Logo
image

কাৰ্বি পাহাৰত খুন্দিয়াই বায়ুসেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত

‘আমাৰ অসম’ৰ যোৰহাট আৰু ডিফুৰ ষ্টাফ ৰিপৰ্টাৰ, ৫ মাৰ্চঃ  কাৰ্বি আংলং জিলাৰ চকীহোলা থানাৰ অন্তৰ্গত জাংফা ৰেংমা গাঁৱৰ সমীপৰ কালাপাহাৰত বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় ৭.৪২ বজাত এখন যুঁজাৰু বিমান দুৰ্ঘটনাত পতিত হয়৷ স্থানীয় সূত্ৰই এই তথ্য সদৰী কৰাৰ পাছত নিশা প্ৰতিৰক্ষা বিভাগতৰ জনসংযোগ বিভাগে ইয়াৰ নিশ্চিতি প্ৰদান কৰিছে৷ অৱশ্যে বায়ুসেনা বাহিনীৰ এই বিমানখনৰ পাইলটৰ অৱস্থা সম্পৰ্কে এই বাতৰি  যুগুতোৱা পৰলৈকে কোনো তথ্য পোহৰলৈ অহা নাই৷ প্ৰতিৰক্ষা বাহিনীৰ সূত্ৰৰ পৰা প্ৰাপ্ত তথ্য অনুসৰি বায়ুসেনা বাহিনীৰ যোৰহাট ষ্টেচনৰ পৰা উৰা মৰা এখন ছুখয়-৩০ যুঁজাৰু বিমানে হঠাৎ ওপৰৰ পৰা নামি আহি পাহাৰত খুন্দা মাৰে৷


স্থানীয় সূত্ৰই প্ৰকাশ কৰা মতে, তেওঁলোকে আকাশৰ পৰা এখন যুঁজাৰু বিমান নামি অহা প্ৰত্যক্ষ কৰে আৰু ইয়াৰ পাছতে প্ৰচণ্ড বিস্ফোৰণৰ শব্দ হয়৷ শব্দ শুনি গাঁওবাসী সেই দিশে ৰাওনা হয় যদিও অন্ধকাৰৰ বাবে পাহাৰৰ ওপৰলৈ যোৱাত ব্যৰ্থ হয়৷ ইফালে এই বিষয়ে অৱগত হৈ যোৰহাটৰ পৰা বায়ুসেনা বাহিনীৰ এটা দল ৰাওনা হোৱাৰ লগতে স্থানীয় চকীহোলা আৰক্ষীয়ে অভিযান আৰম্ভ কৰা বুলি জানিব পৰা গৈছে৷ নিশা প্ৰতিৰক্ষা বিভাগৰ জন সম্পৰ্কৰক্ষী বিষয়াই প্ৰকাশ কৰা মতে, যোৰহাটৰ পৰা উৰণ আৰম্ভ কৰা বিমানখনৰ সৈতে সন্ধিয়া ৭.৪২ বজাত অন্তিম যোগাযোগ হৈছিল৷ বিমানখনৰ সন্ধানত অভিযান আৰম্ভ কৰা বুলিও প্ৰতিৰক্ষা বাহিনীৰ তৰফৰ পৰা প্ৰকাশ কৰা হৈছে৷ উল্লেখ্য, যোৱা কেইদিন ধৰি যোৰহাটৰ বায়ুসেনা বাহিনীয়ে ব্যাপক অনুশীলন চলাই আছে৷ এনে অনুশীলনৰ সময়তে বিমানখন দুৰ্ঘটনাত পতিত হোৱা বুলি ধাৰণা কৰা হৈছে৷