গ’ল্ডেন আৱাৰত জুবিনৰ চিকিৎসা নহ’ল, দায়ী কোন
‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১৭ ডিচেম্বৰঃ ‘ধোপে টিকবে না’– বুলি বাংলাত এটা সহজবোধ্য বাক্য ব্যৱহাৰ হয়৷ অসমীয়াত ইয়াৰ অৰ্থ হৈছে–মুঠেই গ্ৰহণযোগ্য নহ’ব৷ বাংলাত এই বাক্যটো সাধাৰণতে কোনো অভিযোগৰ ক্ষেত্ৰত, বিশেষকৈ অভিযুক্তৰ বিৰুদ্ধে দাখিল কৰা অভিযোগ যদি যথেষ্ট শক্তিশালী নহয়, তেতিয়া ব্যৱহাৰ কৰা হয় এনেদৰে–‘আদালতে ধোপে টিকবে না৷’ অসমৰ হিয়াৰ আপোন জুবিন গাৰ্গৰ হত্যাৰ অভিযোগত অভিযুক্ত ৫ জনৰ বিৰুদ্ধে তদন্তকাৰী চি আই ডিৰ এছ আই টিয়ে অভিযোগনামাত যি ধৰণৰ অভিযোগ সন্নিৱিষ্ট কৰিছে, সেয়া দেখি একাংশ অভিজ্ঞ আইনজীৱিয়ে প্ৰায় এনেদৰেই মন্তব্য কৰিছে৷ উল্লেখ্য, জুবিন গাৰ্গৰ মৃত্যুৰ পূৰ্বৰ ভিডিঅ’ যিদৰে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল, ঠিক তেনেদৰে চি আই ডিয়ে আদালতত অভিযোগনামা দাখিলৰ ৫ দিন পাছত আজি বুধবাৰে সেই চাৰ্জশ্বীটৰ প্ৰতিলিপিও ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে৷ মুঠ ৩০৫ পৃষ্ঠাৰ এটা পিডিএফ ফাইল এতিয়া ৰাজ্যৰ প্ৰায় প্ৰত্যেকৰ হাতে হাতে, অন্ততঃ জুবিন গাৰ্গৰ অস্বাভাৱিক মৃত্যুৰ বাতৰি কৰি থকা সাংবাদিকৰ ম’বাইলত অৱশ্যেই বিদ্যমান৷ সাধাৰণ নেটিজেনৰ হাতত ঘূৰি ফুৰিছে তাৰ সংক্ষিপ্তসাৰ৷
যদিহে ভাইৰেল হৈ যোৱা এই অভিযোগনামাৰ ‘কপি’ সত্য বুলি বিশ্বাস কৰা হয় আৰু তাৰ ওপৰত ভিত্তি কৰি ৰাজ্যৰ আগশাৰীৰ একাংশ আইনজীৱিয়ে দিয়া মন্তব্যৰ সাংৰাশ শুদ্ধ বুলি ভবা হয়, তেন্তে – হয়তো কেইবাজনো অভিযুক্তৰ বিৰুদ্ধে আদালতত গ্ৰাহ্যই নহ’ব এই অভিযোগনামাৰ গৰিষ্ঠসংখ্যক অভিযোগ৷ আইনীজীৱিৰ ব্যাখ্যা– তদন্তকাৰী এছ আই টিয়ে অভিযুক্তৰ বিৰুদ্ধে যিসমূহ অভিযোগ সন্নিৱিষ্ট কৰিছে, সেইসমূহ অভিযোগ হত্যাৰ ধাৰাত [১০৩] অভিযুক্ত আচামীক দোষী সাব্যস্ত কৰিব পৰাকৈ যথেষ্ট নহ’ব৷ অভিজ্ঞ আইনজীৱিৰ মতে অভিযোগসমূহ জুবিন গাৰ্গক হত্যা কৰা বুলি প্ৰমাণ কৰিব পৰাকৈ শক্তিশালী আৰু সবল নহয়৷ এইসমূহ যুক্তিৰ জৰিয়তে অৱহেলাৰ ফলত জুবিন