ছত্তীশগড়ৰ বিশ্ববিদ্যালয়ত শ্ৰীমন্ত শংকৰদেৱ আসন
‘আমাৰ অসম’ৰ মহানগৰ সংবাদ, ২১ জানুৱাৰীঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱন কৰ্মৰাজি আৰু আধ্যাত্মিক দৰ্শনৰ চৰ্চা অধ্যয়ন আৰু গৱেষণাৰ বাবে বুধবাৰে ছত্তীশগড়ৰ পণ্ডিত ৰবি শংকৰ শুক্লা ৰাজ্যিক বিশ্ববিদ্যালয়ত ‘শ্ৰীমন্ত শংকৰদেৱ স্মৃতি আসন’ স্থাপন কৰা হয়৷ ছত্তীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ পৰিকল্পনাত তথা পণ্ডিত ৰবি শংকৰ শুক্লা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ উদ্যোগত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নামত এই আসনখন প্ৰতিষ্ঠা কৰা হয়৷ বুধবাৰে ৰাজ্যপাল ৰমেন ডেকা, মুখ্যমন্ত্ৰী বিষ্ণু দেৱ সাই আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ [আৰ এছ এছ]ৰ জ্যেষ্ঠ নেতা কৃষ্ণ গোপালৰ উপস্থিতিত আনুষ্ঠানিকভাৱে এই আসন স্থাপন কৰা হয়৷
পঞ্জাৱ বিশ্ববিদ্যালয় আৰু পণ্ডিত ৰবিশংকৰ শুক্লা বিশ্ববিদ্যালয়ৰ মাজত ‘শ্ৰীমন্ত শংকৰদেৱ আসন’ সম্পৰ্কীয় এক বুজাবুজি চুক্তি দুয়োখন বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ উপস্থিতিত স্বাক্ষৰিত হয়৷ মহেন্দ্ৰ মোহন চৌধুৰী পঞ্জাৱৰ ৰাজ্যপাল থাকোতে পঞ্জাৱ বিশ্ববিদ্যালয়ত স্থাপন কৰা হৈছিল শ্ৰীমন্ত শংকৰদেৱ আসন৷ ছত্তীশগড়ৰ পণ্ডিত ৰবি শংকৰ শুক্লা বিশ্ববিদ্যালয়ৰ এই আসনৰ জৰিয়তে অনাগত দিনত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টি, আধ্যাত্মিক আৰু বৌদ্ধিক দৰ্শনৰ বিষয়ত গৱেষণাৰ দুৱাৰ মুকলি হ’ব৷






