Logo
image

ফাদাৰ অৱ অল ডীল

যোৱা কিছুদিন ধৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে সূচনা কৰা শুল্ক যুদ্ধৰ পৰিণতিত সমগ্ৰ বিশ্বতে এক যুদ্ধসদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে, য’ত ভাৰতে নিজৰ স্বাৰ্থ সুৰক্ষাৰ বাবে অন্যান্য বিকল্প বাণিজ্যিক বজাৰৰ সন্ধান কৰিব লগাৰ দৰে পৰিৱেশৰ সৃষ্টি হৈছে৷ কিন্তু ইয়াৰ মাজতে যোৱা সোমবাৰে আমেৰিকাৰ ৰাষ্ট˜পতিজনে সামাজিক মাধ্যমৰ যোগেদি যি ঘোষণা কৰিলে তাৰ পৰা এই কথাই প্ৰতীয়মান হয় যে, ভাৰত আৰু আমেৰিকাৰ মাজৰ পৰস্পৰৰ স্বাৰ্থ সিদ্ধিৰ ওপৰত নিৰ্ভৰশীল এক বুজাবুজিয়ে আকাৰ লাভ কৰিলে৷

ৰাষ্ট্ৰপতি ট্ৰাম্পে সামাজিক মাধ্যমৰ দ্বাৰা এই দাবী কৰিছে যে, আমেৰিকা আৰু ভাৰতৰ মাজত এক বাণিজ্যিক চুক্তিৰ সহমতত উপনীত হৈছে, যাৰ অধীনত আমেৰিকাই ভাৰতৰ ওপৰত আৰোপ কৰা ৫০ শতাংশ শুল্কৰ পৰা ১৮ শতাংশ শুল্কলৈ হ্ৰাস কৰিছে৷ আনফালে, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উল্লেখ কৰিছে যে, ভাৰতে যিদৰে আমেৰিকাৰ বিৰুদ্ধে যি শুল্ক আৰু শুল্কবিহীন বাধা আৰোপ কৰি থৈছিল, সেয়াও অন্ত পেলোৱা হ’ব৷

দুয়োখন দেশৰ দ্বাৰা আগবঢ়োৱা এনে শুল্ক সম্বন্ধীয় ঘোষণাই দুয়োখন দেশৰ মাজত চলি থকা উত্তেজনাক প্ৰশমিত কৰাৰ এক সূচক হিচাপে গণ্য কৰা হৈছে৷ কিন্তু এই কথা এতিয়াও স্পষ্ট নহয় যে, দুয়োখন দেশৰ মাজৰ বাণিজ্যিক চুক্তিৰ অন্তিম ৰূপ কেনেধৰণৰ হ’ব আৰু এই চুক্তিৰ জড়িয়তে দেশ দুখনৰ ৰাষ্ট্ৰীয় স্বাৰ্থ কিদৰে সুৰক্ষিত হৈ থাকিব৷ এই প্ৰেক্ষাপটত ৰাজহুৱা হোৱা তথ্য অনুসৰি, আমেৰিকাই যিদৰে শুল্ক হ্ৰাস কৰাৰ কথা উল্লেখ কৰিলে, তাৰ দ্বাৰা ভাৰতৰ অৰ্থনৈতিক ক্ষেত্ৰখন বাৰুকৈয়ে লাভৱান হ’ব৷

দৰাচলতে, আমেৰিকাৰ দ্বাৰা যোৱাটো বৰ্ষত আৰোপিত শুল্কৰ ব্যাপক ঋণাত্মক প্ৰভাৱ ভাৰতীয় অৰ্থনীতিত ঘনীভূত হোৱা দেখা গৈছিল৷ ইয়াৰ পাছতো আমেৰিকাৰ দ্বাৰা কঠোৰভাৱে আৰোপিত শুল্কৰ প্ৰভাৱত নতি স্বীকাৰ নকৰি নিজৰ অৰ্থনীতিক কিদৰে সুৰক্ষিত কৰি ৰাখিব পৰা যায়, তাৰ বাবে অত্যন্ত সাৱধানে সকলো পদক্ষেপ গ্ৰহণ কৰিছিল৷ এই ক্ষেত্ৰত ভাৰতে বিকল্প বজাৰৰ সন্ধান কৰিবলৈ অভিযান আৰম্ভ কৰিছিল৷