গাৰ্গৰ মৃত্যু হোৱা বুলি হয়তো প্ৰতীয়মান কৰা সম্ভৱ হ’ব পাৰে, কিন্তু ভাৰতীয় ন্যায় সংহিতাৰ ১০৩ নম্বৰ ধাৰা অৰ্থাৎ এটা ‘গ্ৰুপ’ৰ ভিতৰত কৰা হত্যাকাণ্ড হিচাপে আদালতত প্ৰমাণ কৰা সহজ নহ’ব৷ এই অভিযোগসমূহৰ জৰিয়তে জুবিন গাৰ্গক পূৰ্বৰে পৰা হত্যাৰ বাবে ষড়যন্ত্ৰ ৰচনা কৰা ধৰণৰহে এটা আভাষ দিয়াৰ বাবে তদন্তকাৰীয়ে প্ৰচেষ্টা কৰা বুলিও আইনজীৱিয়ে ব্যাখ্যা কৰিছে৷ তেনেক্ষেত্ৰত অভিযুক্তৰ বিৰুদ্ধে বিএনএছৰ ১০৫ ধাৰা সঠিক হ’লহেঁতেন বুলি আইনজ্ঞৰ ব্যাখ্যা৷ তদুপৰি অৱহেলাৰ ফলত মৃত্যু হ’লে অভিযোগনামাত অভিযুক্তৰ বিৰুদ্ধে বিএনএছৰ ১০৬ ধাৰা আৰু [১] উপধাৰা সঠিকভাৱে প্ৰযোজ্য হ’লেহেঁতেন বুলি আইনজীৱিয়ে ধাৰণা কৰিছে৷ অভিযোগনামাত এজনো অভিযুক্তই জুবিন গাৰ্গক পোনে পোনে হত্যা কৰা বুলি উল্লেখ নথকা বুলিয়েই একাংশ আইনজীৱিৰ প্ৰাথমিক ধাৰণা৷
অভিযোগনামাত জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক প্ৰধান আৰু ১নম্বৰ অভিযুক্তৰ স্থানত ৰখা হৈছে৷ দ্বিতীয় স্থানত আছে জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামী৷ তৃতীয় অভিযুক্ত হৈছে নৰ্থ-ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্ত, চতুৰ্থ অভিযুক্ত হৈছে জুবিন গাৰ্গৰ সহশিল্পী অমৃতপ্ৰভা মহন্ত আৰু পঞ্চম অভিযুক্ত হৈছে জুবিন গাৰ্গৰ সম্পৰ্কীয় ভাতৃ সন্দীপন গাৰ্গ৷ প্ৰসংগতঃ ইয়াৰ প্ৰথম চাৰি অভিযুক্তৰ বিৰুদ্ধে হত্যাৰ অৰ্থাৎ ১০৩ ধাৰা আৰোপ কৰিলেও সন্দীপন গাৰ্গৰ বিৰুদ্ধে ১০৫ অৰ্থাৎ অনিচ্ছাকৃত হত্যাৰ ধাৰাহে সন্নিৱিষ্ট কৰা হৈছে৷ ইয়াৰ প্ৰথম অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে অভিযোগনামাত জুবিন গাৰ্গক পোনপটীয়াকৈ হত্যা কৰা বুলি তদন্তকাৰীয়ে উল্লেখ কৰা নাই৷ বাকী তিনি অভিযুক্তৰ ক্ষেত্ৰত জুবিন গাৰ্গক পোনপটীয়াকৈ হত্যা কৰা বুলি অভিযোগনামাত উল্লেখ নাই৷
