Logo
image

ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত নতুন অতিথি, উৎসাহিত প্ৰকৃতি প্ৰেমী

'আমাৰ অসম'ৰ ডিজিটেল ডেস্কঃ  ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত এক নতুন অতিথিৰ উপস্থিতিয়ে কঢ়িয়াই আনিছে আশাৰ বতৰা৷ অসমৰ বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰখনত এক নতুন দিগন্তৰ সূচনা কৰি ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত প্ৰথমবাৰৰ বাবে ঢেঁকীয়াপতীয়া বাঘৰ উপস্থিতি কেমেৰাত আবদ্ধ হৈছে ৷ উল্লেখযোগ্য যে ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ তিনিচুকীয়া বন্যপ্ৰাণী সংমণ্ডলৰ গুইজান বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত কুণ্ডাঘাট এলেকাৰ ছালিবাৰীত ধৰা পৰিছে ঢেঁকীয়াপতীয়া বাঘৰ দুৰ্লভ দৰ্শন ৷


আনহাতে তিনিচুকীয়া বন্যপ্ৰাণী সংমণ্ডলৰ মাণ্ডলিক বন বিষয়া বিবিছন টকবিয়ে 'আমাৰ অসম'ক জনোৱা মতে বিগত প্ৰায় এমাহ ধৰি ঢেঁকীয়াপতীয়া বাঘৰ সন্ধানত চলোৱা হৈছিল অভিযান৷ উল্লেখ্য যে  ৰাষ্ট্ৰীয় উদ্যানখনৰ গুইজান আৰু ছৈখোৱা বনাঞ্চলিক এলেকাত সংস্থাপন কৰা হৈছিল প্ৰায় ৬০টা কেমেৰা৷ অৱশেষত যোৱা ১৪ ডিচেম্বৰত প্ৰথমবাৰ আৰু ১ জানুৱাৰীত দ্বিতীয়বাৰৰ বাবে ঢেঁকীয়াপতীয়া বাঘৰ উপস্থিতি কেমেৰাত ধৰা পৰে৷ উল্লেখ্য যে ৰাষ্ট্ৰীয় উদ্যানখনত ঢেঁকীয়াপতীয়া বাঘৰ উপস্থিতিৰ এয়াই হৈছে প্ৰথম ফটোগ্ৰাফিক প্ৰমাণ৷ ডিব্ৰু-ছৈখোৱাত ঢেঁকীয়াপতীয়া বাঘৰ উপস্থিতিৰ বাতৰিয়ে প্ৰকৃতিপ্ৰেমী সকলক উৎসাহিত কৰি তুলিছে ৷