‘নতুনত্বৰে উত্তৰণ নঘটালে সাহিত্য হাৰি যাব প্ৰযুক্তিৰ ওচৰত’
‘আমাৰ অসম’ৰ মহানগৰ সংবাদ, ২৭ ডিচেম্বৰঃ ‘বয়সে সাহিত্যক উত্তীৰ্ণ নকৰে– কৰে প্ৰতিভা আৰু সাধনাই৷ পুৰস্কাৰ বা স্বীকৃতিয়ে উৎসাহ দিব পাৰে সঁচা, কিন্তু নিজৰ উত্তৰণ নিজে ঘটাবই লাগিব৷ এয়া সম্ভৱ হয় সততাপূৰ্ণ সাধনা, অধ্যয়ন আৰু পৰ্যবেক্ষণৰ জৰিয়তে৷’ –এই ভাষ্য ‘আমাৰ অসম’ৰ মুখ্য সম্পাদক তথা সাহিত্য অকাদেমি বঁটাপ্ৰাপক বিশিষ্ট গল্পকাৰ মনোজ কুমাৰ গোস্বামীৰ৷ গুৱাহাটীৰ খানাপাৰাস্থিত অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যৌথভাৱে আয়োজন কৰা অসম গ্ৰন্থমেলাৰ জুবিন গাৰ্গ সোঁৱৰণী প্ৰেক্ষাগৃহত শনিবাৰে দুপৰীয়া অনুষ্ঠিত ‘উন্মীলন’ শীৰ্ষক যুৱ লেখক সন্মিলন উদ্বোধন কৰি বিশিষ্ট সাংবাদিক তথা কথাশিল্পীগৰাকীয়ে এইদৰে কয়৷ ভাষণ প্ৰসংগত মনোজ কুমাৰ গোস্বামীয়ে কয়– ‘বিশ্ব প্ৰসিদ্ধ কবি জন কীট্ছে ২৫ বছৰ বয়সত আৰু শ্বেলীয়ে ২৯ বছৰ বয়সত মৃত্যুবৰণ কৰিছিল৷ অসমীয়া সাহিত্য-সংস্কৃতিৰ ক্ষেত্ৰখনতো এনে উদাহৰণ আছে৷ বহুতে ভাষা-সাহিত্যৰ ভৱিষ্যতক লৈ সন্দেহ প্ৰকাশ কৰাৰ সময়তো নতুন প্ৰজন্মৰ এচামে লিখি আছে৷ এয়াই আমাৰ বাবে আস্থাৰ কাৰণ৷ আজিকালি গুগলেই শিক্ষক, গুগলেই জ্ঞান ভাণ্ডাৰ৷ প্ৰযুক্তিৰ ওচৰত হাৰি গ’লে নহ’ব৷ নতুনত্ব থাকিব লাগিব সৃষ্টিতো, সমালোচনাতো৷ নহ’লে সাহিত্যৰ উত্তৰণ নঘটিব৷ প্ৰতিষ্ঠিত বা জ্যেষ্ঠসকলেও নতুনসকলক আকৰ্ষণ কৰিব লাগিব– নতুন চিন্তাৰে৷ ভাৰতবৰ্ষ আৰ্যভট্ট, কালিদাস, ৰবীন্দ্ৰনাথৰ দেশ৷ কিন্তু এতিয়া ভাৰতবৰ্ষত সৃজনশীলতা নোহোৱা হৈছে বুলি অভিযোগ উত্থাপিত হয়৷ ইয়াৰ কাৰণ কি, সেয়া ভাবি উলিয়াবৰ হ’ল৷ নিজস্ব চিন্তা, নিজস্ব কলা নাথাকিলে পৰিচয় ক’ত? ভাৰতত সৃষ্টিশীল সাহিত্যৰ বজাৰ বেয়া হোৱা বুলি চৰ্চা চলিছে৷ সাহিত্য মূলতঃ এক পণ্য৷ গতিকে বজাৰো লাগিব৷ ইয়াৰ বাবে আমি নিজকে উত্তৰিত কৰিব লাগিব৷ অন্যথা প্ৰযুক্তিৰ ওচৰত হাৰি যাব লাগিব৷ নতুনত্বৰে উত্তৰণ নঘটালে প্ৰযুক্তিৰ ওচৰত সাহিত্য হাৰি যাব৷ অসমীয়া ভাষাৰ তুলনাত বহু কম মানুহৰ মাজত প্ৰচলিত ভাষাৰ সাহিত্যও নোবেল বঁটাৰে ধন্য হৈছে৷ গতিকে অসমীয়া সাহিত্যকো সেই পৰ্যায়লৈ নিবৰ বাবে যুৱ লেখকসকল দায়ৱদ্ধ হ’ব লাগিব৷’ মনোজ্ঞ অনুষ্ঠানটিত নিৰ্দিষ্ট বক্তাৰূপে উপস্থিত থকা জৰ্জিয়া বিশ্ববিদ্যালয়ৰ অধ্যাপক, জনপ্ৰিয় অনুবাদক-ঔপন্যাসিক আৰুণি কাশ্যপে কয়– ‘ভালপোৱা কামবোৰ নিৰ্বিঘ্নে কৰিব পৰাৰ স্বাধীনতা লাগে৷ অৰ্থাৎ চিন্তা-চৰ্চাৰ স্বাধীনতা থকাটো জৰুৰী৷ তেতিয়াহে নতুনসকলে নিজক সাফল্যমণ্ডিত কৰিব পাৰিব৷ সৃষ্টিৰ আধাৰ হ’ল চিন্তা; বিশেষকৈ নতুন ধ্যান-ধাৰণা৷ এই ধ্যান-ধাৰণাক আদৰিও ল’ব পাৰিব লাগিব৷ নতুন লেখকসকলক আগবঢ়াই নিয়াত সম্পাদকসকলৰ দায়িত্ব আছে৷ নিৰ্মোহ আৰু দায়িত্বশীল সমালোচনাৰো প্ৰয়োজন আছে৷ তেতিয়াহে আঁসোৱাহ বা অসম্পূৰ্ণতাৰ বিষয়ে লেখক অৱগত হ’ব পাৰে৷ পৰৱৰ্তী সৃষ্টি উন্নত মানৰ কৰাৰ বাবে এয়া জৰুৰী৷ তদুপৰি লেখাৰ জৰিয়তে সম্পাদক আৰু প্ৰকাশকৰ মনো লেখকে পুলকিত কৰিব পাৰিব লাগিব৷ এই দায়িত্ব কিন্তু লেখকসকলৰ৷ বিশেষকৈ যুৱ লেখকসকলে এই কথা সদায় মনত ৰাখিব লাগিব৷’ অনুষ্ঠানত অংশগ্ৰহণ কৰি এইবাৰ অসম প্ৰকাশন পৰিষদ সাহিত্য বঁটা লাভ কৰা ঔপন্যাসিক ড॰ দীপক কুমাৰ বৰকাকতীয়ে যুৱ লেখকসকলক উদ্দেশি শুভেচ্ছামূলক বক্তব্য আগবঢ়াই কয়– ‘গ্ৰন্থ ৰচনা কৰাটো এটা কলা৷ এয়া সাধনাৰ জৰিয়তে আয়ত্ত কৰিব পাৰি৷’ কবি-লেখক নৱজ্যোতি পাঠক আৰু ঔপন্যাসিক-গল্পকাৰ গীতালি বৰাই পৰিচালনা কৰা অসম গ্ৰন্থমেলাৰ আকৰ্ষণীয় অনুষ্ঠান ‘উন্মীলন’ত অংশগ্ৰহণ কৰে পৰিণীতা দেৱী, অবিনাশ বৰা, বিকাশ শৰ্মা, ৰাজেন দাস, মধুশ্ৰী সাউদ, ড॰ গৌৰাংগ বৰা, শিৱানী বৰা, বিশালদ্বীপ কাকতি, ড॰ ৰেবত মহন্ত, সঞ্জীৱ কলিতা, লুইত কিৰণ দাস, অনুভূতি গায়ন, প্ৰিয়ম ডি জোৎস্না, স্তুতি বন্দনা বৰকাকতী, কৃপাৰেখা