'আমাৰ অসম' কাকতৰ কাৰ্যবাহী সম্পাদক গৌতম শৰ্মালৈ কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মা বঁটা
'আমাৰ অসম'ৰ ডিজিটেল ডেস্কঃ সোমবাৰে গণৰাজ্য দিৱসৰ দিনটোতে দেশৰ প্ৰাতঃস্মৰণীয় স্বাধীনতা সংগ্ৰামী কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মাৰ সোঁৱৰণত ৰাজ্যখনৰ জ্যেষ্ঠ সাংবাদিক,গীতিকাৰ, সুৰকাৰ গৌতম শৰ্মাক প্ৰদান কৰা হয় 'কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মা বঁটা'। বিহগুৰিৰ নন্দন কানন সংগীত বিদ্যালয়ৰ সপ্তম দ্বি-বাৰ্ষিক কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মা বঁটা ২০২৬-২৭ বিশিষ্ট সাংবাদিক গৌতম শৰ্মাক এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত প্ৰদান কৰা হয়। উল্লেখ্য যে পশ্চিম তেজপুৰ অঞ্চলৰ অন্যতম সাহিত্য-সংস্কৃতিৰ অনুষ্ঠান নন্দন কাননে কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মাদেৱৰ স্মৃতি যাউতি-যুগীয়া কৰিবলৈ ২০১৪ চনৰ পৰা বৰ্তমানলৈকে এই বঁটা প্ৰদান কৰি আহিছে। নিষ্পেষিত জনতাৰ আপোচ বিহীন দলিতৰ কণ্ঠ স্বাধীনতাৰ বিপ্লৱী, অসম সাহিত্য সভাৰ অন্যতম কাণ্ডাৰী কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মাৰ সোঁৱৰণত নন্দন কাননে অসমীয়া সমাজ জীৱনলৈ অনবদ্য অৱদান আগবঢ়োৱা ব্যক্তি সকলক বঁটা প্ৰদান কৰি আহিছে। এই বৰ্ষত দেশৰ ৭৭সংখ্যক গণতন্ত্ৰ দিৱসৰ শুভ ক্ষণত 'আমাৰ অসম' কাকতৰ কাৰ্যবাহী সম্পাদক বিশিষ্ট সাংবাদিক বিহগুৰিৰ সু-সন্তান গৌতম শৰ্মাক কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মা বঁটা প্ৰদান কৰা হয়।
এটি জাপি, অঙ্গবস্ত্ৰ, গামোচা, সম্বৰ্ধনা পত্ৰ, শ্ৰীমদ্ভাগৱত শাস্ত্ৰ, কীৰ্তন ঘোষা, নাহৰ পুলি আৰু নগদ ধনেৰে এই সন্মান দিয়ে নন্দন কাননে। বঁটাটি প্ৰাপকৰ হাতলৈ তুলি ধৰে দৰং মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ, বিশিষ্ট পুৰাতত্ববিদ ড০ সতীশ চন্দ্ৰ ভট্টাচাৰ্য দেৱে। বঁটা গ্ৰহণ কৰি সাংবাদিক গৌতম শৰ্মাই নন্দন কানন সংগীত বিদ্যালয়ৰ উন্নয়নৰ বাবে বঁটাৰ ধন ঘূৰাই দি চৰকাৰ আৰু বৌদ্ধিক সংগঠনলৈ কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মা বঁটা ৰাজহুৱাভাৱে চিন্তাচৰ্চা কৰিব পাৰি নেকি তাৰ প্ৰয়াস ব্যক্ত কৰে। দিনজোৰা অনুষ্ঠানটিৰ মুকলি সভাৰ সভাপতিত্ব কৰে সমাজকৰ্মী বংকিম বৰুৱাই। উল্লেখযোগ্য যে বঁটা গ্ৰহণ কৰি সাম্প্ৰতিক অসমীয়া ভাষাৰ সংকটাপন্ন মুহূৰ্তটোত কিদৰে অসমীয়া সমাজে দায়িত্ববোধক স্বীকাৰ কৰিব তাৰ আহ্বান জনাইছে কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মাৰ বঁটা প্ৰাপক সাংবাদিক গৌতম শৰ্মা ডাঙৰীয়াই।






