হঠাৎ গৌৰৱৰ ১০০ সমষ্টিৰ ‘বোমা’, বিৰোধী ঐক্যত হাহাকাৰ
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৮ ডিচেম্বৰঃ ‘কংগ্ৰেছ আৰু আন বিৰোধী দলৰ মাজত আসন ভাগ-বটোৱাৰাকলৈ চৰ্চা চলি থকাৰ মাজতে আজি প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে হঠাৎ ঘোষণা কৰিলে যে কংগ্ৰেছে অকলে ১০০ প্লাচ আসনত নিৰ্বাচন খেলিব, বাকীখিনি আসন আন বিৰোধী দলৰ মাজত আলাপ আলোচনাৰে ভগাই দিয়া হ’ব৷’– তেজপুৰৰ জয়মতী পথাৰত আজি ভাৰতীয় জাতীয় কংগ্ৰেছৰ ১৪১ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ সভাত ভাষণ দি প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে এই বৃহৎ ঘোষণা কৰাৰ লগতে কয়– এ আই ইউ ডি এফৰ লগত কংগ্ৰেছৰ কোনো মিত্ৰতা নহয়৷ কিন্তু আন বিৰোধী দলৰে মিত্ৰতাৰ সম্ভাৱনা ১০০ শতাংশ নিশ্চিত৷ আসন ভাগ বাটোৱাৰা সন্দৰ্ভত গৌৰৱ গগৈৰ সম্পূৰ্ণ ভাষ্য এনে ধৰণৰ–‘আমাৰ ইতিমধ্যে সিদ্ধান্ত হৈছে যে এশখন আসনৰ ওপৰত কংগ্ৰেছ দলে প্ৰতিদ্বন্দ্বিতা কৰিব আৰু বাকীখিনি আসন আন বিৰোধী দলক আলাপ আলোচনাৰ মাজেৰে ভগাই দিম৷ ১০০ ৰ ওপৰত আসনত কংগ্ৰেছ দলে নিজেই প্ৰতিদ্বন্দ্বিতা কৰিব৷’ উল্লেখ্য যে বিগত ১২ নৱেম্বৰত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ উদ্যোগত অসম বিধানসভাৰ কংগ্ৰেছ বিধায়িনী দলৰ সভাকক্ষত অনুষ্ঠিত হৈছিল বিৰোধী দল সমূহৰ বৈঠক৷ উক্ত বৈঠকতে কংগ্ৰেছৰ নেতৃত্বত বিৰোধী দলসমূহে ২০২৬ ৰ নিৰ্বাচনত ঐক্যৱদ্ধভাৱে প্ৰতিদ্বন্দ্বিতা কৰিব বুলি সিদ্ধান্ত গ্ৰহণ কৰিছিল৷ লক্ষণীয়ভাৱে উক্ত বৈঠকৰ পাছত অনুষ্ঠিত হোৱা নাই বিৰোধী ঐক্যৰ বৈঠক৷ ১২ নৱেম্বৰৰ বৈঠকৰ পাছতে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ, অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে শীঘ্ৰে আসন ভাগ বটোৱাৰাৰ কথা প্ৰকাশ কৰিছিল, দুয়োগৰাকী নেতাৰ কথালৈ সমৰ্থন জনাইছিল বিধানসভাৰ বিৰোধী দলপতি দেবব্ৰত শইকীয়াই৷ কিন্তু ইয়াৰ পাছতো এই প্ৰসংগত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাছিল গৌৰৱ গগৈয়ে৷ কিন্তু দেওবাৰে হঠাৎ প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ঘোষণা কৰিলে কংগ্ৰেছে ১০০ ৰ অধিক সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব৷ আন আসনসমূহ মিত্ৰ দলৰ মাজত বিতৰণ কৰা হ’ব৷ মন কৰিবলগীয়া কথা যে শনিবাৰে সন্ধিয়া লখিমপুৰৰ আৱৰ্ত ভৱনত প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাৰ সৈতে এক দীঘলীয়া আলোচনাত মিলিত হৈছিল ৰাইজৰ দলৰ সভাপতি অখিল গগৈ, নাওবৈচাত তেওঁ নিজাকৈ প্ৰাৰ্থী ঘোষণা কৰি আহি ভূপেন বৰাৰে আলোচনাত বহিছিল৷ এই আলোচনাৰ পাছতে অখিল গগৈয়ে দাবী কৰিছিল যে–‘যিমানবিলাক আমাৰ মাজত আসোঁৱাহ আছিল পুৰা নাইকীয়া হৈ গ’ল, আজিৰ দিনটোৰ পৰাই ক’ব পাৰো যে এলায়েন্স হৈ গ’ল৷ আজি ৰাতিপুৱা আৰু কালি মই দেৱব্ৰত শইকীয়া দাৰ লগতো কথা পাতিছো৷ দেৱব্ৰত দাই মোক কৈছে–প্ৰাৰ্থীৰ লিষ্ট দে, শেষ কৰো আমি কাম৷ জানুৱাৰী মাহৰ অতি প্ৰথম ভাগতে আপোনালোকে এটা খুব ভাল খবৰ পাব৷’ অখিল গগৈৰ এই মন্তব্যৰ পাছতে আজি গৌৰৱ গগৈয়ে কংগ্ৰেছে নিজাকৈ প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ওলোৱা আসনৰ কথা ঘোষণা কৰে৷ কিন্তু এইখিনিতে প্ৰশ্ন উত্থাপন হৈছে–১০০ প্লাচ সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব পৰাকৈ কংগ্ৰেছৰ শক্তি আছেনে৷ আছেনে বিৰোধী দলটোৰ সাংগঠনিক ভেটি৷ কাৰণ কংগ্ৰেছে বৰ্তমানেও গঠন কৰি আছে বুথ সমিতি৷ তদুপৰি আসন ভাগ বাটোৱাৰাকলৈ আন বিৰোধী দলৰ সৈতে বৈঠক অনুষ্ঠিত নকৰাকৈ কংগ্ৰেছে লোৱা সিদ্ধান্ত একপক্ষীয় বুলিও চৰ্চা হৈছে৷ গৌৰৱ গগৈয়ে কৈছে এশখন আসনৰ ওপৰত কংগ্ৰেছে প্ৰতিদ্বন্দ্বিতা কৰিব৷ এশখনৰ ওপৰ মানে ১০১/১০৫ অথবা ১১০ খনো হ’ব পাৰে৷ অৰ্থাৎ ১৫/২০ খন আসনহে বিৰোধী মিত্ৰজোঁটৰ বাবে থাকিব৷ কংগ্ৰেছে নিজৰ বাবে সুচল আসন বাচিবলৈ বিৰোধীক জয়ৰ সম্ভাৱনা নথকা আসন এৰি দিব নেকি ইয়াকলৈও চৰ্চা হৈছে৷ কাজেই গৌৰৱ গগৈৰ আসন বোমক এক প্ৰকাৰে বিৰোধীয়ে আদৰণি জনাইয়ো বিপাঙত পৰিছে৷ বিৰোধী ঐক্যত লাগিছে হাহাকাৰ৷ গৌৰৱ গগৈৰ ঘোষণাকলৈ প্ৰতিক্ৰিয়া বিচৰা হৈছিল যদিও জন্ম দিনৰ দোহাই ৰাজনৈতিক কথা নকওঁ বুলি বিষয়টো এৰাই চলিছে অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে৷ ইফালে সাংসদ অজিত কুমাৰ ভূঞাই কয়–‘আসনৰ বিষয়টো পিছত আলোচনাৰ মাজেৰে নিষ্পত্তি কৰা হ’ব৷ আজি গৌৰৱ গগৈয়ে যি কৈছে, সেয়াই চূড়ান্ত নহয়৷ গৌৰৱ গগৈয়ে যি কৈছে সঠিক