অষ্ট্ৰেলিয়াত ‘টীনএজাৰ’ৰ বাবে ছ’চিয়েল মিডিয়া নিষিদ্ধ, অনুৰূপ পৰামৰ্শ ভাৰতৰ ন্যায়ালয়ৰো
‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২৭ ডিচেম্বৰঃ বিশ্বৰ প্ৰথমখন দেশ হিচাপে অষ্টে˜লিয়াত ১৬ বছৰৰ অনূধবৰ্ কিশোৰ-কিশোৰীৰ ছ’চিয়েল মিডিয়া একাউণ্ট নিষিদ্ধ কৰাৰ পাছত মাদ্ৰাজ উচ্চ ন্যায়ালয়ে মোদী চৰকাৰক অনুৰূপ পদক্ষেপ ল’বলৈ আহ্বান জনাইছে৷ মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ জি জয়চন্দ্ৰন আৰু কে কে ৰামকৃষ্ণনৰ খণ্ড বিচাৰপীঠে এক জনস্বাৰ্থজড়িত গোচৰৰ শুনানিত পৰ্যবেক্ষণ আগবঢ়াই কয়, শিশু অধিকাৰ আয়োগে ‘শিশু অধিকাৰ সুৰক্ষা ৰাষ্ট্ৰীয় আইন ২০০৫’ৰ অধীনত দায়িত্ব পালন নকৰাটো চৰম উদ্বেগৰ বিষয়৷ খণ্ড বিচাৰপীঠে এই সন্দৰ্ভত আগবঢ়োৱা পৰ্যবেক্ষণত কেন্দ্ৰীয় চৰকাৰক উদ্দেশ্যি কয়, অষ্ট্ৰেলিয়াৰ দৰে ভাৰততো ১৬ বছৰৰ অনূধবৰ্ৰ বাবে ছ’চিয়েল মিডিয়াৰ ব্যৱহাৰ নিষিদ্ধ কৰা প্ৰয়োজন৷ বিজয়কুমাৰ নামৰ এজন সমাজকৰ্মীয়ে ভাৰত চৰকাৰক এনেধৰণৰ নিৰ্দেশ জাৰি কৰাৰ বাবে জনস্বাৰ্থজড়িত গোচৰ তৰিছিল৷ তেওঁ দাবী কৰিছিল, ছ’চিয়েল মিডিয়াৰ জৰিয়তে শিশু-কিশোৰৰ হাতলৈ পৰ্ণগ্ৰাফিক কণ্টেণ্ট আহি পৰিছে৷
এনে সহজলভ্য পৰ্ণগ্ৰাফিক উপাদান শিশু-কিশোৰৰ হাতলৈ যোৱাৰ পৰা বন্ধ কৰাৰ উপায় হৈছে কমবয়সীয়া ল’ৰা-ছোৱালীৰ বাবে ছ’চিয়েল মিডিয়া নিষিদ্ধ কৰা৷ ন্যায়াধীশ জে জয়চন্দ্ৰন আৰু কে কে ৰামকৃষ্ণনৰ খণ্ড বিচাৰপীঠে এই যুক্তিক সমৰ্থন জনায় আৰু নিজৰ পৰ্যবেক্ষণত ভাৰত চৰকাৰক ১৬ বছৰৰ অনূধবৰ্ৰ বাবে ছ’চিয়েল মিডিয়া নিষিদ্ধ কৰিবলৈ আহ্বান জনায়৷ তেনে আইন বলৱৎ নোহোৱা পৰ্যন্ত কতৃৰ্পক্ষক হাত সাবতি বহি নাথাকিবলৈকো আহ্বান জনাই খণ্ড বিচাৰপীঠে কয় যে, পৰ্ণগ্ৰাফিক কণ্টেণ্টৰ পৰা শিশু-কিশোৰক দূৰত ৰখাৰ বাবে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় শিশু সুৰক্ষা আয়োগে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিব লাগে৷
উল্লেখ্য, ১০ ডিচেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ অষ্ট্ৰেলিয়াত ১৬ বছৰৰ অনূধবৰ্ৰ বাবে ফেচবুক, টিকটক, ইউটিউব ইত্যাদি সকলো ধৰণৰ ছ’চিয়েল মিডিয়া নিষিদ্ধ কৰা হৈছে৷ এই আইন উলংঘা কৰিলে সংশ্লিষ্ট কোম্পানীৰ বিৰুদ্ধে ৪৯.৫ নিযুত অষ্ট্ৰেলিয়ান ডলাৰ জৰিমনা কৰা হ’ব৷ নতুন এই আইনৰ ফলত দেশখনত কেইবা নিযুত ছ’চিয়েল মিডিয়া একাউণ্ট বন্ধ হৈ গৈছে৷ অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এন্থনী এবানীজে কৈছে, এই নতুন আইনে শিশু-কিশোৰক সঠিক পথলৈ আনি সমাজত ইতিবাচক পৰিৱৰ্তন সাধন কৰিব৷






