অৰুণাচল-নাগালেণ্ডত ধাৰাসাৰ বৰষুণ, বুকু কঁপিছে উজনিৰ
‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১ আগষ্টঃ সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলতে এতিয়া যেন প্ৰকৃতিয়ে ধাৰণ কৰিছে সংহাৰী ৰূপ৷ চুবুৰীয়া পাহাৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডত অব্যাহত থকা ধাৰাসৰ বৰষুণৰ বাবে এফালে যদি ভূমিস্খলনে¸ যোগযোগ ব্যৱস্থা বিচ্ছিন্ন কৰি তুলিছে, আনফালে আকৌ পাহাৰৰ পৰা নামি অহা পানীৰ ধলে নামনিৰ অসমত সৃষ্টি কৰিছে এক অভূতপূৰ্ব জলপ্ৰলয়৷ নদ-নদীৰ জলপৃষ্ঠ বিপদসীমাৰ ওপৰলৈ উঠাৰ লগে লগে ধেমাজি, শিৱসাগৰ, নগাঁও, চৰাইদেউ, গোলাঘাটকে ধৰি একাধিক জিলাত জনজীৱন প্ৰায় বিপৰ্যস্ত হৈ পৰিছে৷ ৰাজ্যজুৰি অব্যাহত থকা বানত ইতিমধ্যে মৃত্যুৰ সংখ্যা ৮২লৈ বৃদ্ধি পাইছে৷ ভাৰতীয় বতৰ বিজ্ঞান বিভাগ আৰু ৰাজ্যিক দুৰ্যোগ প্ৰশমন কতৃৰ্পক্ষই আগন্তুক কেইবাদিনো অৰুণাচল আৰু নাগালেণ্ডত বৰষুণৰ তীব্ৰতা অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা ব্যক্ত কৰি ‘হালধীয়া সতৰ্কবাণী’ জাৰি কৰিছে৷ ধাৰাসাৰ বৰষুণৰ বাবে নাগালেণ্ডৰ তুৱেনচাং জিলাত ভয়ংকৰ ভূমিস্খলনৰ ফলত একাধিক পথ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে৷ নাগালেণ্ডত অহা প্ত আগষ্টলৈ প্ৰবল বৰষুণ আৰু বজ্ৰপাতৰ সম্ভাৱনা থাকিব বুলিও সতৰ্কতাৰ জাননীত কোৱা হৈছে৷ আনহাতে, অৰুণাচল প্ৰদেশতো বান আৰু ভূমি…লনত এতিয়ালৈকে জ্জজন লোকৰ মৃত্যু ঘটাৰ লগতে ৰ.৫৫ লাখতকৈ অধিক লোক ক্ষতিগ্ৰস্ত হৈছে৷ অৰুণাচল প্ৰদেশৰো কেইবাখনো জিলাত ধাৰাসৰ বৰষুণৰ সম্ভাৱনাৰ বাবে বতৰ বিভাগে ‘হালধীয়া সতৰ্কবাণী’ জাৰি কৰিছে৷ অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডৰ প্ৰৱল বৃষ্টিপাতৰ বাবে পুনৰ উজনি অসমৰ লগতে উত্তৰ অসমবাসীৰো বুকুত কঁপনি উঠিছে৷ অৰুণাচলত হোৱা বৰষুণৰ বাবে নীপকোৱে ৰঙানদী বান্ধৰ পানী এৰি দিয়াৰ প্ৰস্তুতি চলোৱাত উত্তৰ অসমৰ ৰাইজ শংকিত হৈ পৰিছে৷ ইফালে, নাগালেণ্ডৰ বৰষুণৰ বাবে ইতিমধ্যে দৈয়াং জলবিদু্যৎ প্ৰকল্পৰ পানী এৰি দিয়া হৈছে৷ ফলত গোলাঘাট জিলাৰ ধনশিৰি আৰু দৈয়াং নদীৰ জলস্তৰ ফেনে- ফোটোকাৰে ওফন্দি উঠিছে৷ চুবুৰীয়া ৰাজ্য দুখনৰ পাহাৰৰ পৰা নামি অহা বাঢ়নী পানীয়ে অসমৰ একাধিক নদীৰ জলপৃষ্ঠ বিপদসীমাৰ ওপৰেৰে বৈ যোৱাত নতুনকৈ বিস্তীৰ্ণ অঞ্চল প্লাবিত হৈছে৷ ইফালে শিৱসাগৰত দিখৌ নদীয়ে পুনৰ বিপদসীমা অতিক্ৰম কৰাত নৈ পৰীয়া ৰাইজ আতংকিত হৈ পৰিছে৷ ইতিমধ্যে দিখৌৰ প্ৰলয়ংকাৰী বানে শতাধিক ৰাজহ গাঁৱৰ নাগৰিকৰ ঘৰ-ভেটি ৪-৫ ফুট পৰ্যন্ত পলসত পুতি পেলাইছে৷ বিগত ১৪ দিন ধৰি বহু পৰিয়ালে ৰাজপথ, বিদ্যালয় আৰু আশ্ৰয় শিবিৰত দিন কটাই আছে৷ আনহাতে জাঁজী নৈৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত শিৱসাগৰ আৰু যোৰহাট দুয়োখন জিলাৰে ৰাইজ চিন্তিত হৈ পৰিছে৷ চৰাইদেউৰ চফ্ৰাই নদীৰ ওপৰত থকা চলাপথাৰৰ পাইপ দলং মাজভাগত ধহি পৰাত যাতায়াত সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰিছে৷ আনহাতে, গোলাঘাটৰ গেলাবিলত সমগ্ৰ অঞ্চল একঁকাল পানীত ডুব যোৱাত মৃতদেহ সৎকাৰৰ বাবে কলৰ ভূঁৰত তুলি নিয়াৰ হৃদয়বিদাৰক দৃশ্যই ৰাজ্যবাসীক মৰ্মাহত কৰি তুলিছে৷ আনহাতে উত্তৰ অসমৰ ধেমাজিত জীয়াঢল নদীৰ ওফন্দি উঠা পানীয়ে কমলপুৰ আৰু ধৰ্মপুৰ অঞ্চল সম্পূৰ্ণৰূপে বুৰাই পেলাইছে৷ ধৰ্মপুৰৰ বৃদ্ধা অনিমা হাজৰিকা নামৰ মহিলাগৰাকীৰ ঘৰখন নিমিষতে বাঢ়নী পানীয়ে উটুৱাই নিয়াৰ ঘটনাই অঞ্চলজুৰি শোকৰ সৃষ্টি কৰিছে৷ নগাঁৱৰ কঠীয়াতলি, কামপুৰ আৰু ভেলেউগুৰী অঞ্চলত নিশাৰী নৈৰ বাঢ়নী পানীয়ে ১০-১৫ দিন ধৰি জলমগ্ন কৰি ৰাখিছে৷ চাৰি বছৰ পূৰ্বে বানত ক্ষতিগ্ৰস্ত হোৱা মথাউৰি আৰু পথ পুনৰ নিৰ্মাণ নোহোৱাৰ ফলত এইবাৰো কৃষিভূমি সম্পূৰ্ণ পানীৰ তলত ডুব গৈ কৃষকসকল বিপদত পৰিছে৷ ভয়াৱহ বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি যোৰহাট জিলা প্ৰশাসনে বানাক্ৰান্ত অথবা আশ্ৰয় শিবিৰ হিচাপে ব্যৱহাৰ হৈ থকা ১২৫খন চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয়ৰ গ্ৰীষ্মকালীন বন্ধ জ্জ্ব আগষ্টলৈ বৃদ্ধি কৰিছে৷ বিপৰ্যয়ৰ মাজতো ৰাজ্যৰ বিভিন্ন প্ৰান্তত মানৱীয় সহায়ৰ হাত আগবঢ়াইছে বহু ব্যক্তি, কৃষক আৰু স্বেচ্ছাসেৱী সংগঠনে৷ তিনিচুকীয়াৰ মাকুম, বাৰেকুৰি আৰু স্থানীয় কৃষকসকলে প্ৰায় ৭০ বিঘা পথাৰত ধানৰ কঠীয়া প্ৰস্তুত কৰি বানপীড়িত কৃষকলৈ প্ৰেৰণৰ ব্যৱস্থা কৰিছে৷ প্ৰতিজন ক্ষতিগ্ৰস্ত কৃষকক দুই বিঘা খেতিৰ বাবে প্ৰয়োজনীয় কঠীয়া প্ৰদানৰ লক্ষ্য লৈছে৷ একেদৰে এ এছ আৰ এল এমৰ শক্তি চিএলএফ আৰু ভাদৈ গাঁও পঞ্চায়তৰ উদ্যোগত প্ৰথম পৰ্যায়ত গৰমুৰা-মাহমৰাত ১, ০০০ ফেৰা আৰু দ্বিতীয় পৰ্যায়ত নাজিৰা-লাকুৱাত টেঙাখাটলৈ ১,০০০ ফেৰা কঠীয়া বিতৰণৰ ব্যৱস্থা কৰিছে৷ আনহাতে, জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকাই ‘দীপলিনা ডেকা ফাউণ্ডেশ্বন’ৰ জৰিয়তে বানত ঘৰ-বাৰী হেৰুওৱা ১০০টা পৰিয়ালৰ বাবে নতুন ঘৰ নিৰ্মাণ কৰাৰ সংকল্প ঘোষণা কৰিছে৷ শিল্পীগৰাকীয়ে কয়- ‘খাদ্য আৰু বস্ত্ৰৰ লগতে এই মুহূৰ্তত বহু পৰিয়ালৰ আটাইতকৈ ডাঙৰ প্ৰয়োজন হৈছে এটা নিৰাপদ আশ্ৰয়৷’ সেই উদ্দেশ্যে সমগ্ৰ ৰাজ্যবাসীক এই পুনৰ্নিৰ্মাণ অভিযানত অংশগ্ৰহণৰ আহ৩ান জনাইছে৷
অসমৰ বানপীড়িতৰ কাষত বলীউডৰ তাৰকা ৰনদ্বীপ হুদা
‘আমাৰ অসম’ৰ ডিব্ৰুগড়ৰ প্ৰতিবেদকঃ অসমৰ ভয়াৱহ বান পৰিস্থিতিৰ সময়ত দুৰ্দশাগ্ৰস্ত ৰাইজৰ কাষত থিয় দি এক বিৰল মানৱীয়তাৰ পৰিচয় দাঙি ধৰিছে বলীউডৰ খ্যাতনামা অভিনেতা ৰনদ্বীপ হুদাই৷ বানপীড়িতক প্ৰত্যক্ষভাৱে সাহায্য প্ৰদান কৰাৰ উদ্দেশ্যে তেওঁ ডিব্ৰুগড় বিমান বন্দৰত উপস্থিত হৈ পোনপটীয়াকৈ বানপ্লাৱিত শিৱসাগৰ জিলালৈ ৰাওনা হয়৷ অসমৰ বান পৰিস্থিতিয়ে জটিল ৰূপ ধাৰণ কৰাৰ সময়তে ডিব্ৰুগড় বিমান বন্দৰত উপস্থিত হয় অভিনেতা ৰনদ্বীপ হুদা৷ বিমান বন্দৰত সাংবাদিকৰ মুখামুখি হৈ তেওঁ ৰাজ্যখনৰ ভয়াৱহ পৰিস্থিতিক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰে৷ অভিনেতাগৰাকীয়ে প্ৰকাশ কৰা মতে, বানৰ ফলত অসমত প্ৰাণ আৰু সম্পত্তিৰ ব্যাপক ক্ষয়-ক্ষতি হৈছে আৰু এই সংকটৰ সময়ত দুৰ্গতিগ্ৰস্ত লোকসকলক সাহায্য প্ৰদান কৰাটো অতি