কৈছে৷ বিৰোধী ঐক্যৰ ওপৰত তেখেতসকলে গুৰুত্ব দিয়াত আমি সুখী৷ হয়তো আসন ভাগ-বটোৱাকলৈ তেওঁলোকৰ নিজৰ মাজত থকা বাধা আঁতৰিছে৷ গৌৰৱ গগৈৰ আসনৰ ঘোষণাকলৈ অংক হ’ব, চৰ্চা হ’ব৷ সন্দেহ, আশংকা দূমৰ কৰা হ’ব৷’ ইফালে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে গৌৰৱ গগৈৰ ঘোষণা সন্দৰ্ভত পোনপটীয়া উত্তৰ নিদি কয়– আমি উজনি, মধ্য, উত্তৰ অসমৰ লগতে বৰাক তথা পাহাৰতো প্ৰাৰ্থী বিচাৰিম৷ গতিকে সকলো ঠাইক প্ৰতিনিধিত্ব কৰাক লৈ আমি প্ৰাৰ্থিত্ব বিচাৰিম৷ কিন্তু এনেকুৱাকে প্ৰাৰ্থিত্ব নিবিচাৰো, যিটো দিব নোৱাৰে৷ আমি অত্যন্ত বাস্তৱ সন্মত প্ৰাৰ্থিত্ব বিচাৰিম৷ জিকিব পৰা স্থানতহে আমি প্ৰাৰ্থিত্ব বিচাৰিম৷ গৌৰৱ গগৈয়ে নিজেই কৈছিল আসন বিতৰণ আমি টিভিত কৰিলে নহ’ব৷ আমি আসন বিতৰণ নিজৰ মাজত আলোচনাৰ মাধ্যমেৰে কৰিব লাগিব৷ বহুতে কয় মোক আপুনি বেছি কথা নকব, মনে মনে থাকক৷ তেনেকৈ আমি আটাই বিলাকে সংযমী হৈ থকা উচিত৷ আমি এনেকুৱা একো কথা ক’ব নালাগে যিটোৱে আমাৰ মাজত ইটোৱে সিটোক দোষ দিব পাৰে৷
গৌৰৱৰ মন্তব্যত অখিল গগৈ কৌশলী প্ৰতিক্ৰিয়া
গৌৰৱ গগৈয়ে ২০২৬ত এশটা সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপ কৰিম বুলি কৰা ঘোষণাৰ পাছত কৌশলী প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৰাইজৰ দলৰ সভাপতি বিধায়ক অখিল গগৈয়ে৷ তেওঁ কয়– যদি মিত্ৰতা সঠিকভাৱে কাৰ্যকৰী হ’ব লাগে আলোচনাৰ মাজেৰে হ’ব লাগে৷ গৌৰৱ গগৈয়ে নিজেই কৈছিল আসন বিতৰণ টিভিৰ সন্মুখত নহয়৷ আমি আসন বিতৰণ আমাৰ নিজৰ মাজত আলোচনাৰ মাধ্যমেৰে কৰিব লাগিব৷ সকলোলৈকে মোৰ বিনম্ৰ প্ৰাৰ্থনা– আমি কোনোৱে এনেকুৱা কোনো কথা ক’ব নালাগে, যি কথাই আমাৰ ইজনৰ মাজত সিজনক মনত দুখ দিব পাৰে৷ ইজনে-সিজনৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি সংযমী হৈ সকলোৱে বক্তব্য ৰখা উচিত৷ তেওঁ আৰু কয়– ইউ ডি এফৰ লগত আমাৰ বিৰোধী দলবোৰৰ মিত্ৰতা নহয়৷ ইউ ডি এফ আৰু বিজেপি দুয়োটা দলেই সাম্প্ৰদায়িক৷ এইক্ষেত্ৰত মই গৌৰৱ গগৈৰ লগত এশ শতাংশই একমত৷
তেজপুৰত প্ৰতিষ্ঠা দিৱসৰ পদযাত্ৰাত অংশ ল’লে গৌৰৱ, ভূপেন আৰু ৰিপুনে
