দুই-এজন বিধায়ক বাদ দি বিজেপিৰ তালিকা সাজু, ঘোষণা দুই-এদিনতে
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৬ মাৰ্চঃ বৰ্তমানৰ দুই-এজন বিধায়কক বাদ দি প্ৰায়বোৰ সমষ্টিৰ বাবে বিজেপি দলে চূড়ান্ত কৰিছে প্ৰাৰ্থীৰ তালিকা৷ ৰাজ্যিক নিৰ্বাচনী সমিতিয়ে এই তালিকা চূড়ান্ত অনুমোদনৰ বাবে দলৰ হাইকামাণ্ডলৈ প্ৰেৰণ কৰিছে আৰু এতিয়া মাত্ৰ আনুষ্ঠানিক ঘোষণাহে বাকী প্ৰাৰ্থীৰ নাম ঘোষণাৰ৷ মিত্ৰদল অগপ, বিপিএফ, ৰাভা হাছং যৌথ মঞ্চ আদিক এৰি দিবলগীয়া সমষ্টিসমূহক বাদ দি বিজেপিয়ে নিজে প্ৰাৰ্থিত্ব প্ৰদান কৰিবলগীয়া সমষ্টিৰ প্ৰাৰ্থীৰ নাম দিল্লীৰ পৰা যিকোনো মুহূৰ্তত ঘোষণা হ’ব পাৰে৷ উল্লেখ্য, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অব্যাহত ৰখা জন আশীৰ্বাদ যাত্ৰাৰ সময়ত ইতিমধ্যে বহু সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে৷ খুমটাইত মৃণাল শইকীয়া, নগাঁৱত ৰূপক শৰ্মা, বৰক্ষেত্ৰীত নাৰায়ণ ডেকা, লখিমপুৰত মানৱ ডেকা, ঢকুৱাখনাত নৱ দলে আদি কৰি বৰ্তমানৰ একাংশ বিধায়কে ২০২৬ৰ নিৰ্বাচনত পুনৰ টিকট লাভ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে জন আশীৰ্বাদ যাত্ৰাৰ সময়ত ৰাজহুৱা ঘোষণা কৰিছিল৷ কিন্তু ইয়াৰ বিপৰীতে মাজুলী, ছিপাঝাৰ আদিৰ দৰে বহু সমষ্টিত কিন্তু মুখ্যমন্ত্ৰীয়ে বৰ্তমানৰ বিধায়ককেইজনেপুনৰ টিকট লাভ কৰিব নে নকৰে, সেই সন্দৰ্ভত কোনো ধৰণৰ মন্তব্য কৰাৰ পৰা বিৰত থাকে৷ বিজেপি দলৰ টিকট লাভ কৰিবলগীয়াসকলৰ এখন তালিকা ইতিমধ্যে ‘আমাৰ অসম’ৰ হাতত পৰিছে৷ এই তালিকা অনুসৰি বৰ্তমানৰ দুই-তিনিজন বিধায়কৰ বাহিৰে অধিকাংশ বিধায়কে ২০২৬ৰ নিৰ্বাচনত পুনৰ টিকট লাভ কৰাটো প্ৰায় নিশ্চিত৷ ইয়াৰে ভিতৰত যোৰহাটত হীতেন্দ্ৰ নাথ গোস্বামী, ছিপাঝাৰত ড॰ পৰমানন্দ ৰাজবংশী, পলাশবাৰীত হেমাংগ ঠাকুৰীয়া, বিহপুৰীয়াত অমিয় ভূঞা, ডিগবৈত সুৰেন ফুকন, লাহোৱালত বিনোদ হাজৰিকা, বিশ্বনাথত প্ৰমোদ বৰঠাকুৰ, দিছপুৰত অতুল বৰা আদিয়ে পুনৰ টিকট লাভ নকৰাটো প্ৰায় নিশ্চিত৷ এই সমষ্টিসমূহত নতুন মুখৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিব বিচাৰিছে বাজপেয়ী ভৱনে৷ উল্লেখ্য, ৰাজ্যিক নিৰ্বাচনী সমিতিৰ বৈঠকত প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ডিগবৈ সমষ্টিৰ বাবে তেওঁৰ অতি ঘনিষ্ঠ লক্ষ্য কোঁৱৰৰ নাম প্ৰস্তাৱ কৰিছিল যদিও শেষ পৰ্যন্ত লক্ষ্য কোঁৱৰৰ সৈতে অৰুণজ্যোতি মৰাণৰ নামো প্ৰাৰ্থীৰ তালিকাত স্থান পায় ডিগবৈ সমষ্টিৰ বাবে৷ মাৰ্ঘেৰিটাৰ বাসিন্দা লক্ষ্য কোঁৱৰক ২০২৬ৰ নিৰ্বাচনত ৰাজনৈতিকভাৱে সংস্থাপিত কৰাৰ বাবে প্ৰাক্তন