সম্প্ৰতি ভাইৰেল হৈ পৰা অভিযোগনামাখনত শ্যামকানু মহন্তৰ বিৰুদ্ধে এটা গুৰুতৰ অভিযোগ সন্নিৱিষ্ট কৰা হৈছে৷ জুবিন গাৰ্গক ছিংগাপুৰলৈ আমন্ত্ৰণ জনাই নিলেও মৃত্যুমুখত পৰাৰ সময়ত তাৎক্ষণিকভাৱে শ্যামকানু মহন্তই চিকিৎসাৰ ব্যৱস্থা নকৰাৰ অভিযোগ আৰোপ কৰা হৈছে অভিযোগনামাত৷ নৰ্থ-ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্তই জুবিন গাৰ্গ সংকটজনক অৱস্থাত থকা সত্বেও অতি গুৰুত্বপূৰ্ণ ‘গ’ল্ডেন আৱাৰ’ৰ ভিতৰত চিকিৎসাৰ ব্যৱস্থা নকৰা বুলি অভিযোগ লিপিবদ্ধ কৰা হৈছে৷ ‘গ’ল্ডেন আৱাৰ’ৰ ভিতৰত চিকিৎসা নকৰাৰ বাবেই জুবিন গাৰ্গক বচাব পৰা নহ’ল, অন্যাৰ্থত তেওঁৰ মৃত্যু হ’ল বুলি যি অভিযোগ তদন্তকাৰীয়ে কৰিছে, সেয়া জুবিন গাৰ্গৰ ন্যায় প্ৰাপ্তিৰ দিশত আৰু শ্যামকানু মহন্ত দোষী সাব্যস্ত হোৱাৰ ক্ষেত্ৰত আইনগতভাৱে অতি ‘ক্ৰুচিয়েল’ [গুৰুত্বপূৰ্ণ] হৈ পৰিব পাৰে বুলি অভিজ্ঞ আইনজীৱিৰ ব্যাখ্যা৷
অভিযোগনামাখনৰ অতি তাৎপৰ্যপূৰ্ণ বিষয় হৈছে, ৫ অভিযুক্তৰ বিৰুদ্ধে যি যি অভিযোগ কৰা হৈছে, তাৰ গৰিষ্ঠসংখ্যক অভিযোগেই জুবিন গাৰ্গক লৈ য়’টত মনোৰঞ্জন পাৰ্টী কৰা ছিংগাপুৰৰ প্ৰবাসী অসমীয়াৰ ক্ষেত্ৰতো প্ৰযোজ্য হয়৷ তথাপি য়’ট পাৰ্টীত থকা ছিংগাপুৰৰ প্ৰবাসী অসমীয়াকেইজনক কিয় অভিযুক্ত কৰা নহ’ল, তাত ৰহস্যৰ সৃষ্টি হৈছে৷ উদাহৰণ হিচাপে সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে জুবিন গাৰ্গক লাইফ জেকেট অবিহনে সাঁতুৰিবলৈ দিয়াৰ অভিযোগ লিপিবদ্ধ কৰা হৈছে৷ কিন্তু জুবিন গাৰ্গ দ্বিতীয়বাৰ সমুদ্ৰৰ পানীলৈ নামোতে তেওঁক লাইফ জেকেট খোলাত সহায় কৰি দিছিল য়’ট পাৰ্টীৰ আয়োজক ছিংগাপুৰৰ প্ৰবাসী অসমীয়া তন্ময় ফুকনে৷ জুবিন গাৰ্গৰ সাঁতোৰাব ভিডিঅ’ত সেই দৃশ্য স্পষ্টভাৱে দেখা গৈছে৷ অথচ তেওঁক চিআইডিয়ে জুবিন গাৰ্গৰ হত্যাৰ গোচৰত তন্ময় ফুকনক অভিযুক্ত নকৰিলে৷ কি শক্তিৰ জোৰত তন্ময় ফুকন চিআইডিৰ এছআইটিৰ চকুত অভিযুক্ত হোৱাৰ পৰা ৰক্ষা পৰিল, সেই উত্তৰ আৰু তাৰ গোপন ৰহস্য এতিয়াও জনা সম্ভৱ হোৱা নাই৷ আনহাতে, জুবিন গাৰ্গক ছিংগাপুৰত নিচাগ্ৰস্ত কৰাৰ অভিযোগত অভিযুক্ত কৰা হৈছে সিদ্ধাৰ্থ শৰ্মাক, জুবিন গাৰ্গক দুটা নিশা অত্যধিক মদ্যপান কৰিবলৈ দিয়াৰ অভিযোগত অভিযুক্ত কৰা হৈছে অমৃতপ্ৰভা মহন্তক আৰু ছিংগাপুৰত