Logo
image

গৌৰৱ গগৈৰ উভয় সংকট

২০১৬ৰ নিৰ্বাচনত বিজেপিৰ মিত্ৰদল অগপই ১৪খন আৰু বিপিএফে ১২খন আসন লাভ কৰিছিল৷ মিত্ৰদলে বিজেপিক ২৬খন আসন যোগান ধৰিছিল৷ অৰ্থাৎ বিজেপিয়ে অকলে ৪০খন আসন পালেও চৰকাৰ গঠন কৰিব পাৰিলেহেঁতেন৷ বিজেপিয়ে পাইছিল ৬০খন৷ গতিকে মিত্ৰজোঁটটোৰ আসন হৈছিলগৈ ৮৬খন৷ ২০২১ চনত অগপই ৯খন আৰু ইউপিপিএলে ৬খন আসন পাইছিল৷ মিত্ৰজোঁটৰ আন দুটা দলে বিজেপিক ১৫খন আসন গোটাই দিছিল৷ বিজেপিয়ে অকলে সেইবাৰো পাইছিল ৬০খন আসন, বিজেপিয়ে ৪৮খন আসন পালেও চৰকাৰ গঠন কৰিব পাৰিলেহেঁতেন৷ দুয়োবাৰে মিত্ৰদলে বিজেপিক বৃহৎ সংখ্যাগৰিষ্ঠতা অৰ্জনত সহায় কৰিছিল৷

২০১৬ চনত কংগ্ৰেছে তৰুণ গগৈৰ নেতৃত্বত ইউডিএফৰ সংগ ত্যাগ কৰি অকলে যুঁজিছিল, কিন্তু মাত্ৰ চ্ছখন আসনতহে জয়ী হৈছিল৷ ২০২১ত কংগ্ৰেছে ইউ ডি এফ আৰু বামপন্থী দল আৰু বিপিএফৰ স’তে মহাজোঁট গঠন কৰি প্ৰতিদ্বন্দ্বিতা কৰিছিল৷ মহাজোঁটৰ অংশীদাৰ দল কংগ্ৰেছে ২৯, ইউডিএফে ১৬, বিপিএফে চ্ছ্ৰ আৰু চিপিএমে ৰখন আসনত জয়ী হৈছিল৷ মহাজোঁটৰ মুঠ আসন আছিল ৫০খন৷ চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় ৬৩খন, মহাজোঁট গঠনৰ পাছতো ১৩খন আসন কম হৈছিল৷

২০২৬ৰ নিৰ্বাচনৰ দিন চমু চাপি আহিছে৷ এতিয়া কংগ্ৰেছৰ নেতৃত্ব তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈৰ হাতত৷ ২০২৪ৰ লোকসভা নিৰ্বাচনত সোঁতৰ সম্পূৰ্ণ বিপৰীতে গৈ গৌৰৱ গগৈয়ে যোৰহাট লোকসভা সমষ্টিত বিজেপিক পৰাস্ত কৰি অসমৰ ৰাজনীতিত আৰু বিশেষকৈ উজিন অসমত নিজকে এজন শক্তিশালী নেতাৰূপে প্ৰতিষ্ঠা কৰিছে৷ কংগ্ৰেছেও তেওঁৰ হাততে অসমত দলটোৰ নেতৃত্ব অৰ্পণ কৰিছে৷ বিজেপিক ক্ষমতাৰ পৰা অপসাৰিত কৰিবলৈ হ’লে কংগ্ৰেছে ৬৩খন আসন তেওঁলোকৰ হাতত ৰাখিব লাগিব৷ কংগ্ৰেছে ইতিমধ্যে ইউডিএফৰ সংগ ত্যাগ কৰিছে৷ যদি ধৰি লোৱা হয় যে ২০২১ত কংগ্ৰেছে লাভ কৰা ২৯খন আসনৰ লগতে ইউডিএফে পোৱা ১৬খন আসনো এইবাৰ কংগ্ৰেছে পায়, তেতিয়াও কংগ্ৰেছৰ আসনৰ সংখ্যা ৪৫খন হ’বগৈ৷ তাৰ পাছতো কংগ্ৰেছক ১৮খন আসনৰ প্ৰয়োজন হ’ব৷ কংগ্ৰেছে হয় নিজেই এই ১৮খন আসন গোটাব লাগিব, নহ’লে মিত্ৰদলবোৰে কংগ্ৰেছক এই ১৮খন আসন গোটাই দিব লাগিব৷ বিটিআৰৰ কোনটো দল কংগ্ৰেছৰ মিত্ৰ হ’ব আৰু সেই দলটোৱে কিমানখন আসনত জয়ী হ’ব? হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত বিপিএফ পুনৰ শক্তিশালী ৰূপত উভতি আহিছে, ২০১৬ চনত বিপিএফে বিজেপি মিত্ৰজোঁটলৈ ১২খন আসনৰ অৰিহণা যোগাইছিল৷ এইবাৰ হাগ্ৰামা মহিলাৰী বিজেপিৰ পক্ষত থকাৰ সম্ভাৱনাই অধিক নহয়নে? বামপন্থী দলবোৰে কিমানখন আসনত জয়ী হ’ব? বাকী থকা অজাপ আৰু ৰাইজৰ দলে বিজেপিক পৰাভূত কৰিবলৈ গৌৰৱ গগৈক কিমানখন আসন গোটাই দিব? কংগ্ৰেছে ৫৮খন বা ৬০খন আসনত জয়ী হ’লেও বাকী প্ৰয়োজনীয় ৩১ পৰা প্তখন আসন কংগ্ৰেছক কোনে গোটাই দিব?

বিৰোধী দলসমূহে বিজেপিক পৰাভূত কৰাৰ লগতে নিজৰ স্থিতিও শক্তিশালী কৰিব বিচাৰে৷ বিজেপিক পৰাভূত কৰাৰ বাবে নিজৰ অস্তিত্ব নোহোৱা কৰিবলৈ কোনো দল ৰাজী নহয়৷ প্ৰায় নিঃচিহ্ন হোৱা বামপন্থী দলে নিজকে পুনৰুজ্জীৱিত কৰিব বিচাৰে৷ ৰাইজৰ দলে নিজৰ আসনৰ সংখ্যা এখনৰ পৰা অধিক কৰিব বিচাৰে৷ অজাপই অসম বিধানসভাত নিজৰ এটা স্থান গঢ়িব বিচাৰে৷ ইয়াৰ বাবে তেওঁলোকক কংগ্ৰেছৰ সহায় অপৰিহাৰ্য৷

এই দলকেইটাই গৌৰৱ গগৈক সহায় কৰিব নোৱাৰিলেও অনিষ্ট কৰিব পাৰে৷ যদি মিত্ৰ দলৰ ভূমিকা এনেকুৱা হয় যে মিত্ৰজোঁটৰ মূল দলটোক সহায় কৰাতকৈ ক্ষতি কৰিব পৰা সম্ভাৱনাৰ ওপৰতহে মিত্ৰজোঁটটোৰ অস্তিত্ব নিৰ্ভৰ কৰে, তেনেহ’লে সেই মিত্ৰজোঁটে বিজেপিক কিদৰে প্ৰত্যাহ্বা৩ন জনাব?

বিজেপিয়ে ইতিমধ্যে জয়লাভ কৰা আসনখিনি আৰু ইতিমধ্যে লাভ কৰা ভোটখিনি ধৰি ৰাখিব পাৰিলেই হ’ল৷ দলটো দিল্লী আৰু দিছপুৰতো শাসনত আছে৷ ধনে-জনে-ক্ষমতাই সকলোফালৰ পৰা সুবিধাজনক স্থিতিত আছে৷ কংগ্ৰেছ দিল্লী-দিছপুৰৰ ক্ষমতাৰ পৰা যোৱা এটা দশক বিতাৰিত হৈ আছে৷ তেনে পৰিস্থিতিত শাসনাধিষ্ঠিত দলটোৰ পৰা ২০খন আসন আঁজুৰি আনিব পৰাটো এক কঠিন প্ৰত্যাহ৩ান৷ কংগ্ৰেছে গৌৰৱ গগৈৰ নেতৃত্বত এই তুমুল প্ৰত্যাহ৩ানৰ সন্মুখীন হৈছে আৰু কংগ্ৰেছৰ এনে কোনো মিত্ৰদল নাই যিটোৱে কংগ্ৰেছৰ নিজৰ স্থিতি নথকা ২০খন আসন বিজেপিৰ পৰা আঁজুৰি আনি কংগ্ৰেছক যোগান ধৰিব পাৰে৷ সেয়েহে যুঁজখনত কংগ্ৰেছ আৰু গৌৰৱ গগৈ প্ৰায় অকলশৰীয়া৷