‘আমাৰ অসম’ৰ তেজপুৰৰ ষ্টাফ ৰিপ’ৰ্টাৰঃ বিৰোধীৰে মিত্ৰতা হ’লেও ২০২৬ৰ বিধানসভাৰ নিৰ্বাচন কংগ্ৰেছে অকলে এশৰ অধিক আসনত প্ৰতিদ্বন্দ্বিতা কৰিব৷ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে আজি তেজপুৰত দলৰ এক ৰাজহুৱা সমাৱেশ সভাত এইকথা ঘোষণা কৰে৷ তেওঁ কয়– পৰৱৰ্তী বিধান সভা নিৰ্বাচনত কংগ্ৰেছ দলে এশখন আসনত অকলেই প্ৰতিদ্বন্দ্বিতা কৰিব৷ বিধানসভা নিৰ্বাচনত এআইইউডিএফৰ লগত কংগ্ৰেছৰ মিত্ৰতা নহয়৷ এই সম্ভাবনা শূন্য৷ কিন্তু বিৰোধী আনদলৰ লগত মিত্ৰতা এশশতাংশ নিশ্চিত৷ তেজপুৰৰ জয়মতী পথাৰত আয়োজিত দলৰ সভাত গৌৰৱ গগৈয়ে কয়– বাকীখিনি আসন বিৰোধী গোটৰ মাজত আলাপ আলোচনাৰে ভগাই লোৱা হ’ব৷ মিত্ৰতা হ’বই৷ আমি সকলোৱে মিলিজুলি হিমন্ত বিশ্ব শৰ্মাৰ অপশাসনৰ পৰা ৰাইজক পৰিত্ৰাণ দিম৷ উল্লেখযোগ্য যে, আজি তেজপুৰত ভাৰতীয় জাতীয় কংগ্ৰেছৰ ১৪১সংখ্যক প্ৰতিষ্ঠা দিৱসৰ আয়োজন কৰা হয়৷ এই কাৰ্যসূচীত অংশ গ্ৰহণ কৰি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে তেজপুৰস্থিত শোণিতপুৰ জিলা কংগ্ৰেছৰ কাৰ্যালয়ৰ পৰা জয়মতী পথাৰলৈকে এক বিশাল পদযাত্ৰাত অংশ লয়৷ ইয়াৰ পাছতে জয়মতী পথাৰত আয়োজিত সমাৱেশ গৌৰৱ গগৈয়ে ভাষণত কয় যে, কংগ্ৰেছ দলে শান্তি বিচাৰে আৰু বিজেপিয়ে অশান্তি বিচাৰে৷ কংগ্ৰেছ দলে একতাৰ এনাজৰী বিচাৰে আৰু বিজেপিয়ে সাম্প্ৰদায়িক বিভাজন বিচাৰে৷ বিজেপিয়ে ৰাজতন্ত্ৰ প্ৰতিষ্ঠা কৰিবলৈ বিচৰাৰ বিপৰীতে কংগ্ৰেছে সংবিধানত বিশ্বাস কৰি গণতন্ত্ৰ প্ৰতিষ্ঠা কৰিবলৈ বিচাৰে বুলি উল্লেখ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি গগৈয়ে পুনৰ কয় যে কংগ্ৰেছ দলে নাগৰিকৰ অধিকাৰ প্ৰতিষ্ঠা কৰিবলৈ বিচাৰে৷ বৰ্তমান বিজেপি দলত গৰুচোৰ, পানীচোৰ, মাটিচোৰ চাউলচোৰ, কয়লাচোৰ সোমাই আছে বুলিও তেওঁ মন্তব্য কৰে৷ কংগ্ৰেছ শাসনলৈ আহিলে জ্যোতিপ্ৰসাদ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা, ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গে সপোন দেখা বৰ অসমখন গঢ়াৰ বিপৰীতে ইয়াত বিজেপিৰ পৰিয়ালৰ স্থান নাথাকিব৷ গগৈয়ে আৰু কয় যে, কংগ্ৰেছ শাসনলৈ আহিলে বিজেপি তথা হিমন্ত বিশ্ব শৰ্মাই কোৱা হিংসাত্মক কথাবোৰ যিসকলে কয় তেওঁলোকৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ ব্যবস্থা কৰা হ’ব৷ কংগ্ৰেছে