গগৈ, ভাস্কৰজ্যোতি বৰা, ড॰ পৰেশ খনিকৰ, ড॰ মৃণাল দাস, ড॰ দীপজ্যোতি শৰ্মা, অৰ্হনা শইকীয়া, খনীন্দ্ৰ ভূষণ মহন্ত, কৌশিকী গোস্বামী, প্ৰজ্ঞা পূজাৰী, শিল্পীকা ৰাজগুৰু, পুলেন ৰাজ ডেকা, মুনমী ভট্টাচাৰ্য, বৰষা বৰাই৷ উল্লেখ্য, গুৱাহাটীৰ খানাপাৰাত চলি থকা অসম গ্ৰন্থমেলাত ক্ৰমান্বয়ে বৃদ্ধি পাইছে ক্ৰেতা-পঢ়ুৱৈৰ সমাগম৷ শীতৰ ঋতুত কিতাপৰ সুবাস-সান্নিধ্যই উমাল কৰি তোলা গ্ৰন্থমেলাৰ বাকৰিত প্ৰতিদিনে পৰিলক্ষিত হৈছে লেখক-পাঠকৰ ভিন্নসুৰী আড্ডা-অনুষ্ঠান৷ ৰাজ্য চৰকাৰে ঘোষণা কৰা ‘গ্ৰন্থ-বৰ্ষ’ৰে সংগতি ৰাখি অসমৰ জ্জখন চহৰত সফলতাৰে অসম গ্ৰন্থমেলা আয়োজনৰ পাছত ২৪ ডিচেম্বৰৰ পৰা গুৱাহাটীত এলানি বৰ্ণিল কাৰ্যসূচীৰে এই গ্ৰন্থমেলা অনুষ্ঠিত হৈছে৷
বিশিষ্ট কবি অজিৎ বৰুৱালৈ জন্ম শতবৰ্ষৰ শ্ৰদ্ধাৰ্ঘ্য
বিশিষ্ট কবি অজিৎ বৰুৱালৈ শনিবাৰে জন্ম শতবৰ্ষৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় অসম গ্ৰন্থমেলাৰ বাকৰিত৷ তদুপলক্ষে গ্ৰন্থমেলা প্ৰাংগণত জুবিন গাৰ্গ সোঁৱৰণী অস্থায়ী প্ৰেক্ষাগৃহত আয়োজন কৰা হয় ‘আধুনিকতাবাদ আৰু কবি অজিৎ বৰুৱা’ শীৰ্ষক এখন মনোজ্ঞ আলোচনা সত্ৰ৷ আলোচনা সত্ৰখন সঞ্চালনা কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক, বিশিষ্ট সাহিত্য-সমালোচক ড॰ আনন্দ বৰমুদৈয়ে৷ ভাষণ প্ৰসংগত তেওঁ কয় যে কবিতা স্বতঃস্ফূৰ্ত আৱেগৰ প্ৰকাশ নহয়, বৰঞ্চ এয়া আৱেগৰ পৰা পৰিত্ৰাণ––আধুনিকতাবাদে এইদৰে কবিতাৰ এটা নতুন সংজ্ঞা প্ৰতিষ্ঠা কৰিছিল৷ অজিত বৰুৱাই অসমীয়া ভাষাত সম্পৰীক্ষাৰে আধুনিকতাবাদী কবিতাৰ সংজ্ঞাক সাৰ্থক কৰিছিল৷ চিন্তাক তেওঁ সাহিত্যলৈ যে উত্তৰিত কৰিছিল সেই কথা সমালোচক সকলে জানে৷ বিশেষকৈ অসমীয়া কবিতাক তেওঁ এটা নতুন নিৰ্মিতি দিছিল৷ সেই সময়ছোৱা অৱশ্যেই আধুনিকতাবাদৰ সময়৷ অনি(য়তাৰে আৱৰি থকা আধুনিক জীৱনবোধ আৰু সমাজ চেতনাৰ ৰূপ কি সেয়া অজিত বৰুৱাই কবিতাত