ঐতিহাসিক চুক্তি
ভাৰত আৰু ইউৰোপীয় সংঘৰ মাজত এক ঐতিহাসিক বাণিজ্যিক চুক্তি স্বাক্ষৰ হৈছে, যাক ইউৰোপীয় সংঘৰ নেতৃবৰ্গই ‘সকলো চুক্তিৰে মাতৃ’ হিচাপে আখ্যা দিছে৷ যি সময়ত আমেৰিকাৰ কুটিল আৰু অস্থিৰ নীতিৰ বাবে গোলকীয় অৰ্থনৈতিক পৰিৱেশ ক্ৰমান্বয়ে বহুধাবিভক্ত হৈ পৰিছে, সেই সময়তে ভাৰত আৰু ইউৰোপীয় সংঘৰ মাজত স্বাক্ষৰিত মুক্ত বাণিজ্য চুক্তিয়ে (এফটিএ) স্থিৰতা আৰু নিয়মভিত্তিক সহযোগিতাৰ এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিছে আৰু বিশ্বৰ মুঠ ঘৰুৱা উৎপাদনৰ এক চতুৰ্থাংশ ক্ষমতা বহন কৰা দুখন প্ৰধান আঞ্চলিক অৰ্থনীতি ক্ষেত্ৰক সংযোগ কৰি দ্বিপাক্ষিক সম্পৰ্কত এক নতুন অধ্যায় মুকলি কৰিলে৷ গণৰাজ্য দিৱস উদ্যাপনৰ ঠিক এদিনৰ পাছতে প্ৰায় দুটা দশক ধৰি চলা আলোচনাৰ অন্তত বহুপ্ৰত্যাশিত বাণিজ্যিক চুক্তিখনৰ ঘোষণাই প্ৰতীকাত্মকতা আৰু কৌশলগত তাৎপৰ্যৰ এক নিখুঁত দিশ দাঙি ধৰিলে৷ ইউৰোপীয় আয়োগৰ সভাপতি উৰ্চুলা ভন ডাৰ লেয়েন, ইউৰোপীয় পৰিষদৰ সভাপতি এণ্টনিঅ’ কোষ্টা আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উন্মোচন কৰা এই চুক্তিৰ জৰিয়তে ২৭খন ইউৰোপীয় ৰাষ্ট্ৰৰ গোট আৰু বিশ্বৰ আটাইতকৈ জনবহুল দেশখনৰ মাজত সামগ্ৰীৰ মুক্ত বাণিজ্যৰ অনুমতি দিয়া হ’ব, যিয়ে সামগ্ৰিকভাৱে বিশ্বৰ মুঠ ঘৰুৱা উৎপাদনৰ প্ৰায় ২৫ শতাংশ আৰু দুই বিলিয়ন জনসংখ্যাৰ বজাৰখনক প্ৰতিনিধিত্ব কৰে৷
এই চুক্তিয়ে শুল্ক বহু পৰিমাণে হ্ৰাস কৰাৰ লগতে দুয়োপক্ষৰ বাবে বজাৰত প্ৰৱেশৰ সুযোগ অধিক প্ৰসাৰ কৰি তুলিব৷ এতিয়ালৈ ভাৰতে স্বাক্ষৰ কৰা বাণিজ্য চুক্তিসমূহৰ ভিতৰত এইখনেই হৈছে আটাইতকৈ সৰ্ববৃহৎ মুক্ত বাণিজ্য চুক্তি আৰু এই চুক্তিৰ জৰিয়তে ভাৰতৰ কৃষক আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ বাবে ইউৰোপীয় বজাৰত প্ৰৱেশ কৰাটো সহজসাধ্য হৈ পৰে৷ এই চুক্তিৰ জৰিয়তে উদ্ভাৱনীমূলক অংশীদাৰিত্বৰ লগতে উৎপাদন আৰু সেৱা খণ্ডকো উন্নীত কৰা হ’ব৷ তদুপৰি এই চুক্তিৰ অধীনত আমদানি শুল্ক হ্ৰাস কৰাৰ পাছত ভাৰতৰ বজাৰত প্ৰৱেশ কৰা ইউৰোপীয় সামগ্ৰী যেনে গাড়ী, যন্ত্ৰপাতি আৰু কৃষি খাদ্যসামগ্ৰীৰ খৰচো কম হ’ব৷ ইয়াৰ সমান্তৰালভাৱে ভাৰতৰ সকলো ৰপ্তানিজাত সামগ্ৰী যেনে বস্ত্ৰ, চামৰা, সাগৰীয় সামগ্ৰী, হস্তশিল্প, ৰত্ন আৰু গহনা আদিত শুল্ক হ্ৰাস বা নিৰ্মূলৰ জড়িয়তে ইউৰোপীয় সংঘৰ বজাৰত ‘অগ্ৰাধিকাৰপ্ৰাপ্ত প্ৰৱেশ’ৰ সুযোগ লাভ কৰিব৷