এনে কাৰণতেই আমেৰিকাই ভাৰতৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰাৰ পাছতো দেশখনে ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় কৰা প্ৰক্ৰিয়াটো বন্ধ কৰা নাছিল৷ যদিও আমেৰিকাৰ ৰাষ্ট্ৰপতিজনে সামাজিক মাধ্যমৰ যোগেদি ঘোষণা কৰিছে যে, ভাৰতে ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় কৰাটো বন্ধ কৰিব আৰু আমেৰিকাৰ পৰা অধিক পৰিমাণে বা খুব সম্ভৱ ভেনিজুৱেলাৰ পৰাও খাৰুৱা তেল ক্ৰয় কৰাৰ ক্ষেত্ৰত নিজৰ সন্মতি প্ৰদান কৰিছে, কিন্তু ভাৰত আৰু ৰাছিয়াৰ মাজৰ যি নিকট সম্পৰ্ক দেখা যায়, তাৰ ভিত্তিত এই কথা লক্ষণীয় হ’ব যে ভাৰতে ৰাছিয়াৰ পৰা তৎকালীনভাৱে তেল ক্ৰয় ব্যৱস্থাটো বন্ধ কৰাৰ ক্ষেত্ৰত কেনে স্থিতি গ্ৰহণ কৰে৷

ইয়াৰ উপৰি ভাৰত-আমেৰিকাৰ মাজৰ যি বাণিজ্য চুক্তিত সহমতত উপনীত হোৱা বুলি প্ৰচাৰ কৰা হৈছে, সেই চুক্তিৰ আটাইতকৈ সংবেদনশীল খণ্ডটোৱে হ’ল কৃষি খণ্ডটো৷ এই ক্ষেত্ৰত ভাৰতৰ কৃষিখণ্ডটো আমেৰিকাৰ বহুজাতিক প্ৰতিষ্ঠানসমূহৰ বাবে সম্পূৰ্ণৰূপে মুকলি কৰি দিয়া হ’ব নে নাই সেয়া এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ প্ৰশ্ন৷ ভাৰতৰ অৰ্থনীতিৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ আৰু সংবেদনশীল কৃষি খণ্ডটো সুৰক্ষিত কৰি ৰখাৰ স্বাৰ্থত এই চুক্তিত ভাৰতে কেনেধৰণৰ ব্যৱস্থা অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হয়, সেয়া বিশেষভাৱে লক্ষণীয় হ’ব৷

আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে তেওঁৰ ঘোষণাত যিদৰে উল্লেখ কৰিছিল যে, অনাগত সময়ত ভাৰতে আমেৰিকাৰ পৰা বৃহৎ পৰিমাণৰ উৎপাদিত সামগ্ৰী ক্ৰয় কৰিবলৈ সন্মতি প্ৰদান কৰিছে, তাৰ পৰাই ভাৰতৰ কৃষিখণ্ডৰ সুৰক্ষাক লৈ সন্দেহৰ সৃষ্টি হৈছে৷ ট্ৰাম্পে উল্লেখ কৰিছে যে, ভাৰতে মূলতঃ শক্তি, কাৰিকৰী, কৃষি আৰু কয়লা খণ্ডৰ উৎপাদিত সামগ্ৰী ক্ৰয় কৰিব৷ যদিহে ৰাষ্ট্ৰপতি ট্ৰাম্পে উল্লেখ কৰাৰ দৰে কৃষি খণ্ডটো মুকলি কৰি দিয়া হয়, তেনেহ’লে অনাগত দিনত ভাৰতৰ কৃষকৰ সন্মুখত বৃহৎ প্ৰত্যাহ্বান আহি পৰিব৷ সেই কাৰণে মোদী চৰকাৰে দেশৰ কৃষক সমাজৰ এই সন্দেহ নিৰাময় কৰাৰ প্ৰয়োজনীয়তা আছে৷ অন্যথা যদিহে আমেৰিকাত উৎপাদিত কৃষিজাত সামগ্ৰী ভাৰতলৈ ৰপ্তানি হয়, তেনেহ’লে ভাৰতত উৎপাদিত সামগ্ৰীৰ দাম হ্ৰাস পাব, ন্যুনতম সমৰ্থন মূল্য কমি যাব আৰু কৃষকসকলে ব্যাপক লোকচানৰ সন্মুখীন হ’ব৷ বিশেষকৈ এই ক্ষেত্ৰত দেশৰ প্ৰান্তীয় কৃষকসকল নিঃশেষ হৈ যোৱাৰ উপক্ৰম হ’ব৷