চিত্ৰিত কৰিছে৷ একাগ্ৰ বৌদ্ধিক অনুশীলন, অধ্যয়ন আৰু সূক্ষ্ম পৰ্যৱেক্ষণেৰে পূৰঠ আধুনিক কবিতা ৰচনা কৰি অসমীয়া আধুনিক কবিতাক শক্তিশালী কৰিছিল তেওঁ৷ ইয়াত আলোচক হিচাপে অংশ লয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক, লেখক-সমালোচক ড॰ বিভাস চৌধুৰীয়ে৷ তেওঁ কয় যে অজিত বৰুৱা নাথাকিলে আমি হয়তো আধুনিকতাবাদ বুজিব নোৱাৰিলোহেঁতেন৷ আধুনিক অসমীয়া কবিতা বুলিলে নীলমণি ফুকন, নৱকান্ত বৰুৱাৰ নাম ল’বই লাগিব৷ কিন্তু অজিত বৰুৱাই পৃথকে আধুনিক অসমীয়া কবিতা প্ৰতিষ্ঠা কৰিলে৷ তেওঁ ফৰাছী, ইংৰাজী আধুনিক মনস্তত্ত্বক অসমীয়া ভাষাৰ পোচাক পিন্ধাই অসমীয়া পাঠকক আধুনিকতাবাদেৰে সমৃদ্ধ কৰিব পাৰিছিল৷ আন এগৰাকী আলোচক, কবি-লেখক, কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড॰ প্ৰাণজিৎ বৰাই বিষয় প্ৰসংগত কয় যে কবি- সমালোচক আৰু সূত্ৰকাৰ এই তিনিওটাৰ সমাহাৰ আছিল অজিত বৰুৱা৷ অসমীয়া সাহিত্যৰ বাবে এয়া বিৰল প্ৰাপ্তি আছিল৷ কবিতাৰ মাজেৰে ভাষিক সম্পৰীক্ষা কৰিছিল অজিত বৰুৱাই৷ ইংৰাজী সাহিত্যলৈ আধুনিকতাবাদ আহিছিল ফৰাছী মূলৰ পৰা৷ অজিত বৰুৱাই ফৰাছীৰ পৰা প্ৰত্যক্ষভাৱে এয়া আহৰণ কৰিব পাৰিছিল৷ ‘জেংৰাই ১৯৬৩’ ইয়াৰ উৎকৃষ্ট উদাহৰণ৷ আধুনিকতাবাদে সদায় অনি(য়তাৰ কথা কৈ আহিছে৷ অজিত বৰুৱাই কিন্তু হৃদয় সংবেদি নোহোৱাকৈ আধুনিক কবিতা ৰচনা কৰা নাই৷ সেয়ে তেওঁক কাব্য শিল্পী বুলি অভিহিত কৰিব পাৰি৷ একেদৰে আলোচক, কবি-অনুবাদক, ছয়দুৱাৰ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহযোগী অধ্যাপক ড॰ অৰিন্দম শৰ্মাই এই বিষয়ে কয় যে অজিত বৰুৱা কবি হোৱাৰ সমান্তৰালকৈ এগৰাকী যশস্বী অনুবাদক৷ ফৰাছী ভাষা শিকি প্ৰত্যক্ষভাৱে তেওঁ অনুবাদ কৰিছিল৷ তেওঁৰ এই অনুবাদ কৰ্মক পাশ্বৰ্কৰ্ম বুলি ক’ব নোৱাৰি৷ তেওঁ এলিয়টক অসমীয়া পাঠকৰ সন্মুখলৈ তুলি আনিছে৷ ‘ৱেষ্টলেণ্ড’ অজিত বৰুৱাৰ অনুবাদৰ এটি