Logo
image

ইউডিএফৰ সহায় লৈ প্ৰমোদক পঠিওৱা হ’ল ৰাজ্যসভালৈ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৫মাৰ্চঃ  ৰাজ্যসভাত খালী হোৱা তিনিখন আসনৰ বাবে বিজেপিৰ দুই প্ৰাৰ্থী যোগেন মহন আৰু তেৰছ গোৱালাৰ লগতে প্ৰমোদ বড়োৱে আজি অসম বিধানসভা সচিবালয়ত মনোনয়ন পত্ৰ দাখিল কৰে৷ তেওঁলোকৰ মনোনয়নৰ সময়ত সংগ দিয়ে বিজেপিৰ বহু কেইজন জ্যেষ্ঠ নেতা, মন্ত্ৰী-বিধায়কে৷ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, পীয়ূষ হাজৰিকা, চন্দ্ৰ মোহন পাটোৱাৰী, বিধায়ক কমলাক্ষ দে পুৰকায়স্থ, হেমাংগ ঠাকুৰীয়া, মন্ত্ৰী অশোক সিংঘাল, বিধায়ক তৰংগ গগৈ, দিগন্ত কলিতা, মন্ত্ৰী ৰঞ্জিত দাস, অতুল বৰা, কেশৱ মহন্ত, ইউ ডি ব্ৰহ্ম আদিয়ে মনোনয়ন পত্ৰ দাখিলত সংগ দিয়ে৷ আজি মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিনা অসম বিধানসভাৰ ৰিটাণিং বিষয়াৰ হাতত বিজেপিৰ দুই প্ৰাৰ্থী যোগেন মহন, তেৰছ গোৱালৰ লগতে ইউ পি পি এলৰ প্ৰাৰ্থী প্ৰমোদ বড়োৱে আনুষ্ঠানিকভাৱে মনোনয়ন পত্ৰ দাখিল কৰে৷ লক্ষণীয় যে ৰাজনীতিত সকলো সম্ভৱ কথাষাৰ সত্য প্ৰমাণ কৰি ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে এন ডি এ প্ৰাৰ্থী হিচাপে ইউ পি পি এলৰ পৰা প্ৰক্ষেপিত প্ৰমোদ বড়োৰ মনোয়নপত্ৰত স্বাক্ষৰ কৰিলে এআইইউডিএফৰ তিনি নিলম্বিত বিধায়ক কৰিমুদ্দিন বৰভূঞা, নিজামুদ্দিন চৌধুৰী আৰু জাকিৰ হুছেইন লস্কৰে৷ উল্লেখ্য যে ৰাজ্যসভাৰ মনোনয়ন পত্ৰত ১০ জন বিধায়কৰ স্বাক্ষৰ থকাটো বাঞ্জনীয়৷ এনেক্ষেত্ৰত ইউপিপিএলৰ জ্জ বিধায়কৰ সৈতে এআইইউডিপেৰ নিলম্বিত তিনি বিধায়কেও স্বাক্ষৰদান কৰে৷ দিছপুৰৰ এক ঘনিষ্ঠ সূত্ৰই জনোৱা মতে এআইইউডিএফৰ তিনি বিধায়ক ক্ৰমে কৰিমুদ্দিন বৰভূঞা, নিজামুদ্দিন চৌধুৰী আৰু জাকিৰ হুছেইন লস্কৰে দুই এদিনতে অগপত যোগদান কৰাৰ সম্ভাৱনা আছে৷ ইতিমধ্যে এআইইউডিএফৰ পৰা পদত্যাগ কৰিছে কৰিমুদ্দিন  বৰভূঞা আৰু জাকিৰ হুছেইন লস্কৰে৷ মন কৰিবলগীয়া যে ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছিল এআইইউডিএফৰ মুৰব্বী মৌলানা বদৰুদ্দিন আজমলে৷ কিন্তু কংগ্ৰেছে সঁহাৰি নিদিয়াৰ বাবে এয়া সম্ভৱ হৈ নুঠিল৷ যিহেতু ৰাজ্যসভা নিৰ্বাচনত তিনিখন আসনৰ বিপৰীতে মাত্ৰ তিনিখনহে আৱেদন পৰিল, গতিকে বিনা প্ৰতিদ্বন্দ্বিতাৰে ৯ মাৰ্চত এই তিনি প্ৰাৰ্থীয়েই বিজয়ী ঘোষিত হোৱাৰ সম্ভাৱনা আছে৷ লক্ষণীয় যে বিধানসভাৰ নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োক ৰাজ্যসভালৈ প্ৰেৰণ কৰি দলটোক বিধানসভাত কম আসনতে সীমাৱদ্ধ কৰা বুলিও চৰ্চা হৈছে৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আজি কয় যে বিজেপিয়ে বিটিচিত নিম্নতম আসন ল’ব৷ বাকী ছিটত যদিহে বিপিএফ আৰু ইউ পি এলে বুজাবুজি কৰিব বিচাৰে, কৰি ল’ব পাৰে৷