হুইস্কিৰ বটল যোগান ধৰাৰ অভিযোগত অভিযুক্ত কৰা হৈছে শ্যামকানু মহন্তক৷ কিন্তু ছিংগাপুৰৰ প্ৰবাসী অসমীয়াৰ এটা দলে ১৮ ছেপ্টেম্বৰৰ নিশা জুবিন গাৰ্গৰ সৈতে হোটেলত সুৰাৰ পাৰ্টী কৰিছিল, য়’টত লৈ গৈ তেওঁলোকেই জুবিন গাৰ্গক আকণ্ঠ সুৰাপান কৰোৱাইছিল৷ ভাইৰেল হোৱা ভিডিঅ’ত সেয়া সমগ্ৰ জগতে দেখিছে, বিভিন্ন সাক্ষাৎকাৰত ছিংগাপুৰ অসম এছ’চিয়েশ্বনৰ সভাপতি অভিমন্যু তালুকদাৰে জুবিন গাৰ্গে য়’টত সুৰাপান কৰা বুলি কৈছে৷ সমগ্ৰ বিশ্বই সেই সুৰাপানৰ বিষয়ে জানিলেও সেয়া কোনো ৰহস্যজনক কাৰণত তদন্তকাৰী এছআইটিৰ দৃষ্টিগোচৰ নহ’ল, তেওঁলোক এজনো এই অভিযোগনামাত অভিযুক্ত নহ’ল৷ তদুপৰি পানীত বুৰ যাবলৈ ধৰা জুবিন গাৰ্গক পানীত জঁপিয়াই পৰি যথাসময়ত উদ্ধাৰ নকৰাৰ বাবে শেখৰজ্যোতি গোস্বামী আৰু সন্দীপন গাৰ্গক অভিযুক্ত কৰা হৈছে, অমৃতপ্ৰভাই ডুব যাবলৈ ধৰা জুবিন গাৰ্গৰ ভিডিঅ’ ৰেকৰ্ডিং কৰি থাকি য়’টৰ কেপ্টেইনক ব্যৱস্থা ল’বলৈ অৱগত নকৰা বুলি অভিযুক্ত কৰা হৈছে৷ একেই অভিযোগ য়’টত থকা ছিংগাপুৰৰ প্ৰবাসী অসমীয়াৰ ক্ষেত্ৰতো প্ৰযোজ্য হয়৷ পৰিচিত পৰিৱেশত তেওঁলোকহে পানীত জঁপিয়াই পৰিব লাগিছিল৷ নিজে বন্দোবস্ত কৰা য়’টৰ কেপ্টেইনক তেওঁলোকেহে আগতে অৱগত কৰিব লাগিছিল৷ অথচ তদন্তকাৰী এছআইটিয়ে তেওঁলোকক অভিযুক্ত কৰাৰ পৰা বিৰত থাকিল৷ একেই যুক্তি খাটে জুবিন গাৰ্গৰ চিকিৎসাৰ ‘গল্ডেন আৱাৰ’ৰ ক্ষেত্ৰত৷ একেলগে য়’টত থকা, য়’ট বন্দোবস্ত কৰা, নিজৰ চিনাকি পৰিৱেশ-পৰিস্থিতিত, ছিংগাপুৰৰ ম’বাইল নেটৱৰ্ক ব্যৱহাৰ কৰা, আৰক্ষী-ইমাৰ্জেন্সি চিকিৎসাৰ ফোন নম্বৰ জনা উচ্চশিক্ষিত, উচ্চ পদবীত থকা ছিংগাপুৰৰ প্ৰবাসী অসমীয়া কিয় জুবিন গাৰ্গৰ চিকিৎসাৰ ‘গ’ল্ডেন আৱাৰ’ নষ্ট কৰা দোষত দোষী নহ’ব, আনকি কিয় অভিযুক্তও নহ’ব সেই প্ৰশ্নৰ উত্তৰ অভিযোগনামাত নাই৷ সেয়ে এতিয়া ডাঙৰ প্ৰশ্ন উঠিছে– ছিংগাপুৰৰ প্ৰবাসী অসমীয়াক কোনে ৰক্ষণাবেক্ষণ দিছে? কি স্বাৰ্থত ৰক্ষণাবেক্ষণ দিছে? অভিযোগনামাৰ ভাইৰেল ‘কপি’ দেখি সমগ্ৰ ৰাজ্যত সেইপ্ৰশ্ন ক্ৰমে বৃহৎৰ পৰা বৃহৎতৰ হৈ আহিছে৷






