাৰ জীৱ-জন্তুসকলৰ সৈতে পৰিচয়ো কৰি দিয়ে৷ ইয়াৰ মাজতে আম্বানি পুত্ৰ অনন্ত আৰু বোৱাৰী ৰাধিকাই এটা সিংহ পোৱালিৰ নাম মেছিৰ নামত ৰখাৰ সিদ্ধান্ত লয়৷ সেই অনুসৰি লগে লগে নিৰ্দিষ্ট সিংহ পোৱালিটোক লিঅ’নেল নামেৰে নামকৰণ কৰা হয়৷ ইয়াকে লৈ আপ্লুত হৈ পৰে ফুটবলৰ মহাতাৰকাজন৷ মেছিৰ বনতৰা ভ্ৰমণৰ এটা ভিডিঅ’ও প্ৰস্তুত কৰিছে আম্বানি পৰিয়ালে৷