তামুলপুৰত প্ৰমোদ বড়োক আদৰণি দলীয় কৰ্মীৰ

‘আমাৰ অসম’ৰ তামুলপুৰ প্ৰতিবেদকঃ  বিটিআৰৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে ৰাজ্যসভাৰ মনোনয়ন পত্ৰ দাখিল কৰাৰ পিছতেই আজি তামোলপুৰ জিলা ইউপিপিএল কাৰ্যালয়ত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়৷ মনোনয়ন দাখিল কৰি প্ৰথমবাৰৰ বাবে কাৰ্যালয়ত উপস্থিত হোৱা বড়োক দলীয় কৰ্মীসকলে ফুলৰ মালা, আৰণাই আৰু ফুলাম গামোচাৰে বিভূষিত কৰি উষ্ম আদৰণি জনায়৷ কাৰ্যালয়ৰ সন্মুখত ফটকা ফুটাই, ফুল চতিয়াই আৰু বেন্দপাৰ্টীৰ জাউৰিয়ে জাউৰিয়ে যেন এক ‘অবতৰীয়া দেৱালী’হে নমাই আনিলে কৰ্মীসকলে৷ ঢোলে-ডগৰে মুখৰিত এই আদৰণি অনুষ্ঠানৰ অন্তত সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত প্ৰমোদ বড়োৱে কয় যে– ৰাজ্যসভা নিৰ্বাচনৰ বাবে দলে মোৰ নামটো প্ৰস্তাৱ কৰিছে আৰু মই আজি মনোনয়ন পত্ৰ দাখিল কৰিছোঁ৷ মই আমাৰ ইউপিপিএল দলৰ জ্যেষ্ঠ নেতা ইউ জি ব্ৰহ্ম, গোবিন্দ বসুমতাৰী, ৰণগৌৰা নাৰ্জাৰীকে আদি কৰি দলীয় নেতৃবৃন্দক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ৷ ইতিমধ্যে আমাৰ দলৰ পৰা লোকসভাত জয়ন্ত বসুমতাৰী আৰু ৰাজ্যসভাত ৰণগৌৰা নাৰ্জাৰী সাংসদ হিচাপে আছেই; গতিকে মই সাংসদ হিচাপে নিৰ্বাচিত হ’লে আমি তিনিওগৰাকীয়ে মিলি বড়োলেণ্ড অঞ্চলৰ সৰ্বাংগীণ উন্নয়নৰ লগতে ২০০৩ আৰু ২০২০ চনৰ বড়ো চুক্তিৰ যিবোৰ দফা এতিয়াও ৰূপায়ণ হোৱা নাই, সেইসমূহ কাৰ্যকৰী কৰাৰ বাবে দেহে-কেহে খাটিম৷ বিশেষকৈ শিক্ষা, অৰ্থ-সামাজিক উন্নয়ন আৰু বড়োলেণ্ডত যোৱা ৫ বছৰত যি শান্তিৰ পৰিৱেশ তথা ২৬টা জনগোষ্ঠীৰ মাজত সমন্বয় গঢ়ি উঠিছে, তাক অধিক শক্তিশালী কৰিবলৈ আমি তিনিওগৰাকীয়ে ঐক্যবদ্ধভাৱে কাম কৰি যাম৷ ইয়াৰ লগতে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ পুজিঁসমূহ যাতে সঠিকভাৱে ৰূপায়ণ হয়, সেইটো আমি নিশ্চিত কৰিম৷ আগন্তুক বিধানসভা নিৰ্বাচন সম্পৰ্কত তেওঁ কয় যে– ইউপিপিএল দলে বিটিচিৰ ১৫টা সমষ্টিৰ আটাইকেইটাতে প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত লৈছে আৰু ৰাইজে আমাৰ শাসনৰ কৌশল দেখিছে বাবে আমি সৰ্বাধিক আসন পাম বুলি দৃঢ় বিশ্বাসী৷ আনহাতে, ‘ব্যক্তিগত স্বাৰ্থত ৰাজনীতি কৰাৰ অভিযোগ খণ্ডন কৰি বড়োৱে কয় যে– মই ৰাইজৰ বাবেহে ৰাজনীতি কৰিছোঁ, ব্যক্তিগত স্বাৰ্থ থকা হ’লে দোকান বা ব্যৱসায় কৰিলোহেঁতেন৷ হিংসা বা ইৰ্ষা থকা একাংশ লোকেহে এনে মন্তব্য কৰে, কাৰণ ইয়াত দলেহে সকলো সিদ্ধান্ত লয়, কোনোবাই ব্যক্তিগতভাৱে ল’ব নোৱাৰে৷ শেষত মনোনয়ন প্ৰক্ৰিয়াত সহায় কৰা মিত্ৰদল অগপ আৰু সমূহ নেতৃত্বক তেওঁ পুনৰ ধন্যবাদ জ্ঞাপন কৰে৷ 

