Logo
image

গণৰাজ্য দিৱসত অসমৰ প্ৰতীকপট টেৰাকোটা

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৩০ ডিচেম্বৰঃ  এবছৰৰ বিৰতিৰ অন্তত এইবাৰ পুনৰ দেশৰ ৭৭সংখ্যক গণৰাজ্য দিৱসৰ  দিল্লীৰ পেৰেডত উজলি উঠিব অসমৰ প্ৰতীক পট৷ ২০২৬ চনৰ গণৰাজ্য দিৱসত দিল্লীৰ কৰ্তব্য পথত হ’বলগীয়া কেন্দ্ৰীয় পেৰেডত অসমৰ প্ৰতীক পট হিচাপে স্থান লাভ কৰিছে ঐতিহাসিক টেৰাকোটা শিল্পই৷ ধুবুৰীৰ মৃৎশিল্পীসকলৰ বিশেষ ধাৰাৰ স্বকীয় টেৰাকোটা শিল্পৰ প্ৰতীক পটে অসমৰ গৌৰৱধবজা বহন কৰাৰ বাবে সাজু হৈছে৷ উল্লেখ্য, এইবাৰৰ গণৰাজ্য দিৱসৰ থিম হৈছে ‘আত্মনিৰ্ভৰ ভাৰত’ আৰু ‘বন্দে মাতৰম’৷ এই থিমৰ ভিত্তিত সাংস্কৃতিক সঞ্চালকালয়ে অসমৰ প্ৰতীক পট হিচাপে ধুবুৰীৰ বিখ্যাত টেৰাকোটা শিল্পৰ লগতে মাজুলীৰ প্ৰচীন মুখাশিল্পৰ নক্সা প্ৰেৰণ কৰিছিল কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰণালয়লৈ৷ অসমৰ প্ৰস্তাৱিত এই দুই প্ৰতীক পটৰ আৰ্হিৰ পৰা ধুবুৰীৰ টেৰাকোটা শিল্পক প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ বিশেষজ্ঞসকলে বাছনি কৰিছে বুলি জানিব পৰা গৈছে৷ এই প্ৰতীক পট নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰক সাংস্কৃতিক বিভাগে বাজেট নিৰ্ধাৰণ কৰিছে ৪০ লাখ টকা৷ ইতিমধ্যে দিল্লীৰ এটা প্ৰতিষ্ঠানক প্ৰতীক পট নিৰ্মাণৰ নিবিদাও প্ৰদান কৰিছে অসম চৰকাৰে৷


‘আত্মনিৰ্ভৰ ভাৰত’ক থিম হিচাপে লৈ ধুবুৰীৰ টেৰাকোটা গাঁওখ্যাত আশাৰীকান্দি গাঁৱৰ পুৰুষ-মহিলাসকলে মৃৎশিল্পই অৰ্থনৈতিক বিপ্লৱৰ সূচনা কৰাৰ যোগাত্মক দিশটোক দেশবাসীৰ ওচৰত দাঙি ধৰা হ’ব৷ উল্লেখ্য, ধুবুৰী চহৰৰ পৰা ১৪ কিলোমিটাৰ দূৰত থকা এই গাঁওখনৰ টেৰাকোটা শিল্পই এক সুকীয়া স্থান দখল কৰিছে৷ টেৰাকোটা শিল্পীৰ প্ৰতীক পটৰ সৈতে অসমৰ সংস্কৃতিৰ স্বৰ্ণিল অধ্যায় গীত-নৃত্যৰ মাজেৰে তুলি ধৰা হ’ব৷ দিল্লীৰ কেন্দ্ৰীয় পেৰেডত অসমৰ প্ৰতীক পটৰ জৰিয়তে ধুবুৰীৰ পৰম্পৰাগত টেৰাকোটা শিল্পই দেশ তথা বিশ্বৰ আগত নতুন পৰিচয় লাভ কৰিব৷ ইফালে, দিল্লীৰ গণৰাজ্য দিৱসৰ পেৰেডত ৰাষ্ট্ৰীয় কেডেট কৰ্পছ [এনচিচি] পঞ্চম বাহিনীৰ হৈ দৰং মহাবিদ্যালয়ৰ দুই শিক্ষাৰ্থী জয়ন্ত হাজৰিকা আৰু সুস্মিতা বসুমতাৰীয়ো অংশ লোৱাৰ সুযোগ লাভ কৰিছে৷ উল্লেখ্য, চলিত ২০২৫ বৰ্ষৰ গণৰাজ্য দিৱসৰ দিল্লীৰ পেৰেডত প্ৰতীক পট প্ৰদৰ্শনৰ পৰা বঞ্চিত হৈছিল অসম৷