Logo
image

বিজেপিৰ স্নায়ুযুদ্ধ আৰু নিৰ্বাচন আয়োগৰ ভূমিকা

মাজত খুব বেছি ডেৰটা বা দুটা মাহ৷ তাৰ পাছতেই অসমত ভোটযুদ্ধ৷ এইবাৰৰ বিধানসভা নিৰ্বাচনত দুটা দিশ খুব চাবলগীয়া হ’ব বুলি ধাৰণা কৰিব পাৰি৷ ইয়াৰে প্ৰথমটো হৈছে ৰাজনৈতিক আক্ৰমণ-প্ৰতিআক্ৰমণবিলাক এইবাৰ দলসমূহৰ মাজত পূৰ্বতকৈ অলপ ব্যতিক্ৰমী হোৱাৰ ইংগিত পোৱা গৈছে, আৰু দ্বিতীয়টো ভোটদানৰ ক্ষেত্ৰত ভোটাৰৰ মাজত একধৰণৰ বিভ্ৰান্তিৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে, যদিহে নিৰ্বাচন আয়োগৰ তৰফৰ পৰা সময় থাকোঁতেই ভোটদাতাৰ মাজত পৰ্যাপ্ত পৰিমাণৰ সজাগতা অভিযান চলোৱা নহয়৷ ইয়াৰে প্ৰথমটোৰ আগজাননী ইতিমধ্যে পোৱা গৈছে৷ এইবাৰৰ নিৰ্বাচন শাসক দলটোৰ বাবে এইবাবেই বিশেষ কিয়নো বিৰোধীয়ে আজি ভোটলৈ দুটা মাহ বাকী থকাৰ পাছতো শক্তিশালী ৰূপত শাসক দল বিজেপিৰ বিৰুদ্ধে নিজাববীয়াকৈ কোনো এটা ইছ্যু থিয় কৰাব পৰা নাই৷ এতিয়ালৈকে বিৰোধীয়ে যিখিনি কৰিছে তাৰে অধিকাংশ ইছ্যুৱেই সংবাদ মাধ্যমৰ আঁত ধৰিহে কৰিছে৷

গতিকে এনে প্ৰেক্ষাপটত বিৰোধীক বিশেষ কোনোধৰণে শাসক পক্ষই আক্ৰমণ নকৰিলেও আচলতে চলি যায়৷ কিন্তু তৎসত্ত্বেও বিজেপিয়ে কংগ্ৰেছ বা বিজেপিৰ ওপৰত অহৰ্নিশে আক্ৰমণ চলায়েই আছে৷ ইয়াৰ কাৰণটো হ’ল– বিজেপিৰ ৰাষ্ট্ৰীয় স্তৰৰ কিছুমান নীতি, যিবিলাক সকলো ৰাজ্যতে সমভাৱে দলটোৱে প্ৰয়োগ কৰে৷ সেয়া হ’ল– বিজেপিয়ে ক’তো কোনো সুৰুঙা ৰাখিব নোখোজে৷ পৰুৱাৰ কামোৰতো কেতিয়াবা বিশালকায় জীৱৰ মৃত্যু ঘটে৷ সেই কথা গেৰুৱা দলটোৱে খুব ভালকৈ বুজি পায়৷ সেয়েহে ক’তো সুৰুঙা ৰাখিব নোখোজে৷ এই যে বিৰোধীৰ দুৰ্বল স্থিতি আৰু থৰক-বৰক খোজ দেখিও বিজেপিয়ে সমুখ সমৰৰ বাবে সকলো ফালৰ পৰা সাজু হৈ নামি পৰিছে বা সমুখৰ শত্ৰুক কেতিয়াও দুৰ্বল বুলি নভবা নীতি মানি চলিছে, সেয়াই হৈছে ডাঙৰ কথা৷ প্ৰতিখন সভাই-সমিতিয়ে বিজেপিৰ নেতাসকলেই হওক বা মুখ্যমন্ত্ৰীয়েই হওক দৃঢ়তাৰে কৈ আহিছে যে বিৰোধীৰ কোনো অস্তিত্বই আজিৰ তাৰিখত অসমত নাই৷ যদি কথাটো তেনেকুৱাই হয়, তেন্তে বিজেপিৰ ইমান আগ্ৰাসী ৰূপ আৰু তৎপৰতা কিয় নিৰ্বাচনক লৈ? যদি প্ৰতিপক্ষৰ কোনো অস্তিত্বই নাই, তেন্তে নিৰ্বাচনটোক লৈ বিজেপি নিশ্চয় ইমান চিন্তিত হ’ব নালাগিছিল৷ সেয়াই বিজেপিৰ নীতি৷ যিয়ে সমুখৰ প্ৰতিদ্বন্দ্বীক দুৰ্বল বুলি জানিলেও কিন্তু নিজক শক্তিশালী কৰি ৰখাত কোনো ত্ৰুটি নাৰাখে৷

আনহাতে, এইবাৰৰ নিৰ্বাচনত কংগ্ৰেছ বা বিৰোধীৰ বিৰুদ্ধে যে বিজেপিয়ে শক্তিশালী এখন স্নায়ুযুদ্ধ চলাব, সেয়া নিশ্চিত৷ আৰু সেই স্নায়ুযুদ্ধৰ মূল লক্ষ্য হ’ব গৌৰৱ গগৈ৷ ইতিমধ্যে সেই স্নায়ুযুদ্ধ বিজেপিয়ে আৰম্ভ কৰি দিছে৷ কংগ্ৰেছে নিৰ্বাচনী প্ৰচাৰৰ সৰহভাগ সময় যাতে এই স্নায়ুযুদ্ধৰ পৰা গৌৰৱ গগৈক ৰক্ষা কৰাৰ বাবেই ব্যস্ত হৈ থাকিব পাৰে, সেয়াই বিজেপিৰ কৌশল৷ ফলত কংগ্ৰেছৰ মনোযোগ ব্যাহত হ’ব৷

এইবাৰৰ নিৰ্বাচনত আৰু এটা গুৰুত্বপূৰ্ণ দিশ দেখা পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে৷ সেয়া হ’ল ভোটাৰক যদিহে নিৰ্বাচন আয়োগে পৰ্যাপ্ত পৰিমাণে সজাগ আৰু সহযোগিতা নকৰে, তেন্তে ভোটদানৰ সামগ্ৰিক হাৰ পূৰ্বতকৈ কিছু হ্ৰাস পাব পাৰে৷ কিয়নো সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত এইটো হ’ব অসমত প্ৰথমটো নিৰ্বাচন৷ সমষ্টি নতুন, ভোটগ্ৰহণ কেন্দ্ৰ নতুন, এই সকলোবিলাকৰ মাজত বহু ভোটদাতা বিভ্ৰান্ত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে৷ এইক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিব নিৰ্বাচন আয়োগৰ লগতে ৰাজনৈতিক দলসমূহেও৷