শ্ৰেষ্ঠ উদাহৰণ৷ অনুবাদে তেওঁৰ আধুনিকতাবাদী কাব্য নিৰ্মাণক সুদৃঢ় কৰিছে৷ কিন্তু অজিত বৰুৱাৰ আধুনিকতাবাদ কেৱল নগৰকেন্দ্ৰিক নহয়৷ গ্ৰাম্য জীৱনকো তেওঁ আধুনিকতাবাদী দৃষ্টিভংগীৰে কবিতালৈ তুলি আনিছে৷ লোকভাষাৰ ব্যৱহাৰেৰে অসমীয়া আধুনিক কবিতাক তেওঁ যুগজয়ী কৰিছে৷ ইয়াৰ পাছতে প্ৰবোধ দাসৰ পৰিচালনাৰে অসম গ্ৰন্থমেলা, গুৱাহাটীৰ চতুৰ্থ দিনৰ সাংস্কৃতিক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে ৱেষ্ট পইণ্ট হাইস্কুল, গণেশপাৰা, গীতানগৰ মহাবিদ্যালয় আৰু গুৱাহাটী মহাবিদ্যালয়ে৷
অসম গ্ৰন্থমেলাত ‘অসমীয়া সাহিত্য বীক্ষা’ উন্মোচন
‘আমাৰ অসম’ৰ মহানগৰ সংবাদঃ অসম গ্ৰন্থমেলাৰ ড॰ বসন্ত কুমাৰ ভট্টাচাৰ্য সভাগৃহত শনিবাৰে ধমধমা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰবক্তা ড॰ দিগন্ত ৰাজবংশীৰ ‘অসমীয়া সাহিত্য বীক্ষা’ নামৰ গ্ৰন্থখন উন্মোচন কৰা হয়৷ বিশিষ্ট সাহিত্যিক নিৱন্ধকাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড॰ দিলীপ বৰা বিশিষ্ট অনুবাদ সাহিত্যিক বিপুল দেউৰী অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই গ্ৰন্থখন উন্মোচন কৰে৷ পথাৰ পাব্লিচাৰ্ছৰ উপদেষ্টা অসম সাংস্কৃতিক মহাসভাৰ সভাপতি পবিত্ৰ কুমাৰ শৰ্মাই আঁত ধৰা গ্ৰন্থ উন্মোচনী অনুষ্ঠানত ড॰ দিলীপ বৰাই কয় যে মনৰ পৰা জাতি ভাষা সংস্কৃতিক ভাল পোৱা মানুহৰ সংখ্যা কম৷ হঠাৎ জাতিপ্ৰেমী হৈ উঠা মানুহ বহু পাব৷ আজিৰ তাৰিখত এজন প্ৰকাশকে ২০০ কপিৰ ওপৰত গ্ৰন্থ প্ৰকাশ কৰিব নোৱাৰা অৱস্থা হৈছে৷ নিৱন্ধকাৰ বিপুল দেউৰীয়ে তেওঁৰ ভাষণত কয় গ্ৰন্থমেলাৰ দৰে আয়োজনে প্ৰকাশক গ্ৰন্থানুৰাগীক উৎসাহিত কৰি আহিছে৷ পথাৰ পাব্লিচাৰ্ছৰ হৈ অতিথি সকলক আদৰণি জনায় মহীধৰ কলিতাই৷ গ্ৰন্থখন প্ৰকাশৰ পিছতেই অসমীয়া সাহিত্য বীক্ষাই বিশেষ সমাদৰ লাভ কৰে বুলি পথাৰ পাব্লিচাৰ্ছৰ হৈ বিজয় চৌধুৰীয়ে জানিবলৈ দিয়ে৷






