Logo
image

‘আমাৰ অসম’ৰ জ্যেষ্ঠ উপ-সম্পাদক সৌৰভ কুমাৰ বৰালৈ শ্ৰেষ্ঠ সাংবাদিক বঁটা

‘আমাৰ অসম’ৰ মহানগৰ বাৰ্তা, ২১ জানুৱাৰীঃ  ‘আমাৰ অসম’ৰ জ্যেষ্ঠ উপ-সম্পাদক, তীক্ষ্ণধী লেখক সৌৰভ কুমাৰ বৰালৈ আগবঢ়োৱা হৈছে শ্ৰেষ্ঠ সাংবাদিকৰ বঁটা৷ ৰাষ্ট্ৰীয় ক্ৰীড়া-সাংস্কৃতিক উৎসৱৰ সৈতে সংগতি ৰাখি আগবঢ়োৱা হৈছে এই সন্মানজনক বঁটা৷ উল্লেখ্য, ২৪ জানুৱাৰীত     সৌৰভ কুমাৰ বৰালৈ শ্ৰেষ্ঠ সাংবাদিক ক্ৰীড়াৰত্ন, লৌহপুৰুষ প্ৰেমদা কান্ত শৰ্মাৰ ১১১সংখ্যক জন্ম দিৱসৰ লগত সংগতি ৰাখি ৩০সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া-সাংস্কৃতিক উৎসৱৰ সামৰণী অনুষ্ঠান আৰু বাৰ্ষিক বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰা হৈছে৷ গুৱাহাটীৰ কুমাৰ ভাস্কৰ মন্দিৰত এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান অনুষ্ঠিত হ’ব বুলি সদৰী কৰিছে অসম ক্ৰীড়া সন্থাৰ সভাপতি কৈলাস শৰ্মা, উদ্‌যাপন সমিতিৰ সভাপতি মিফতাবউদ্দিন আহমেদ আৰু সম্পাদক বীৰেন্দ্ৰ কুমাৰ বৰ্মনে৷ সামৰণী অনুষ্ঠানতে এইবাৰ ইণ্ডিয়া বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত হোৱা কণ্ঠশিল্পী মনোজ কাশ্যপক সোণালী কণ্ঠ, বিশিষ্ট ক্ৰীড়া সাংবাদিক-সংগঠক প্ৰেমধৰ শৰ্মাক ক্ৰীড়া মহীৰূহ, মৃদুল ভূঞাক অভিনয় সূৰ্য্য আৰু ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ সচিব দেৱজিত শইকীয়াক হল অৱ অ’নাৰ সন্মান প্ৰদান কৰা হ’ব৷


উক্ত অনুষ্ঠানতে বিভিন্ন ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে নিম্নোক্ত ব্যক্তি-প্ৰতিষ্ঠানলৈ আগবঢ়োৱা হ’ব বঁটা-সন্মান৷ জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰা হ’ব ড॰ [প্ৰফেছাৰ] কাউকেব আজিম, কুমাৰ সঞ্জয়কৃষ্ণ [অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়া], অশোক শইকীয়া, কমোডৰ কমলেশ চন্দ্ৰ চৌধুৰী [ভিএছএম, অৱৰপ্ৰাপ্ত], ড॰ মনিন্দ্ৰ দাস, মুকুল হাজৰিকা, গকুল চন্দ্ৰ ডেকা আৰু ৰামচৰণ ভৰালীক [মৰণোত্তৰভাৱে]৷ ভাৰতৰত্ন ভূপেন হাজৰিকা শতবাৰ্ষিকী বঁটা আগবঢ়োৱা হ’ব অনিৰ্বাণ দাসক৷ ছপা মাধ্যমৰ সাংবাদিকতাৰ বাবে ‘আমাৰ অসম’ৰ জ্যেষ্ঠ উপ-সম্পাদক সৌৰভ কুমাৰ বৰাক প্ৰদান কৰা হ’ব শ্ৰেষ্ঠ সাংবাদিকতা বঁটা৷ সেইদৰে ক্ৰীড়া সাংবাদিকতাৰ বাবে আব্দুল গনিক, বৈদু্যতিন মাধ্যমৰ বাবে নৱনীতা কলিতা আৰু আইনুল হকক এই বঁটা প্ৰদান কৰা হ’ব৷ শ্ৰেষ্ঠ প্ৰতিষ্ঠান বঁটা আগবঢ়োৱা হ’ব ঠুকুবিলিয়া নামঘৰ, কামৰূপ ব্যায়াম সমিতি আৰু নেমকেয়াৰ হাস্পতালক৷ বৰ্ষশ্ৰেষ্ঠ বঁটা আগবঢ়োৱা হ’ব ৰাজ আহমেদ, জ্যোতিষ্মান ভাগৱতী, মানস শৰ্মা, মনোজ ডেকা, অনুপ সিনহা, ৰাহুল হলানী, লেকপা চেৰপা, জীৱন খাবেল, ডঃ ঋতুপৰ্ণা ভট্টাচাৰ্য্য আৰু হীৰেন চহৰীয়াক৷ বিশেষ বঁটা আগবঢ়োৱা হ’ব দীনেশ দাস, বীণু দেৱী, অপূৰ্ব গোস্বামী, কমল চন্দ্ৰ গোস্বামী, দীপিকা দেৱী, ডঃ হেমাৰি ক্ৰ আৰু দীপঙ্কৰ ভট্টাচাৰ্য্যৰ উপৰি বৈদু্যতিন সংবাদ মাধ্যম ‘প্ৰথম খবৰ’ক৷ ভ্ৰাম্যমাণ বঁটা আগবঢ়োৱা হ’ব মৃদুল চুতীয়া আৰু দিলীপ শৰ্মাৰ উপৰি ‘প্ৰভু’ নামৰ নাটকখনক৷ শ্ৰেষ্ঠ অসমীয়া ছবি বঁটা আগবঢ়োৱা হ’ব ‘যৌৱনে আমনি কৰে-২’ক৷ শ্ৰেষ্ঠ উপন্যাস বঁটা আগবঢ়োৱা হ’ব ‘হাতী আৰু ফান্দী’ক [লেখিকা মণীষা শৰ্মা]৷