শুকান মাছো সাৰি নগ’ল! হাগ্ৰামাৰ শাসনত ছিণ্ডিকেটৰাজ তুংগত
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২২ জানুৱাৰীঃ বিটিচিৰ শাসনভাৰ লোৱা চাৰিমাহ সম্পূৰ্ণ হোৱাই নাই, অথচ হাগ্ৰামা মহিলাৰীৰ শাসনত তুংগত উঠিছে ছিণ্ডিকেটৰাজ৷ শ্ৰীৰামপুৰ চেকগেটত পুনৰ আৰম্ভ হোৱা ছেণ্ডিকেটৰাজে অতিষ্ঠ কৰি তুলিছে বিভিন্ন ক্ষেত্ৰৰ ব্যৱসায়ীক৷ বিপিএফৰ মুৰব্বী তথা বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত তেওঁৰ একাংশ ঘনিষ্ঠই শ্ৰীৰামপুৰত ছিণ্ডিকেটৰাজ পূৰ্ণ গতিত অব্যাহত ৰখাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে৷ এই ছিণ্ডিকেটৰাজৰ আঁৰত দিছপুৰৰ এটা শক্তিশালী ৰাজনৈতিক লবীৰ আশীৰ্বাদ থকা বুলিও অভিযোগ উত্থাপিত হৈছে৷ অভিযোগ অনুসৰি দিছপুৰ আৰু বিটিচিৰ এক শক্তিশালী ৰাজনৈতিক চক্ৰৰ পৃষ্ঠপোষকতাত আৰম্ভ হৈছে বহিঃৰাজ্যৰ পৰা অসমলৈ অহা শুকান মাছ, মাছ, পাণ, কণীকে ধৰি বিভিন্ন সামগ্ৰীৰ ছিণ্ডিকেট৷ কোক্ৰাঝাৰ জিলাৰ শ্ৰীৰামপুৰ গেটত বহিঃৰাজ্যৰ পৰা অসমলৈ বিভিন্ন সামগ্ৰী কঢ়িয়াই অনা ট্ৰাকসমূহৰ পৰা সংগ্ৰহ কৰি থকা হৈছে ধন৷
নিৰ্দিষ্ট ধন আদায় নিদিলে আৰক্ষীৰ সহযোগত শ্ৰীৰামপুৰ গেটতে ট্ৰাকসমূহ আবদ্ধ কৰি ৰাখে ছিণ্ডিকেট চক্ৰই৷ ট্ৰাকৰ চালকৰ পৰা আৰক্ষীয়ে জব্দ কৰি ৰাখে সামগ্ৰীৰ চালান৷ টকা দিয়াৰ পাছত ট্ৰাক চালকক আৰক্ষীয়ে ওভতাই দিয়ে সামগ্ৰীৰ চালান৷ তাৰ পাছতহে ট্ৰাকসমূহ অসমত প্ৰৱেশৰ অনুমতি দিয়ে আৰক্ষীয়ে৷ প্ৰতিখন ট্ৰাকৰ পৰা শ্ৰীৰামপুৰ গেটত ছিণ্ডিকেট চক্ৰই সংগ্ৰহ কৰে চ্ছ্ৰযপ্ত হাজাৰ টকাকৈ৷– এই অভিযোগ অসমলৈ শুকান মাছ কঢ়িয়াই অনা একাংশ ট্ৰাক চালকৰ৷ জাগীৰোডত আছে এছিয়াৰ সৰ্ববৃহৎ শুকান মাছৰ বজাৰখন৷ জাগীৰোডৰ এই বজাৰলৈ নিতৌ বহিঃৰাজ্যৰ পৰা আহে শুকান মাছ কঢ়িয়াই অনা ট্ৰাক৷ শেহতীয়াকৈ শুকান মাছ কঢ়িয়াই অনা ট্ৰাকসমূহৰ পৰা শ্ৰীৰামপুৰ গেটত ছিণ্ডিকেট চক্ৰই বলপূৰ্বক সংগ্ৰহ কৰি আছে ধন৷ শ্ৰীৰামপুৰ গেটত ১২ ঘণ্টালৈ আবদ্ধ কৰি ৰখা হৈছে শুকান মাছৰ ট্ৰকসমূহ৷ অবৈধভাৱে সংগ্ৰহ কৰা ধনৰ কোনো ৰছিদ নিদিয়ে ছিণ্ডিকেট চক্ৰই৷ দিয়ে কেৱল মাত্ৰ এটা টোকেন নম্বৰ৷ শ্ৰীৰামপুৰ গেটত ছিণ্ডিকেট চক্ৰ সক্ৰিয় হৈ পৰাৰ পাছতে বিপাঙত পৰিছে জাগীৰোডৰ শুকান মাছৰ ব্যৱসায়ী৷ ট্ৰাকসমূহ শ্ৰীৰামপুৰ গেটতে আবদ্ধ কৰি ৰখাৰ বাবে সময়ত আহি নোপোৱাত আৰ্থিকভাৱে যথেষ্ট ক্ষতিৰ সন্মুখীন হ’বলগীয়া হৈছে ব্যৱসায়ীসকল৷ অকল শুকান মাছৰ ছিণ্ডিকেটেই নহয়, শ্ৰীৰামপুৰ গেটত এতিয়া আৰম্ভ হৈছে ব্ৰইলাৰ, গাহৰি আদিৰো ছিণ্ডিকেট৷ ব্ৰইলাৰ, গাহৰি আদি বহিঃৰাজ্যৰ পৰা অসমলৈ কঢ়িয়াই অনা ট্ৰাকসমূহৰ পৰা আৰক্ষীৰ সহযোগত শ্ৰীৰামপুৰ গেটত ধন সংগ্ৰহ কৰিছে ছিণ্ডিকেট চক্ৰই৷






