উক্তি-বক্ৰোক্তি
গৌৰৱ গগৈৰ পিতৃ ডাঙৰ মানুহ আছিল বাবেই মোৰ পিতৃক সৰু মানুহ বুলি ভাবে৷
– মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
আজিৰ তাৰিখত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাবে মাটি, জাতি, গৰুৰ লগতে ভৱিষ্যত প্ৰজন্ম সুৰক্ষিত নহয়৷ যাৰ বাবে আমি একত্ৰিত হৈ নতুন বৰ অসম গঢ়িব লাগিব
– সাংসদ গৌৰৱ গগৈ
বৰ অসমখনক ভাঙি টুকুৰা টুকুৰ কৰিছে কংগ্ৰেছে৷ গৌৰৱ গগৈৰ পিতৃ পুৰুষসকলে খণ্ডিত কৰিছে বৰ অসমখনক৷ বৰ অসমক ভাঙি থানবান কৰাৰ বাবে দায়ী কংগ্ৰেছ দল৷ পুনৰ অসমখনক খণ্ড খণ্ড কৰিবলৈ সাজু হৈছে গৌৰৱ গগৈ৷
– বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
ৰাইজৰ দল কেৱল সংখ্যালঘু এলেকাতে নহয়, সংখ্যাগুৰু অঞ্চলতো জনপ্ৰিয়৷ ১৭-১৮ ফেব্ৰুৱাৰীত ৰাইজৰ দলত দুজন বৰ্তমানৰ বিধায়কে যোগদান কৰিব৷
–বিধায়ক অখিল গগৈ
বিশ্বত অসমৰ এক সুকীয়া পৰিচয় আছে৷ চাহ, গঁড়, নদী, সংস্কৃতি, ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গৰ বাবে অসম পৰিচিত৷ কিন্তু দুৰ্ভাগ্যজনক কথা যে অসমে এতিয়া সকলোতকৈ দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰীৰ বাবেহে পৰিচয় লাভ কৰিছে৷
– কংগ্ৰেছ নেতা ভূপেশ বাঘেল
১৯৮৫ চনৰ পৰা ২০২৬ চনলৈ বহু নিৰ্বাচন পাৰ হ’ল, কিন্তু অসম চুক্তিৰ জৰিয়তে অবৈধ বিদেশী সমস্যাৰ স্থায়ী সমাধান কোনো চৰকাৰেই নকৰিলে৷ দিল্লী আৰু দিছুপৰত কংগ্ৰেছ, বিজেপি, অগপ সকলো দলেই শাসনভাৰ লৈছে, সকলোৱে নিৰ্বাচনী ইস্তাহাৰত প্ৰতিশ্ৰুতি দিয়ে, কিন্তু নিৰ্বাচন পাৰ হ’লেই সকলোৱে পাহৰি যায়৷
– আছুৰ সভাপতি উৎপল শৰ্মা
অখিল গগৈ আৰু লুৰীণজ্যোতি গগৈৰ কোনো জাতীয়তাবাদ নাই, তেওঁলোকৰ উদ্দেশ্য এটাই, বিধানসভালৈ যাবলৈ মাত্ৰ কংগ্ৰেছৰ সহায় লাগে৷
– কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা
অখিল গগৈ কংগ্ৰেছৰ ষ্টাৰ কেম্পেইনাৰ৷ কিন্তু এটা দলত থকাৰ পাছত আন এটা দলৰ কেম্পেইনাৰ হোৱা প্ৰথম দেখিছোঁ৷ এনেধৰণৰ কাম ৰাজনীতিত আগতে কেতিয়াও হোৱা নাই৷
– মন্ত্ৰী যোগেন মহন
গৌৰৱ গগৈয়ে অসমীয়া ভাষতো শুদ্ধকৈ শিকি লওক৷ পৰিয়ালৰ আটাইকেজনক আগতে ভাৰতীয় কৰি লওক৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুদ্ধকৈ অসমীয়া ক’ব জানে৷ তেওঁৰ পৰিয়ালৰ এজনো সদস্য বিদেশী নহয়৷
– মন্ত্ৰী পীয়ূষ হাজৰিকা
ৰাজ্যত এতিয়াও এআইইউডিএফৰ ঢৌ আছে৷ এই নিৰ্বাচনত ৩০-৩৬ আসনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু এআইইউডিএফ
– বদৰুদ্দিন আজমল