ইয়াৰ বাবে এখন নতুন আইন প্ৰণয়ন কৰি মন্দিৰ, মছজিদ গীৰ্জাৰ বিৰুদ্ধে যিসকলে কথা ক’ব সেইসকলৰ বিৰুদ্ধেই কঠোৰ শাস্তিৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব৷ তেওঁ কয় যে মুখ্যমন্ত্ৰীয়ে চাৰিমাহৰ পিছত চকী যাব বুলি ভয়তে অজান ফকিৰ নাই বুলি কয় আৰু বাঘ হাজৰিকাক বিশ্বাস নকৰে কাৰণ চাৰিমাহৰ পিচত ৰাইজে প্ৰশ্ন কৰিব পুত্ৰৰ নামত কিমান কোম্পানী খুলিলা, চাহ শ্ৰমিকৰ মজুৰি কিমান বঢ়ালা আৰু ছয় জনগোষ্ঠীৰ জনজাতিকৰণ কেতিয়া কৰিলা? প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে কয় যে, বিজেপিক পৰাভূত কৰি আগন্তুক ২০২৬ৰ নিৰ্বাচনত কংগ্ৰেছৰ নেতৃত্বত অসমত চৰকাৰ গঠন হ’ব৷ তেওঁ কংগ্ৰেছ কৰ্মীসকলক শংকাৰ কোনো কাৰণ নাই বুলি উল্লেখ কৰি আৰু কয় যে ইভিএমত ভোট দিলে সেই ভোট কংগ্ৰেছত নপৰিব নেকি বুলি এটা ভয় হৈছে আৰু সেয়ে দলৰ বিএলএ তথা কৰ্মীসকলক এইক্ষেত্ৰত তীক্ষ্ণ দৃষ্টি ৰাখিবলৈও তেওঁ আহ৩ান জনায়৷ তেওঁ এইখন অসম সদায়েই শংকৰ আজানৰ অসমেই হৈ থাকিব বুলি কয়৷ ইয়াৰ পূৰ্বে গগৈয়ে তেজপুৰ ৰাজীৱ ভৱন প্ৰাংগনত দলীয় পতাকা উত্তোলনৰ পিছত মহাত্মা গান্ধী আৰু শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ ইয়াৰ পিছত পদযাত্ৰাত অংশলৈ চহৰৰ মাজেৰে মহাভৈৰৱ মন্দিৰ হৈ জয়মতী পথাৰত উপস্থিত হয়৷ আনহাতে, জুবিন গাৰ্গৰ ন্যায়প্ৰাপ্তিৰ ক্ষেত্ৰত সন্দেহ প্ৰকাশ কৰি গৌৰৱ গগৈয়ে কয় যে এছআইটিৰ প্ৰতিবেদন দাখিল কৰিয়েই যেন মুখ্যমন্ত্ৰীয়ে দায়িত্ব সামৰিলে৷ জুবিন গাৰ্গৰ মৃত্যু এক ৰাজনৈতিক হত্যাকাণ্ড বুলি উল্লেখ কৰি গৌৰৱ গগৈয়ে কয় যে, পাঁচজন অভিযুক্ত মূল নহয়৷ মূল হত্যাকাৰী এতিয়াও মুখ্যমন্ত্ৰীৰ আশীৰ্বাদপ্ৰাপ্ত হৈ আছে৷ আনহাতে, জুবিনৰ ন্যায়প্ৰাপ্তিৰ প্ৰসংগ তল পেলাবলৈকে মুখ্যমন্ত্ৰীয়ে গগৈৰ পাকিস্তানৰে সম্পৰ্কৰ প্ৰসংগ উল্লেখ কৰে বুলিও তেওঁ কয়৷ গাদীচু্যত হোৱাৰ ভয়ত মুখ্যমন্ত্ৰীয়ে আবোল-তাবোল বলকিবলৈ আৰম্ভ কৰা বুলি উল্লেখ কৰি গগৈয়ে লগতে কয় যে, আগন্তুক ২০২৬ত অসমৰ ৰাইজে চোৰৰ দলৰ পৰিত্ৰাণ পাবলৈ বিকল্প চিন্তা কৰিছে৷ গৌৰৱ গগৈয়ে লগতে ৰাইজে মুখ্যমন্ত্ৰীৰ কথা সহ্য কৰিব নোৱাৰে বুলি উল্লেখ কৰি তেওঁ মুখ্যমন্ত্ৰীৰ লগতে পিয়ূষ হাজৰিকা, জয়ন্তমল্ল বৰুৱা, মানব ডেকা, দিগন্ত কলিতা, অশোক সিংহালৰ মুখ ৰাইজে পুনৰ চাবলৈ বিচৰা নাই৷ বিজেপিৰ নেতা মন্ত্ৰীয়ে যেনিতেনি চাহবাগিচা আৰু মাটি ক্ৰয় কৰা বুলিও তেওঁ কয়৷ গগৈয়ে কয় যে, অগপৰ পৰা তথা বিভিন্নজন ভাল ভাল মানুহ কংগ্ৰেছলৈ আহিছে আৰু বিজেপিলৈ কংগ্ৰেছৰ বেয়াসকল গৈছে৷ আনহাতে, পদযাত্ৰা আৰু সমাবেশ সভাত অংশলৈ প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুণ বৰাই বিজেপিক সমালোচনা কৰি কয় যে ১৪১ বছৰীয়া কংগ্ৰেছ দলৰ ইতিহাসত দেশৰ বাবে প্ৰাণ আহুতি দিয়া অসংখ্যজনৰ ইতিহাস৷ বিজেপি দলে জাতিৰ পিতা মহাত্মা গান্ধীক হত্যা কৰা নাথুৰাম গডচেক পূজা কৰে বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে বিজেপি দলত এতিয়া চোৰৰে ভৰি পৰিছে৷ হিন্দু মুছলিম ভাই ভাই বুলি কোৱাৰ বাবেই মহাত্মা গান্ধীক হত্যা কৰা আৰু এতিয়া এমজিএনৰেগাৰ নাম সলনি কৰাৰ পৰাই বিজেপিয়ে মহাত্মা গান্ধীক কৰা ঘৃণা ওলাই পৰা বুলি কৈ বৰাই পুনৰ কয় যে, কংগ্ৰেছৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী, ৰাজীৱ গান্ধীয়ে দেশৰ বাবেই প্ৰাণ আহুতি দিলে৷ বৰাই কাৰ্বিআংলঙৰ পৰিস্থিতিৰ বাবে গৃহবিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক দোষাৰোপ কৰি পুনৰ কয় যে বিজেপি চৰকাৰে আদানি, বাবা ৰামদেৱৰ লগতে পুঁজিপতি সকলকহে ভূমিৰ অধিকাৰ গটাই দিছে৷ প্ৰদেশ কংগ্ৰেছৰ আন এগৰাকী প্ৰাক্তন সভাপতি ভূপেন বৰাই তেওঁৰ চমু ভাষণত ছয় জনগোষ্ঠীৰ জনজাতিকৰণ, চাহশ্ৰমিকৰ দৈনিক মজুৰি আৰু মূল্য বৃদ্ধিৰ প্ৰসংগ উত্থাপন কৰি লগতে কয় যে মুখ্যমন্ত্ৰী হিচাপে তৰুণ গগৈৰ কাৰ্যকালত ২৭ লাখ নিবনুৱাকলৈ সমালোচনা কৰা হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত ৰাজ্যত নিবনুৱাৰ সংখ্যা ৩৪ লাখলৈ বৃদ্ধি পালে৷ বিধায়িকা শিৱামণি বৰায়ো ভাষণত দেশৰ স্বাধীনতাৰ ক্ষেত্ৰত বিজেপিৰ কোনো অৰিহণা নাই বুলি কৰে৷ সভাখনত কংগ্ৰেছ সেৱাদলৰ সভাপতি দীপ বায়ন, এনএছইউআইৰ সভাপতি কৌশিক কাশ্যপ কলিতা, মিডিয়া চেলৰ অধ্যক্ষ বেদব্ৰত বৰা, প্ৰাক্তন সাংসদ মাধব ৰাজবংশী, ৰাম প্ৰসাদ শৰ্মা, প্ৰাক্তন বিধায়ক টংক বাহাদুৰ ৰায়, অভিজিৎ হাজৰিকা, প্ৰাণেশ্বৰ বসুমতাৰী আদিয়ে অংশ লয়৷