মুখ্যমন্ত্ৰী সোণোৱালে নতুন দিল্লীতো চেষ্টা অব্যাহত ৰাখিছে৷ বৰ্তমানৰ মন্ত্ৰী-বিধায়কৰ অধিসাংখৰ উপৰি সৰুপথাৰত বিশ্বজিৎ ফুকন, খুমটাইত মৃণাল শইকীয়া, দেৰগাঁৱত বিস্মিতা গগৈ, তিতাবৰত ধীৰাজ গোৱালা, দুলীয়াজানত ৰামেশ্বৰ তেলী, খোৱাঙত চক্ৰ গগৈ, টিংখঙত বিমল বৰা, শদিয়াত বলীন চেতিয়া, মাৰ্ঘেৰিটাত ভাস্কৰ শৰ্মা, মাকুমত গৌতম ধানোৱাৰ, ডিগবৈত অৰুণজ্যোতি মৰাণযলক্ষ্য কোঁৱৰ, তিনিচুকীয়াত সঞ্জয় কিষাণ, চাবুৱা-লাহোৱালত ঋতুপৰ্ণ বৰুৱা, ডিব্ৰুগড়ত প্ৰশান্ত ফুকন, নাহৰকটীয়াত তৰংগ গগৈ, ডিমৌত সুশান্ত বৰগোহাঁই, মাহমৰাত সুৰুয দিহিঙীয়া, সোণাৰিত ধৰ্মেশ্বৰ কোঁৱৰ, যোৰহাটত শান্তনু পূজাৰী, মৰিয়নিত ৰূপজ্যোতি কুৰ্মীৰ নাম প্ৰায় চূড়ান্ত হৈছে৷ এতিয়া অপেক্ষা মাত্ৰ আনুষ্ঠানিক ঘোষণাহে৷
মৰিয়নিত ৰাইজৰ দলৰ গণভিত্তি নাইঃ পৱিত্ৰ মাৰ্ঘেৰিটা
‘আমাৰ অসম’ৰ মৰিয়নিৰ এজন প্ৰতিবেদকঃ যোৰহাট জিলাৰ মৰিয়নি সমষ্টিত ভাৰতীয় জনতা পাৰ্টিয়ে শক্তি বৃদ্ধি কৰাৰ বাবে তৎপৰতা অৱলম্বন কৰিছে৷ ইয়াৰ অংশস্বৰূপে আজি সমষ্টিটোৰ বিভিন্ন প্ৰান্তত কেন্দ্ৰীয় মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাৰ উপস্থিতিত দলটোৰ যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়৷ আজি দিনৰ ১১ বজাত মৰিয়নিৰ দৈনিক বজাৰস্থিত ৰাধা গোবিন্দ মন্দিৰ প্ৰাংগণত প্ৰথমটো যোগদান পৰ্ব অনুষ্ঠিত হয়৷ উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ পাছত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় মন্ত্ৰীজনে ৰাইজৰ দলক তীব্ৰ কটাক্ষ কৰে৷ তেওঁ কয় যে মৰিয়নি সমষ্টিত কোনো গণভিত্তি নথকা ৰাইজৰ দল কেতিয়াও বিজেপিৰ প্ৰতিদ্বন্দ্বী হ’ব নোৱাৰে৷ সমষ্টিটোৰ ভৌগোলিক পৰিৱেশ তথা জনসাধাৰণৰ আৱেগ-অনুভূতিক বুজি নোপোৱা পেৰাছুটেৰে অৱতৰণ কৰোৱা প্ৰাৰ্থী বিজেপিৰ বাবে কোনো প্ৰত্যাহ৩ান নহয়৷ তেওঁ স্পষ্টকৈ উল্লেখ কৰে যে মৰিয়নিত মূল যুঁজখন বিজেপি আৰু কংগ্ৰেছৰ মাজতেই হ’ব৷ দিনটোৰ কাৰ্যসূচীত মন্ত্ৰীজনে বিধায়ক ৰূপজ্যোতি কুৰ্মী আৰু যোৰহাট জিলা বিজেপিৰ সভাপতি শান্তনু পূজাৰীক লগত লৈ অসম-নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলৰ কেইবাখনো গুৰুত্বপূৰ্ণ দলঙৰ আধাৰশিলা স্থাপন কৰে৷ ইয়াৰ ভিতৰত নাগাজাংকা-উদয়পুৰ সংযোগী দলং, চেয়াৰমেন বস্তি-নাগিনীজান সংযোগী দলং, ৰনখাম-ৰাজাবাৰী সংযোগী দলং আৰু মহৰা টিং সংযোগী দলং৷ তদুপৰি বৈচাহাবি আৰু লাওজানতো মন্ত্ৰীজনৰ উপস্থিতিত বৃহৎ সংখ্যক লোকে আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে৷
মৰিয়নিত কোন হ’ব কংগ্ৰেছৰ প্ৰাৰ্থী?
