Logo
image

ন্যায় এতিয়া সুদূৰপৰাহত

২০২৬ অসম বিধানসভা নিৰ্বাচন সমাগত৷ চৰকাৰ,  বিৰোধী সকলো এতিয়া নিৰ্বাচনক লৈ ব্যস্ত৷ ব্যস্ত  যিকোনো উপায়েৰে শাসন লাভ বা ক্ষমতা অটুত ৰখাত৷ অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গক লৈ  এতিয়া কোনো ব্যস্ত হৈ থকা নাই৷ ব্যস্ত হৈ আছে যদি জুবিনক মনে-প্ৰাণে ভাল পোৱা এচাম অসমীয়া৷ কেৱল এমুঠিমান অসমীয়াৰ কথাহে কৈছো৷ বিয়া-সবাহ বা অন্য মনোৰঞ্জনধৰ্মী অনুষ্ঠানত জুবিনৰ গান শুনি আনন্দত মতলীয়া হৈ পৰা ‘বৃহত্তৰ অসমীয়া জাতিৰ’ অংশীদাৰসকল নহয়৷ নহয় জুবিনৰ জৰিয়তে সামাজিক মাধ্যমত নিজকে জুবিন অনুৰাগী সজোৱাসকল৷ জুবিনৰ ন্যায় বিষয়টোক লৈ আজি সেইচাম উদ্বিগ্ন মুঠেও নহয়৷ অসম চৰকাৰে ইতিমধ্য গা এৰা দিছে বুলি ধৰি ল’ব পাৰি৷ সময়ৰ সোঁতত সকলো মিলি যাব– এনে ধৰণৰ এটা ধাৰণা চৰকাৰৰ৷ জুবিনৰ বাবে বহু কৰিলে, এতিয়া আদালতে  বাকীখিনি কৰিব–  ৰাইজলৈ এনে ভাব বা বাৰ্তা চৰকাৰখনৰ৷

এচামে আকৌ মৃত জুবিনৰ চৰিত্ৰ হননত ব্যস্ত হৈ পৰিছে৷ সেই চামে এনেভাৱে লগিছে যেন কোনো বিশেষ শক্তিয়ে অনবৰতে বল প্ৰয়োগ কৰি আছে, যাৰ প্ৰতিফলন ঘটিছে বিভিন্ন মাধ্যমত৷ জুবিন অনুৰাগী  তথা অসমৰ ৰাইজক বিপথে পৰিচালিত কৰি আজিও প্ৰথমৰ দৰে সজীৱ হৈ থকা জুবিন সত্ত্বাক সেও কৰিবলৈ অহৰহ চেষ্টা সেইবোৰে চলাই আছে৷ ৰাইজে কথাবোৰ মানি নোলোৱা দেখি জুবিনৰ চৰিত্ৰ হননকাৰীৰ সংখ্যা দিনকদিনে বৃদ্ধি পাব ধৰিছে৷ ইয়াৰ মাজত কি ৰহস্য লুকাই আছে সেয়া পোহৰলৈ আহিবলৈ বাকী৷ জুবিনক পাহৰণিৰ গৰ্ভলৈ ঠেলি দি প্ৰকৃত সত্য লুকুওৱাৰো চেষ্টা হ’ব পাৰে৷ কাৰণ অসমীয়াই অতি সহজে কথা পাহৰে৷

জুবিনৰ ন্যায় আৰু জুবিন সত্ত্বাক সুৰক্ষিত কৰি ৰখাৰ বিষয়টো লৈ এতিয়া এচাম প্ৰকৃত জুবিন অনুৰাগী আৰু জুবিনৰ পৰিয়ালহে ব্যস্ত৷ তেওঁলোকেহে দাবী কৰিছে যে অতি সোনকালে জুবিনৰ ন্যায় লাগে৷ কিন্তু ন্যায় প্ৰদানৰ প্ৰক্ৰিয়া ইমান লেহেমীয়া যে এই আশা কেতিয়া পূৰণ হয় কোৱা টান৷ জুবিনৰ ন্যায়ৰ বাবে কোনো বিশেষ আদালত নাই৷ অসম আৰু ছিংগাপুৰ দুখন ঠাইত বিচাৰ চলিছে৷ কিন্তু দুৰ্ভাগ্যৰ বিষয় যে দুয়োখন ঠাইতে কথা অমিল৷ অসমত জুবিনক হত্যা কৰা হৈছে বুলি বিচাৰ চলাৰ  বিপৰীতে ছিংগাপুৰত জুবিনৰ মৃত্যুত কোনো অস্বাভাৱিকতা নাই বুলি প্ৰকাশ কৰিছে৷  জুবিন অনুৰাগী আৰু জুবিনক ভাল পোৱা অসমীয়াৰ বাবে বৰ বিভ্ৰান্তিকৰ৷ লাহে লাহে ধূসৰ হৈ পৰিছে জুবিনক লৈ হোৱা জাতীয় আন্দোলন৷ জুবিনৰ ন্যায় বিচাৰি তাল-ফাল লগোৱাসকল এতিয়া নিৰ্বাচনক লৈ ব্যস্ত৷ 

বিয়াগোম ৰাজনৈতিক নেতাই  বৰ বৰ চলাহী কথাৰে জনতাক আভুৱা ভুৰিছে৷ প্ৰতিশ্ৰুতি আৰু আঁচনিৰ যোৱাৰ উঠিছে৷ কিন্তু কৰো মুখত জুবিনৰ নাম নাই৷ জুবিনক ইতিমধ্যে একাষৰীয়া কৰা হৈছে৷ মানুহক এনেদৰে ব্যস্ত কৰা হৈছে জুবিনৰ ন্যায় লৈ যাতে মানুহে মাত নামাতে৷ নগদ ধন আৰু জীয়াই থকাৰ ন্যুনতম সামগ্ৰী দি জনতাক জীৱনৰ আচল মৰ্যাদা কি সেয়া পাহৰাই পেলোৱা হৈছে৷৷ এমুঠিমান সচেতন অসমীয়াৰ বাদে সকলোৰে এটাই কাম – নিৰ্বাচত নগদ টকা আৰু আঁচনি দিয়া চৰকাৰক ভোট দিব লাগে যাতে পুনৰ আঁচনি লাভ কৰাত সুবিধা হয়৷ উন্নত জীৱন কাৰো কাম্য নহয় এতিয়া৷ দুবেলা দুমুঠি খাই লৈ জীয়াই থকাৰ ধাৰণাই৷ এতিয়া সামগ্ৰিক ধাৰণালৈ পৰিণত হৈছে৷

 আঁচনিও লাগিব, জুবিনৰ ন্যায়ো লাগিব বুলি দম্ভালি মৰাসকল এতিয়া চৰকাৰী মেল-মিটিঙত ব্যস্ত৷ জুবিনৰ পৰিয়ালৰ লগত সদায় থাকিম বুলি কোৱাসকল এতিয়া  বৰ বৰ নেতাৰ অভ্যৰ্থনাত ব্যস্ত৷ জুবিনক হত্যা কৰা হৈছে বুলি কোৱা চাৰকাৰী মানুহ এতিয়া ২০২৬ৰ নিৰ্বাচনক লৈ ব্যস্ত৷ জুবিনক ইমান সোনকালে অসমীয়াই পাহৰি যাব বুলি ভবা কঠিন৷ তথাপি ই সত্য৷ অসমীয়াই অতি সোনকালে কথা পাহৰে৷ জুবিনৰ ন্যায় যেন এতিয়া সুদূৰপৰাহত৷