Logo
image

মাধৱী যাধৱ আৰু আম্বেদকাৰ

সোমবাৰে পাৰ হৈ গ’ল দেশৰ গণৰাজ্য দিৱস৷ সমগ্ৰ দেশজুৰি পালিত হ’ল গণৰাজ্য দিৱসৰ কাৰ্যসূচী৷ ভাৰতে সংবিধান গৃহিত কৰা এই বিশেষ দিনটোক লৈ সমগ্ৰ দেশতে ত্ৰিৰংগ পতাকা উৰুৱাই ৰাষ্ট্ৰপতিৰ পৰা আৰম্ভ কৰি ৰাজনৈতিক নেতা, মন্ত্ৰী, বিষয়া সকলোৱে ভাষণ ৰাখিলে৷ সোঁৱৰণ কৰিলে গণতান্ত্ৰিক ভাৰত ৰাষ্ট্ৰ জন্মৰ সেই বিশেষ সময়খিনিক৷ তাৰ মাজতে কিন্তু বহুতৰে অলক্ষিতে বহু ঠাইত ঘটি গ’ল বহু সৰু-বৰ ঘটনা৷ তাৰে কিছুমান ঘটনা লোকচক্ষুত আহিল, কিছুমান নাহিল৷ তেনেকুৱা এটা ঘটনাই ঘটিল মহাৰাষ্ট্ৰত৷ ঘটনাটো অৰ্থবহ আৰু চিন্তনীয়৷

মহাৰাষ্ট্ৰৰ জলসম্পদ মন্ত্ৰী তথা বিজেপিৰ এজন জ্যেষ্ঠ নেতা গিৰীশ মহাজনে পতাকা উৰুৱাই অভিবাদন গ্ৰহণ কৰি দিয়া ভাষণত ক’তো এবাৰৰ বাবে হ’লেও উল্লেখ নকৰিলে দেশৰ সংবিধান প্ৰণেতা ভীমৰাও আম্বেদকাৰৰ কথা৷ ‘ভাৰত মাতা কি জয়’, ‘বন্দে মাতৰম’ আদি ধবনি দি ভাষণ দিবলৈ আৰম্ভ কৰা মন্ত্ৰীজনে তেওঁৰ ভাষণত অনাহকতে বহু প্ৰসংগই টানি আনিলে যদিও তেওঁৰ মুখেৰে এবাৰো আম্বেদকাৰৰ নাম উচ্চাৰিত নহ’ল৷ 

কথাটো মন কৰি আছিল সেই সময়ত পেৰেড গ্ৰাউণ্ডত ডিউটীত থকা মাধৱী যাধৱ নামৰ বন বিভাগৰ জ্যেষ্ঠ মহিলা বিষয়াগৰাকীয়ে৷ এটা সময়ত মন্ত্ৰীয়ে যেতিয়া ভাষণ শেষ কৰিলে, তেতিয়া এইগৰাকী বন বিষয়া মঞ্চলৈ উঠি আহিল মন্ত্ৰীক কথাটো ক’বলৈ৷ কিন্তু মন্ত্ৰী জেড কেটেগৰীৰ নিৰাপত্তাৰে পৰিৱেষ্টিত হোৱা বাবে তেওঁক সাক্ষাৎ কৰাত বন বিষয়া মাধৱীক বাধা আৰোপ কৰিলে মন্ত্ৰীৰ নিৰাপত্তাত থকাসকলে৷ এইবাৰ ক্ষোভিত হৈ পৰিল মাধৱী যাধৱ৷ তেওঁ চিঞৰি চিঞৰি মন্ত্ৰীক ক’বলৈ ধৰিলে যে এজন দায়িত্বশীল জ্যেষ্ঠ মন্ত্ৰী হৈ তেওঁৰ ভাষণটোত এবাৰৰ বাবেও ভীমৰাও আম্বেদকাৰৰ নাম উচ্চাৰণ নকৰাৰ কাৰণ কি? যাৰ বাবে ভাৰতে এই সংবিধান লাভ কৰিলে, তেওঁৰ নাম এই সংবিধান গৃহিতকৰণৰ দিনটোত মন্ত্ৰীয়ে ভাষণত এবাৰো উল্লেখ নকৰিলে কিয়? আনকি অনুষ্ঠানটো পৰিচালনা কৰি থকা ঘোষিকাগৰাকীকো এই প্ৰশ্ন কৰিলে যে ঘোষিকায়ো এবাৰৰ বাবেও আম্বেদকাৰৰ নাম নল’লে কিয়? মাধৱী যাদৱৰ মতে, এই সকলো পূৰ্ব পৰিকল্পিত৷ এই প্ৰতিবাদ কৰাৰ বাবে যদি তেওঁৰ চাকৰিটোও যায়, তাৰ বাবে তেওঁ চিন্তিত নহয়৷ অৱশ্যে, বন বিষয়াগৰাকীৰ এনে প্ৰতিবাদত সেও মানি পৰৱৰ্তী সময়ত মন্ত্ৰীয়ে তেওঁৰ ভুল হোৱা বুলি স্বীকাৰ কৰে৷ 