ন-বিজেপি শশীকান্তক থেকেৰাগুৰিত আদৰণি

‘আমাৰ অসম’ৰ ৰহাৰ প্ৰতিবেদকঃ  ৰহাত ন-বিজেপি বিধায়ক শশীকান্ত দাসক উষ্ম আদৰণি ৰহা সমষ্টিৰ বিজেপি কৰ্মীৰ৷ আজি কংগ্ৰেছৰ নিলম্বিত বিধায়ক শশীকান্ত দাসে গুৱাহাটীত বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰি বিয়লি ৰহালৈ ঘূৰি অহাৰ পথত ৰহা আৰু জাগীৰোড সমষ্টিৰ সীমামূৰীয়া থেকেৰাগুৰিত সহস্ৰাধিক বিজেপিৰ পঞ্চায়ত প্ৰতিনিধি আৰু বিজেপিৰ নেতা- কৰ্মীয়ে বেণ্ড বজাই নাচি বাগি বিধায়কজনক আদৰণি জনায়৷ ইয়াৰ পিছতে ঠেকেৰাগুৰিৰ পৰা এখন গাড়ীৰ হুড খুলি বিধায়ক শশীকান্ত দাসক থিয় কৰাই কৰ্মীসকলে ৰাষ্ট্ৰীয় পথেৰে সমদল কৰি ৰহাৰ ডিমৌস্থিত বিধায়কৰ বাসগৃহলৈকে আগবঢ়াই লৈ যায়৷ কংগ্ৰেছক সমালোচনা কৰি বিধায়কগৰাকীয়ে এইবাৰ বিধানসভাত কংগ্ৰেছে বিৰোধী আসনত বহিবলৈ সক্ষম নহ’ব বুলি কয়৷ সমৰ্থক সহ গাড়ীৰে সমদল কৰি বিধায়ক গৰাকীয়ে ডিমৌ চাৰিআলিত থকা নিজ গৃহত উপস্থিত হোৱাত মাতৃ, পত্নী লগতে পঞ্চায়তৰ নিৰ্বাচিত মহিলাজন প্ৰতিনিধি সকলে ফুল চটিয়াই ধূপ ধূনা জ্বলাই দৰা আদৰাদি আদৰি জনাই৷ শশীকান্ত দাসে আজি যোগদানত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগতে মন্ত্ৰী পীয়ুষ হাজৰিকাৰ শলাগ লৈ অহা বিধানসভা নিৰ্বাচনত বিজেপি দলে যি জনকেই প্ৰাৰ্থীত্ব দিয়ে সেই জনকেই সহায় কৰিব বুলিও কয়৷ টিকটৰ ক্ষেত্ৰত দলে সিদ্ধান্ত ল’ব আৰু তেওঁ প্ৰাৰ্থীত্বৰ ক্ষেত্ৰত বহু আশাবাদী বুলিও মন্তব্য কৰে৷ 

এআইইউডিএফ এৰিলে বিধায়ক কৰিমউদ্দিনে

‘আমাৰ অসম’ৰ শিলচৰৰ প্ৰতিনিধিঃ সোণাই বিধানসভা সমষ্টিৰ বিধায়ক কৰিম উদ্দিন বৰভূঞা-সাজুৱে এআইইউডিএফ দল এৰিলে৷ বৃহস্পতিবাৰে কৰিম উদ্দীন বৰভূঞাই দলৰ প্ৰাথমিক সদস্যপদৰ পৰা পদত্যাগ পত্ৰ দলৰ ছুপ্ৰীমো মৌলানা বদৰুদ্দীন আজমললৈ প্ৰেৰণ কৰে৷ পদত্যাগ পত্ৰত কৰিম উদ্দীন বৰভূঞাই কয় যে, তেওঁ এ আই ইউ ডি এফৰ প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰাৰ সিদ্ধান্ত লৈছে৷ একে সময়তে তেওঁ দলীয় নেতৃত্বৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰি দলৰ সৈতে কাম কৰাৰ অভিজ্ঞতা তেওঁৰ বাবে মূল্যৱান বুলি কয়৷ লগতে দলৰ নেতা আৰু সহযোগী সকলৰ সহযোগিতাৰ বাবে তেওঁ কৃতজ্ঞতা জ্ঞাপন কৰে৷ চিঠিখনত তেওঁ লগতে উল্লেখ কৰে যে, জনসেৱাৰ নতুন অধ্যায় আৰম্ভ কৰাৰ বাবে সকলোকে শুভেচ্ছা জনায়৷ মন কৰিবলগীয়া যে, বিধায়ক কৰিম উদ্দীন বৰভূঞা বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত বিজেপিৰ মিত্ৰ দল অগপত যোগদানৰ সম্ভাৱনা আছে৷ জানিব পৰা মতে, এদিন বা দুদিনৰ ভিতৰতে তেওঁ অগপ দলত যোগদান কৰিব৷ কৰিম উদ্দীন বৰভূঞাৰ নতুন ৰাজনৈতিক যাত্ৰা যে অগপ দলৰ পৰা হ’ব সেয়া নিশ্চিত৷