১৪ জানুৱাৰীৰ পৰা ছিংগাপুৰৰ কৰনাৰ্ছ ক’ৰ্টত জুবিন-মৃত্যুৰ গোচৰ
‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২৯ ডিচেম্বৰঃ অসমৰ প্ৰাণাধিক প্ৰিয় জুবিন গাৰ্গৰ অস্বভাৱিক মৃত্যুৰ গোচৰৰ ন্যায়িক তদন্ত অহা ১৪ জানুৱাৰীৰ পৰা ছিংগাপুৰৰ কৰনাৰ্ছ কৰ্টত আৰম্ভ হ’ব৷ দেশখনৰ কৰনাৰ্ছ কৰ্টৰ গোচৰৰ পঞ্জীয়ন তালিকাত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ তালিকাভূক্ত হোৱা বুলি দেশখনৰ আগশাৰীৰ সংবাদগোষ্ঠীয়ে বাতৰি প্ৰচাৰ কৰিছে৷ ছিংগাপুৰৰ সৰ্বাধিক প্ৰচলিত সংবাদপত্ৰ ‘দ্য ষ্ট্ৰেইট টাইমছ’ আৰু ‘চেনেল নিউজ এছিয়া’ই জনোৱা অনুসৰি জুবিন গাৰ্গৰ ছিংগাপুৰ প্ৰণালীত কিদৰে মৃত্যু হৈছিল, তেওঁৰ মৃত্যু অস্বাভাৱিক নে কোনো দুৰ্ঘটনা অথবা এই মৃত্যুত কোনোধৰণৰ অপৰাধমূলক ‘এংগল’ আছে নেকি তাৰ তদন্ত কৰিব কৰনাৰ্ছ কৰ্টে৷ এটা বিষয় স্পষ্ট কৰি দিয়া প্ৰয়োজন যে, কৰনাৰ্ছ কৰ্টে কোনোধৰণৰ অপৰাধৰ তদন্ত নকৰে, তেওঁলোকৰ তদন্ত সম্পূৰ্ণৰূপে ন্যায়িকহে [জুডিচিয়েল]৷ অৰ্থাৎ, বিশেষকৈ অস্বাভাৱিক মৃত্যু হ’লে ছিংগাপুৰ পুলিচ ফৰ্চৰ তদন্তৰ ভিত্তিত কৰনাৰ্ছ কৰ্টে মৃত্যুৰ কাৰণ নিৰ্ধাৰণ কৰে৷ জুবিন গাৰ্গৰ মৃত্যুৰ ক্ষেত্ৰতো কৰনাৰ্ছ কৰ্টৰ তদন্ত একেদৰে ন্যায়িকেই [জুডিচিয়েল ফেক্ট ফাইণ্ডিং] হ’ব, কোনো ব্যতিক্ৰম নহয়৷ এই ক্ষেত্ৰতো কৰনাৰ্ছ কৰ্টে ছিংগাপুৰ পুলিচৰ তদন্তৰ প্ৰতিবেদনৰ ওপৰতে ভিত্তি কৰিব৷ ন্যায়িক তদন্তৰ ক্ষেত্ৰত কৰনাৰ্ছ কৰ্টে শুনানি গ্ৰহণ কৰিব আৰু প্ৰয়োজনত সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰিব৷ সাক্ষ্য গ্ৰহণ মাথোঁ ২-৩ দিনতে সম্পন্ন হ’ব৷ কিন্তু তাৰ পূৰ্বে ছিংগাপুৰ পুলিচে দাখিল কৰিবলগীয়া তদন্তৰ প্ৰতিবেদন পৰীক্ষা কৰোতে কৰনাৰ্ছ কৰ্টে দীঘলীয়া সময় ল’ব৷ জুবিন গাৰ্গৰ তদন্তৰ ক্ষেত্ৰত সেই পৰীক্ষাৰ সময় এমাহ বা ডেৰমাহমান হ’ব পাৰে৷ উল্লেখ্য, ছিংগাপুৰ পুলিচে এতিয়া কৰনাৰ্ছ কৰ্টত তদন্তৰ প্ৰতিবেদন জমা দিয়া নাই৷ ১৪ জানুৱাৰীৰ পূৰ্বে ছিংগাপুৰ আৰক্ষীয়ে তেওঁলোকৰ তদন্তৰ প্ৰতিবেদন কৰনাৰ্ছ কৰ্টত দাখিল কৰিব৷
যোৱা ১২ ডিচেম্বৰত জুবিন গাৰ্গৰ অস্বাভাৱিক মৃত্যুৰ তদন্তৰ অভিযোগনামা চিআইডিৰ এছআইটিয়ে আদালতত দাখিল কৰাৰ পাছত সেই অভিযোগনামাত জুবিন গাৰ্গক হত্যা কৰা বুলি তেওঁৰ চাৰিজন সতীৰ্থক অভিযুক্ত কৰাৰ লগে লগে ছিংগাপুৰ আৰক্ষীয়ে পুনৰ জুবিন গাৰ্গক ছিংগাপুৰত হত্যা কৰা হোৱা নাছিল বুলি স্পষ্টীকৰণ দিবলৈ বাধ্য হৈছিল৷ যোৱা ১৮ ডিচেম্বৰত ছিংগাপুৰ আৰক্ষীয়ে তেওঁলোকৰ ৱেবচাইটত স্পষ্টভাৱে সেই কথা উল্লেখ কৰি ভাৰতৰ সংবাদ মাধ্যমত জুবিন গাৰ্গক ছিংগাপুৰত হত্যা কৰা হোৱা বুলি অভিযোগনামা দাখিল কৰা তথা চাৰিজনক হত্যাত অভিযুক্ত কৰাৰ খবৰ তেওঁলোকে বিভিন্ন বাতৰিত পোৱা বুলিও সেই স্পষ্টীকৰণত উল্লেখ কৰিছিল৷ জুবিন গাৰ্গৰ অস্বাভাৱিক মৃত্যুত কোনো ‘ফাউল প্লে’ নথকা বুলি পুনৰ উল্লেখ কৰা ছিংগাপুৰ পুলিচ ফ’ৰ্চৰ ৱেবচাইটত কোৱা হৈছিল যে, জুবিন গাৰ্গৰ মৃত্যু কিদৰে হৈছিল আৰু কি পৰিস্থিতিত তেওঁ মৃত্যুক সাৱটি ল’বলগীয়া হৈছিল সেই তদন্ত ছিংগাপুৰ আৰক্ষীয়ে দেশখনৰ কৰনাৰ্ছ ক’ৰ্টৰ আইনৰ অধীনত অব্যাহত ৰাখিছে৷ মূলতঃ জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য উদ্ধাৰ কৰাৰ বাবে এতিয়াও ছিংগাপুৰ পুলিচে তদন্ত অব্যাহত ৰাখিছে আৰু সেয়া এতিয়াও শেষ হোৱা নাই বুলি এটা প্ৰেছ বিবৃতিৰ জৰিয়তে জনাইছিল৷ প্ৰাথমিক অনুসন্ধানত পোৱাৰ দৰেই জুবিন গাৰ্গৰ মৃত্যুৰ ক্ষেত্ৰত কোনো ‘ফাউল প্লে’ নথকা বুলি ১৮ ডিচেম্বৰত পুনৰ জনাইছিল ছিংগাপুৰ আৰক্ষীয়ে৷ ইয়াৰ পূৰ্বে যোৱা ১৯ ছেপ্টেম্বৰত ছিংগাপুৰৰ ছিংগাপুৰ প্ৰণালীৰ সমুদ্ৰৰ পানীত জুবিন গাৰ্গৰ অস্বাভাৱিক মৃত্যুৰ এদিন পাছতে ছিংগাপুৰ পুলিচে জুবিন গাৰ্গৰ মৃত্যুত হত্যাৰ সম্ভাৱনা নুই কৰিছিল৷ তেওঁলোকে স্পষ্টভাৱে জনাইছিল যে জুবিন গাৰ্গৰ মৃত্যুত কোনো ‘ফাউল প্লে’ৰ সম্ভাৱনা নাই৷ প্ৰাথমিক অনুসন্ধান আৰু পোষ্টমৰ্টেম ৰিপ’ৰ্টৰ প্ৰাথমিক তথ্য পোৱাৰ লগে লগে ছিংগাপুৰ পুলিচে জুবিন গাৰ্গৰ মৃত্যুৰ ক্ষেত্ৰত ‘ফাউল প্লে’ অৰ্থাৎ অপৰাধমূলক কাৰ্য সংঘটিত হোৱাৰ আশংকা পোনপটীয়াকৈ নাকচ কৰিছিল৷ সেই সিদ্ধান্ত জনোৱাৰ পূৰ্বেই ছিংগাপুৰ পুলিচে জুবিন গাৰ্গৰ শৰীৰত বিষক্ৰিয়া হৈছিল নেকি আৰু তেওঁৰ শৰীৰত মাৰাত্মক আঘাত আছিল নেকি অথবা তেওঁক সমুদ্ৰৰ পানীত শ্বাসৰুদ্ধ কৰা হৈছিল নেকি সেয়া পৰীক্ষা কৰি লৈছিল৷ বিষক্ৰিয়াৰ পৰীক্ষাৰ বাবে ছিংগাপুৰ পুলিচে জুবিন গাৰ্গ আৰু তেওঁৰ অসমৰ সতীৰ্থ তথা ছিংগাপুৰৰ এঘাৰজন প্ৰবাসী অসমীয়াৰ সৈতে কৰা য়ট পাৰ্টীত ব্যৱহৃত পৰিত্যক্ত-অৱশিষ্ট খাদ্য তথা পানীয়, খাদ্য খোৱা বাচন-বৰ্তন, আগনিশা আৰু ১৯ ছেপ্টেম্বৰৰ পুৱা জুবিন গাৰ্গে তেওঁৰ হোটেলত খোৱা খাদ্য-পানীয়ৰ অৱশিষ্টৰ নমুনা, প্লেট, গ্লাছ, বাতি সংগ্ৰহ কৰিছিল৷ সেই অৱশিষ্ট খাদ্য আৰু খাদ্যৰ বাবে ব্যৱহৃত বাচন-বৰ্তনৰ নমুনাত বিষক্ৰিয়াৰ কোনো চিহ্ন নোপোৱা আৰু পোষ্টমৰ্টেম ৰিপ’ৰ্টত জুবিন গাৰ্গৰ শৰীৰত মাৰাত্মক আঘাত নথকা তথা শ্বাসৰুদ্ধ কৰি কোনোৱে হত্যা কৰাৰ প্ৰমাণ নথকাৰ বাবেই ছিংগাপুৰ আৰক্ষীয়ে জুবিন গাৰ্গৰ মৃত্যুক ‘অস্বাভাৱিক মৃত্যু’ বুলি কৈছিল আৰু পোনপটীয়াকৈ ‘ফাউল প্লে’ নথকা বুলি প্ৰকাশ কৰিছিল৷
তাত ছিংগাপুৰ পুলিচ ফ’ৰ্চৰ তদন্ত অব্যাহত থকাৰ কথা আৰু তাৰ পৰৱৰ্তী ঘটনাক্ৰম কি হ’ব সেই বিষয়ে সবিশেষ উল্লেখ কৰি তেওঁলোকে জনাইছে– ১৯ ছেপ্টেম্বৰত ছিংগাপুৰৰ ছিংগাপুৰ প্ৰণালীত সাঁতুৰি থাকোঁতে মৃত্যুবৰণ কৰা জুবিন গাৰ্গৰ ছিংগাপুৰত চলি থকা তদন্ত এতিয়া শেষ পৰ্যায়ত৷ জুবিন গাৰ্গৰ মৃত্যুৰ পিছদিনাই ছিংগাপুৰ পুলিচে জুবিন গাৰ্গৰ মৃত্যুত কোনো ‘ফাউল প্লে’ নথকা বুলি প্ৰাৰম্ভিক অনুসন্ধানৰ পাছত প্ৰকাশ কৰিছিল৷ এতিয়াও সেই প্ৰাথমিক প্ৰমাণৰ ওপৰত ভিত্তি কৰি ‘ফাউল প্লে’ অৰ্থাৎ হত্যা কিম্বা হত্যাৰ চেষ্টা বা ষড়যন্ত্ৰ নথকা বুলিয়েই তদন্তত আগবাঢ়িছে ছিংগাপুৰ পুলিচ৷ অৱশ্যে মৃত্যুৰ সম্ভাব্য সকলো দিশ বিবেচনা কৰিয়েই তেওঁলোক তদন্তত আগবঢ়াই নিছে৷ ছিংগাপুৰ পুলিচে জুবিন গাৰ্গৰ দেহৰ অটপছি ৰিপ’ৰ্ট, টি’ক’ল’জি ৰিপৰ্ট, সকলো স্থানৰ চিচিটিভি ফুটেজ, সাক্ষী-প্ৰত্যক্ষদৰ্শীৰ জৱানবন্দী, জুবিন গাৰ্গৰ পূৰ্বৰ স্বাস্থ্যৰ মেডিকেল হিষ্টৰী আৰু মৃত্যুৰ সময়ৰ ঘটনাৰ পৰিৱেশ বিশ্লেষণ কৰি তদন্ত প্ৰায় শেষ কৰিছে৷ ছিংগাপুৰ আৰক্ষীয়ে এতিয়া অহা ১৪ জানুৱাৰীৰ পূৰ্বে তেওঁলোকৰ তদন্তৰ প্ৰতিবেদন কৰনাৰ্ছ ক’ৰ্টত দাখিল কৰিব৷ তাৰ পাছতহে জানিব পৰা যাব জুবিন গাৰ্গৰ মৃত্যু দুৰ্ঘটনা আছিল নে আন কোনো ৰহস্য৷
ছিংগাপুৰৰ তদন্তৰ প্ৰক্ৰিয়া অনুসৰি ছিংগাপুৰ পুলিচে দাখিল কৰিবলগীয়া তদন্তৰ প্ৰতিবেদনক লৈ পৰৱৰ্তী গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিব কৰনাৰ্ছ কৰ্টে৷ ছিংগাপুৰ আৰক্ষীৰ সূত্ৰ অনুসৰি জানুৱাৰীৰ প্ৰথম সপ্তাহ অথবা কিছুদিন পাছত তেওঁলোকে তদন্তৰ প্ৰতিবেদন কৰনাৰ্ছ ক’ৰ্টত দাখিল কৰিব৷ তেতিয়া কৰনাৰে সেই প্ৰতিবেদন পুংখানুপুংখভাৱে পৰীক্ষা কৰিব৷ আৰক্ষীয়ে প্ৰতিবেদনৰ লগত দিয়া অটপছি, টি’ক’ল’জি প্ৰতিবেদন, চিচি টিভি ফুটেজ, সাক্ষীৰ জৱানবন্দী, জুবিনৰ মেডিকেল হিষ্টৰী আৰু মৃত্যুৰ ঘটনাৰ সম্পূৰ্ণ পৰিৱেশ-পৰিস্থিতি অধ্যয়ন কৰিব৷ তাৰ পাছত কৰনাৰে সিদ্ধান্ত ল’ব, তেওঁলোকে জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণ উদঘাটনৰ বাবে ৰাজহুৱা শুনানি, অনুসন্ধান [পাবলিক এনকোৱেৰি] কৰিব নে নকৰে৷ যদিহে ৰাজহুৱা অনুসন্ধান বা শুনানি লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে, তেন্তে