Logo
image

উক্তি-বক্ৰোক্তি

বাছৰ ওপৰৰ পৰা ভূপেন বৰা আৰু দেৱব্ৰত শইকীয়াই মহিলা আৰু ছোৱালীক লক্ষ্য কৰি ইমান বেয়া ইংগিত দিছে, যিটো মই আপোনালোকক কৈ বুজাব নোৱাৰোঁ৷ অতি বীভৎস, অশ্লীল ইংগিত দিছে তেওঁলোকে৷ কাষতে দলৰ এগৰাকী নেত্ৰী মীৰা বৰঠাকুৰো আছে৷ পাৰ্টীয়ে যদি তেওঁলোকক বৰ্খাস্ত নকৰে, তেন্তে তেওঁলোক অসমীয়া মানুহৰ মাজত কেতিয়াও সোমাবগৈ নোৱাৰে৷ 

– মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

ভাৰতে এতিয়াৰ পৰা আৰু এটোপালো ৰাছিয়াৰ তেল ক্ৰয় নকৰে৷ তেওঁলোকে মোক নিশ্চিত প্ৰতিশ্ৰুতি দিছে৷ সেই প্ৰতিশ্ৰুতি পোৱাৰ পাছত মই ভাৰতৰ পণ্যৰ ওপৰত বলৱৎ কৰা ২৫শতাংশ শুল্ক হ্ৰাস কৰিবলৈ ‘এক্সিকিউটিভ অৰ্ডাৰ’ত স্বাক্ষৰ কৰিছোঁ৷ শনিবাৰে ‘ইষ্টাৰ্ণ টাইম’ ১২.০১ বজাৰ পৰা এই নিৰ্দেশ কাৰ্যকৰী হ’ব৷ 

– মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প

বিজেপি চৰকাৰ আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই শাসনৰ নামত ভ্ৰষ্টাচাৰ আৰু শোষণ চলাই খিলঞ্জীয়াৰ অধিকাৰ কাঢ়ি ৰাইজৰ সম্পত্তি তেওঁৰ পত্নীৰ নামত কৰি লৈছে৷ এটা ৰাতিৰ ভিতৰত বৰভগীয়া-নগাঁও সংযোগী ৰাষ্ট্ৰীয় ঘাইপথৰ নক্সা সলনি কৰি মুখ্যমন্ত্ৰীয়ে পৰিয়ালৰ সুবিধাৰ বাবে কৃষিভূমি উদ্যোগভূমিলৈ পৰিৱৰ্তিত কৰিছে৷ 

– যোৰহাটৰ সাংসদ গৌৰৱ গগৈ


নমস্তে ট্ৰাম্প জিকিল, হাউডি মোদী হাৰিল৷ মাৰ্কিন-ভাৰত বাণিজ্য চুক্তিৰ যি ৰূপৰেখা তৈয়াৰ হৈছে তাত সৰ্বদিশতে আমেৰিকাই অগ্ৰাধিকাৰ লাভ কৰিছে৷ মাৰ্কিন কৃষিজাত পণ্যত ভাৰতে শুল্ক শূন্যলৈ হ্ৰাস কৰি দিছে৷ ইয়াৰ ফলত ভাৰতীয় কৃষক নিগমে মৰিব৷ 

– কংগ্ৰেছ নেতা জয়ৰাম ৰমেশ

হিমন্ত বিশ্ব শৰ্মা ইমান থাৰ্ডক্লাছ মানুহ, তেওঁ এতিয়া মিঞা আৰু গো-মাংসৰ বাহিৰে আন একো কথাই নকয়৷

–  শিৱসাগৰৰ বিধায়ক অখিল গগৈ