প্ৰয়োজনীয়৷ তেওঁ কয়, ইয়াত যথেষ্ট ক্ষয়-ক্ষতি হৈছে, মানুহৰ প্ৰাণ আৰু সম্পত্তিৰ ক্ষতি হৈছে৷ গতিকে আমি সাহায্য প্ৰদান কৰিবলৈ আহিছো৷ ‘গ্ল’বেল শিখ’ ফাউণ্ডেচনৰ অমৰপ্ৰীত প্ৰীত, যি ইয়াৰ মুৰব্বী, তেওঁৰ সৈতে মই পূৰ্বেও বহু ঠাইত কাম কৰিছো৷ এতিয়া অসমত যি ৰিলিফ ৱৰ্ক [সাহায্য কৰ্ম] আৰু ৰেচকিউ ৱৰ্ক [উদ্ধাৰ কাৰ্য] আছে– ৰেচকিউ ৱৰ্ক প্ৰায় শেষ হৈছে, গতিকে ৰিলিফ ৱৰ্কত সাহায্য কৰিবলৈ আহিছো৷ অভিনেতা হুদাই আন্তৰ্জাতিক জনসেৱামূলক সংস্থা ‘গ্ল’বেল শিখ ফাউণ্ডেশ্যন’ৰ সৈতে এই জনসেৱামূলক কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে৷ ফাউণ্ডেচনৰ মুৰব্বী অমৰপ্ৰীত প্ৰীতৰ সৈতে তেওঁ পূৰ্বেও বিভিন্ন দুৰ্যোগৰ সময়ত জনসেৱাত ব্ৰতী হৈছিল৷ অসমত উদ্ধাৰকাৰ্য প্ৰায় শেষ হোৱাৰ দিশে গতি কৰাত এতিয়া মূলতঃ প্লাৱিত অঞ্চলৰ লোকসকলক প্ৰয়োজনীয় সাহায্য সামগ্ৰী যোগান ধৰা আৰু সজাগতা সৃষ্টিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে৷ সাংবাদিকে দলটোৰ সৱিশেষ আৰু থকাৰ সময়সীমা সম্পৰ্কে সোধাত হুদাই কয় যে ‘গ্ল’বেল শিখ’ৰ এটা বৃহৎ দল ইতিমধ্যে অসমত উপস্থিত হৈ কাম কৰি আছে৷ পৰিস্থিতিৰ প্ৰয়োজনীয়তা অনুসৰি তেওঁলোকে ইয়াত দুই-চাৰি দিন বা তাতকৈয়ো অধিক সময় বাহৰ পাতি সাহায্য কাৰ্য অব্যাহত ৰাখিব৷ তেওঁ লগতে হুদাই কয় যে, ‘দলটো বহুত ডাঙৰ, ‘গ্ল’বেল শিখ’ৰ দলটো ইতিমধ্যে ইয়াতে উপস্থিত আছে৷ এতিয়া আমি ইয়াত সজাগতা বৃদ্ধি কৰিবলৈ আৰু অধিক কাম কৰিবলৈ আহিছো৷ ইয়াত দুই-চাৰি দিন যিমান দিনৰ প্ৰয়োজন হয় থাকিম৷ এতিয়া আমি পোনপটীয়াকৈ শিৱসাগৰলৈ যাম, আমাৰ ইতিমধ্যে পলম হৈছে৷’ উল্লেখযোগ্য যে, বলীউডৰ জনপ্ৰিয় অভিনেতাসকলে কেৱল চিনেমাৰ পৰ্দাতে সীমাৱদ্ধ নাথাকি বাস্তৱ জীৱনতো দুৰ্যোগৰ সময়ত বিপদাপন্ন ৰাইজৰ কাষত থিয় দিয়াৰ এই পদক্ষেপে সমগ্ৰ অসমতে ব্যাপক প্ৰশংসা বুটলিছে৷ শিৱসাগৰৰ বানপীড়িত অঞ্চলত তেওঁৰ এই উপস্থিতি আৰু সাহায্যৰ হাত আগবঢ়োৱা কাৰ্যই সঁচাকৈয়ে মানৱতাৰ এক উদাৰ নিদৰ্শন দাঙি ধৰিছে৷