কৰনাৰে তেওঁৰ আদালতত তদন্তকাৰী ছিংগাপুৰ আৰক্ষী, ঘটনাস্থলত উপস্থিত থকা ব্যক্তিৰ সাক্ষ্য গ্ৰহণ কৰিব৷ নথি আৰু প্ৰমাণসমূহ পুনৰ পৰীক্ষা কৰিব৷ প্ৰয়োজন হ’লে তদন্তকাৰীৰ পৰা অধিক প্ৰমাণ বিচাৰিব৷ শুনানিৰ কাম ৰ-৩ দিনৰ ভিতৰত সম্পন্ন কৰিব৷ পাবলিক এনকোৱেৰি হ’ব নে নহ’ব, সেই সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰতহে অধিক সময় অৰ্থাৎ প্ৰায় একৰ পৰা ডেৰমাহ লাগিব৷ কিয়নো আৰক্ষীৰ তদন্তৰ প্ৰতিবেদন কৰনাৰ্ছ ক’ৰ্টত আদ্যোপান্ত পুংখানুপুংখভাৱে পৰীক্ষা কৰা হ’ব৷ যদি পাবলিক এনকোৱেৰি হয়, তদন্তৰ চূড়ান্ত ফলাফল ২-৬ সপ্তাহৰ ভিতৰত কৰনাৰে লিখিত ৰূপত জনাই দিব৷ কৰনাৰে তেওঁৰ প্ৰতিবেদন দেশৰ ‘ৰেজিষ্টাৰ জেনেৰেল অৱ বাৰ্থ এণ্ড ডেথ’, ‘পাবলিক প্ৰচিকিউটৰ’ক আনুষ্ঠানিকভাৱে দাখিল কৰিব আৰু এটৰ্নী জেনেৰেলৰ কাৰ্যালয়ত সেই প্ৰতিবেদন পৰ্যালোচনাৰ বাবে দাখিল কৰিব৷ তেতিয়া ৰেজিষ্টাৰ জেনেৰেলে সেই প্ৰতিবেদন ‘নেচাৰেল ডেথ ৰেকৰ্ডছ’ত আপলোড কৰিব৷ প্ৰকৃততে সেইখন হ’ব ‘ডেথ চাৰ্টিফিকেট’৷ যদিহে মৃত্যুৰ কাৰণ স্বাভাৱিক বা দুৰ্ঘটনাজনিত নহয় বুলি কৰনাৰ্ছ কৰ্টে প্ৰতিবেদন দাখিল কৰে তেন্তে তাৰ আধাৰত আৰু আৰক্ষীৰ তদন্তৰ আধাৰত ছিংগাপুৰৰ আদালতত বিচাৰ হ’ব৷ আনহাতে, যদিহে কৰনাৰ্ছ ক’ৰ্টত ‘পাবলিক এনকোৱেৰি’ নহয় তেতিয়া ৰ-৩ মাহৰ ভিতৰত সেই সিদ্ধান্ত হোৱাৰ ৪৮ ঘণ্টাৰ ভিতৰত কৰনাৰে মৃত্যুৰ প্ৰমাণ-পত্ৰ বা ‘ডেথ চাৰ্টিফিকেট’ ‘ৰেজিষ্টাৰ জেনেৰেল’, ‘পাবলিক প্ৰচিকিউটৰ’ আৰু পৰিয়ালক অৰ্পণ কৰিব৷ তাত – [ৰ] মৃত্যুৰ কাৰণ, [২] কিদৰে মৃত্যু হৈছিল অৰ্থাৎ স্বাভাৱিক, দুৰ্ঘটনা, অত্যধিক দুঃসাহস [মিছএডভেন্সাৰ] বা অত্যাহত্যা, [৩] মৃত্যুৰ পৰিস্থিতি সন্দৰ্ভত জনোৱা থাকিব৷ খুউব সম্ভৱতঃ অহা ১৫ মাৰ্চ অথবা তাৰ পূৰ্বে কৰনাৰ্ছ কৰ্টে সেই বিষয়টো ৰাজহুৱা কৰিব৷’






