উক্তি-বক্ৰোক্তি
মিঞা মানে হৈছে বাংলাদেশী অনুপ্ৰৱেশকাৰী৷ এজন নহয়, হাজাৰ হাজাৰ গৌৰৱ-ৰাহুল আহিলেও আমাক একো কৰিব নোৱাৰে৷ অনুপ্ৰৱেশকাৰীয়ে অসম এৰি যাবই লাগিব৷ এয়া অসমীয়া লোকৰ অস্তিত্ব আৰু জীৱন-মৃত্যুৰ মাজৰ সময়৷ বিজেপি নাথাকিলে তেওঁলোকে মিঞাক সম্পূৰ্ণ অসমখন বিক্ৰী কৰি দিব৷
– মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
আমি এতিয়া তেওঁৰ শেষ ইচ্ছা পূৰণ কৰিব লাগিব৷ অজিতে এনচিপিৰ দুয়োটা গোট একগোট হোৱাৰ বাবে চূড়ান্ত আলোচনা চলাই আছিল৷ ১২ ফেব্ৰুৱাৰীত এনচিপি একগোট হোৱাৰ ঘোষণা কৰাৰ কথা আছিল৷
– এনচিপিৰ মুৰব্বী শাৰদ পাৱাৰ
কংগ্ৰেছৰ সৈতে মিত্ৰতা সন্দৰ্ভত আমি বিচৰাৰ দৰে সঁহাৰি পোৱা নাই৷ দেওবাৰে হ’বলগীয়া বৈঠকত আমি চূড়ান্ত সিদ্ধান্তত উপনীত হ’ম৷ মই কেৱল শিৱসাগৰৰ পৰা নিৰ্বাচন খেলিম আৰু জিকিম৷ মই শিৱসাগৰৰ গৰ্বিত বিধায়ক৷
– শিৱসাগৰৰ বিধায়ক অখিল গগৈ
প্ৰিয়ংকা চোপ্ৰা বলীউডৰ এম্বাচাদৰ হোৱা উচিত আছিল৷ তেওঁ সকলোতকৈ বুদ্ধিমতী অভিনেত্ৰী৷ কিন্তু আমি তেওঁক ৰাখিব নোৱাৰিলোঁ৷ প্ৰতিভাবান অভিনেত্ৰীগৰাকীয়ে দেশ এৰি গুচি যাবলগীয়া হ’ল৷
– ছবি প্ৰযোজক শৈলেন্দ্ৰ সিং
মিঞা মিঞা বুলি কৈ তুমি গোটেই অসমখন লুটি-পুটি কেৱল পত্নীৰ বাবে সম্পত্তি গঢ়িলা৷
– কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰ
২০২৬ চনৰ বিধানসভা নিৰ্বাচনত আমি তৃণমূল কংগ্ৰেছক পশ্চিমবংগৰ পৰা পুলিয়ে পোখাই উঘালিম৷ তেওঁলোকে সমগ্ৰ ৰাজ্যখন দুৰ্নীতিৰে গেলাই দিলে৷ মই কথা দিছোঁ, ২০২৬ পশ্চিমবংগৰ বাবে পৰিৱৰ্তনৰ বছৰ হ’ব৷
– কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ
১৯ লাখ বিদেশী চিনাক্ত হৈ আছে৷ অন্ততঃ সেই ১৯ লাখক বিজেপি চৰকাৰে বিতাড়ন কৰি দেখুওৱাক৷ এনেই মিঞা মিঞা কৈ লাভ নাই৷
– এজেপিৰ সম্পাদক জগদীশ ভূঞা
আমি এতিয়াৰ পৰা ইউৰোপৰ দেশলৈ ৪০/৫০ বিলিয়ন ডলাৰৰ বস্ত্ৰজাত সামগ্ৰী ৰপ্তানি কৰিম৷
– কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰী পীয়ূষ গোৱেল