‘আমাৰ অসম’ৰ মৰিয়নিৰ এজন প্ৰতিবেদকঃ অসম বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে যোৰহাট জিলাৰ মৰিয়নি বিধানসভা সমষ্টিত শাসক-বিৰোধীৰ প্ৰাৰ্থিত্বক লৈ ব্যাপক ৰাজনৈতিক চৰ্চা আৰম্ভ হৈছে৷ সমষ্টিটো পুনৰ দখল কৰিবলৈ বিজেপি আৰু কংগ্ৰেছৰ লগতে ৰাইজৰ দলৰ কৰ্মকৰ্তাৰ মাজত তুংগ উঠিছে নিৰ্বাচনী তৎপৰতা৷ ২০০৬ চনৰ পৰা ধাৰাবাহিকভাৱে কংগ্ৰেছৰ টিকটত জয়ী হৈ অহা ৰূপজ্যোতি কুৰ্মীয়ে ২০২১ চনৰ উপ-নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী হিচাপে বিপুল ভোটত জয়লাভ কৰিছিল৷ কুৰ্মীৰ দল সলনিৰ লগে লগে মৰিয়নিত কংগ্ৰেছৰ শক্তি কিছু দুৰ্বল হৈ পৰিছিল৷ শেহতীয়া পঞ্চায়ত নিৰ্বাচনত চাৰিখন জিলা পৰিষদ আৰু ২১ খন গাঁও পঞ্চায়ত বিজেপিয়ে দখল কৰি সমষ্টিটোত নিজৰ সাংগঠনিক শক্তিৰ প্ৰমাণ দিয়ে৷ ২৪ ফেব্ৰুৱাৰীত বৈচাহাবিৰ জনসভাত মুখ্যমন্ত্ৰীয়ে ৰূপজ্যোতি কুৰ্মীকে পুনৰ প্ৰাৰ্থিত্ব প্ৰদানৰ ইংগিত দিয়ে, যাৰ ফলত তেওঁৰ টিকট প্ৰায় নিশ্চিত বুলি ধৰা হৈছে৷ সমষ্টিটোত বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছ আৰু ৰাইজৰ দলে ঐক্যবদ্ধ যুঁজ দিব বুলি ভোটাৰৰ মাজত এটা ধাৰণা কৰা হৈছিল যদিও শেহতীয়াকৈ ৰাইজৰ দলে ড॰ জ্ঞানশ্ৰী বৰাক মৰিয়নিৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰাত মিত্ৰতাৰ সম্ভাৱনাত চেঁচাপানী পৰিল৷ কংগ্ৰেছ আৰু ৰাইজৰ দলে পৃথকে প্ৰাৰ্থী তালিকা ঘোষণা কৰাত বিৰোধীৰ ঐক্য গেঠেলা মেলাৰ ইংগিত দিছে৷ ৰাইজৰ দল আৰু বিজেপিয়ে নিজৰ স্থিতি স্পষ্ট কৰাৰ বিপৰীতে কংগ্ৰেছে এতিয়ালৈকে প্ৰাৰ্থীৰ নাম ঘোষণা নকৰাত স্থানীয় কৰ্মকৰ্তাৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছে৷ অৱশ্যে প্ৰাৰ্থিত্বৰ দৌৰত লোহিত কোঁৱৰ আৰু ড॰ যদুনাথ বুঢ়াগোহাঁইৰ নাম সৰৱে চৰ্চিত হৈছে৷ দুয়োজনে নিজ নিজ সমৰ্থকৰ সৈতে ইতিমধ্যে প্ৰচাৰ অভিযান আৰম্ভ কৰিছে৷ যোৱা লোকসভা নিৰ্বাচনত গৌৰৱ গগৈয়ে মৰিয়নি সমষ্টিৰ পৰা ২০,৬৬৪ টা ভোটত অগ্ৰগতি লাভ কৰিছিল, যিয়ে বিৰোধী শিবিৰক কিছু আশাবাদী কৰি তুলিছে৷ কিন্তু সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত এইটোৱেই প্ৰথম বিধানসভা নিৰ্বাচন হোৱাৰ বাবে ভোটাৰৰ মনোভাৱ কি হব সেয়া এতিয়াও স্পষ্ট হোৱা নাই৷ ঐক্যবদ্ধ বিৰোধী অবিহনে শক্তিশালী ৰূপজ্যোতি কুৰ্মীক প্ৰত্যাহ্বান জনাব পাৰিব নে নাই, সেয়াহে লক্ষ্যণীয় হ’ব৷