ঘটনাটো কিন্তু গুৰুত্বপূৰ্ণ আৰু চিন্তনীয়৷ এটা অভিযোগ সততে বিজেপিৰ বিৰুদ্ধে উঠি আহিছে যে বিজেপিয়ে মহাত্মা গান্ধী বা ভীমৰাও আম্বেদকাৰৰ অৱদানক স্বীকাৰ কৰিব নোখোজে৷ বিজেপিয়ে আনকি আম্বেদকাৰে প্ৰস্তুত কৰি থৈ যোৱা সংবিধানখনো স্বীকাৰ নকৰে আৰু প্ৰতিনিয়ত ইয়াক সলাই পেলোৱাৰ চিন্তাত ব্যস্ত থাকে৷ উপায়হীন হৈহে বিজেপিয়ে মহাত্মা গান্ধী বা আম্বেদকাৰক মানি আহিছে বুলিও সময়ে সময়ে অভিযোগ উঠি আহিছে৷ তেনেক্ষেত্ৰত মহাৰাষ্ট্ৰৰ মন্ত্ৰীজনৰ এনে কাৰ্যই বিজেপিৰ সেই মনোভাবকে প্ৰতিফলিত কৰিলে নেকি? হয়তো ভাৰতৰ বহু ঠাইতে বহুতে গণৰাজ্য দিৱসৰ দিনটোত পতাকা উৰুৱাই আম্বেদকাৰৰ নাম এবাৰো নল’লে৷ কথাবোৰ ক’বলৈ হয়তো বহুতে সাহস নকৰে বাবেই নোকোৱাকৈ আছে৷ নাইবা সকলো লোক মাধৱী যাধৱৰ দৰে সংবেদনশীলো নহয় বা সাহসীও নহয়৷ সেয়ে তল পৰি থাকে এনেধৰণৰ কথাবোৰ৷ কিন্তু মাধৱী যাধৱে সাহসেৰে এটা ভয়ংকৰ ভৱিষ্যতৰ ইংগিত দি গ’ল৷ 

কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে মহাত্মা গান্ধীৰ নামেৰে চলি থকা ‘এনৰেগা’ আঁচনিৰ নাম সলাই পেলাইছে৷ তাকে লৈ কংগ্ৰেছ দলে দেশজুৰি প্ৰতিবাদো কৰিছে৷ একেদৰে বহু সময়ত অভিযোগ শুনা যায় যে বিজেপি আৰু আৰ এছ এছে কোনো কাৰণতে সংবিধান প্ৰণেতা ভীমৰাও আম্বেদকাৰৰ অৱদানক মানি ল’ব নোখোজে৷ এই অভিযোগৰ সত্যতা জানিয়েই হওক বা অজানিতেই হওক প্ৰমাণ কৰি দিলে মহাৰাষ্ট্ৰ চৰকাৰৰ মন্ত্ৰী, বিজেপিৰ এজন জ্যেষ্ঠ নেতা গিৰীশ মহাজনে৷