তাৎপৰ্যপূৰ্ণ কথা এয়ে যে, ইউৰোপীয় বাহনৰ ওপৰত বৰ্তমান প্ৰচলিত ১১০ শতাংশ শুল্ক বছৰি একাদিক্ৰমে ১০ শতাংশলৈ হ্ৰাস কৰা হ’ব৷ বৰ্তমান ভাৰতৰ বছৰি ৪৪ লাখ ইউনিট গাড়ীৰ বজাৰত ৪ শতাংশতকৈও কম অংশহে ইউৰোপীয় গাড়ী নিৰ্মাতাসকলৰ হাতত আছে, ইয়াৰ বিপৰীতে জাপানৰ ছুজুকি মটৰৰ লগতে ঘৰুৱাভাৱে উৎপাদিত ব্ৰেণ্ড মহিন্দ্ৰা আৰু টাটাৰ আধিপত্য আছে, য’ত সামগ্ৰিকভাৱে তেওঁলোকে দুই তৃতীয়াংশ বজাৰ দখল কৰি আছে৷ এই চুক্তিৰ জৰিয়তে ৰাসায়নিক পদাৰ্থ, যন্ত্ৰপাতি আৰু বৈদ্যুতিক সঁজুলিৰ লগতে বিমান আৰু মহাকাশযানৰ বেছিভাগ ৰপ্তানিৰ ওপৰত পৰ্যায়ক্ৰমে শুল্ক হ্ৰাস কৰাৰ পাছত এটা সময়ত ইয়াক সম্পূৰ্ণৰূপে বাতিল কৰা হ’ব৷ ইউৰোপীয় ইউনিয়ন হৈছে ভাৰতৰ সামগ্ৰীৰ সৰ্ববৃহৎ বাণিজ্যিক অংশীদাৰ, ২০২৪-২৫ চনত দ্বিপাক্ষিক বাণিজ্যই প্ৰায় ১৩৬ বিলিয়ন ডলাৰ স্পৰ্শ কৰিছিল আৰু সেৱাৰ বাণিজ্যও ক্ৰমাগতভাৱে বৃদ্ধি পাইছে৷
যোৱা দশকত ইউৰোপীয় কোম্পানীসমূহে ভাৰতৰ উৎপাদন, স্বচ্ছ শক্তি আৰু ডিজিটেল খণ্ডত নিজৰ স্থিতি বহল কৰি তোলাৰ বিপৰীতে ভাৰতীয় প্ৰতিষ্ঠানসমূহে– তথ্য আৰু প্ৰযুক্তিৰ সেৱাৰ পৰা আৰম্ভ কৰি ঔষধলৈকে বিভিন্ন খণ্ডত সমগ্ৰ ইউৰোপতে নিজৰ উপস্থিতি ব্যাপক কৰি তুলিছে৷ এই মুক্ত বাণিজ্য চুক্তিখনক বহল অৰ্থত অৰ্থনৈতিক ক্ষেত্ৰখনৰ কৌশলগত সংমিশ্ৰণৰ মূল স্তম্ভ হিচাপে গণ্য কৰা হৈছে৷ যোৱা কেইবছৰমানৰ পৰা ভাৰত আৰু ইউৰোপীয় ইউনিয়নে প্ৰতিৰক্ষা আৰু সামুদ্ৰিক সুৰক্ষা, স্বচ্ছ শক্তি আৰু জলবায়ু সম্পৰ্কীয় বিষয়, ডিজিটেল প্ৰযুক্তি, মহাকাশ আৰু সংযোগৰ ক্ষেত্ৰত ব্যাপক সহযোগিতাৰ সৃষ্টি হোৱা দেখা গৈছে৷ আমেৰিকাৰ সৈতে সৃষ্টি হোৱা পৰিষদৰ পাছত ইউৰোপীয় ইউনিয়নে দ্বিতীয়বাৰৰ বাবে ২০২২ চনত ভাৰত-ইউৰোপীয় ইউনিয়নৰ মাজত বাণিজ্য আৰু প্ৰযুক্তি পৰিষদ স্থাপন কৰাটোৱেই এই স্বীকৃতি প্ৰদান কৰে যে বাণিজ্য, প্ৰযুক্তি আৰু নিৰাপত্তা এতিয়া এটা আনটোৰ অবিচ্ছেদ্য অংগ৷






