Logo
image

বানাক্ৰান্তক ১০ লাখ টকাকৈ নিদিলে মুখ্যমন্ত্ৰীৰ ঘৰ ঘেৰাওৰ ভাবুকি অখিলৰ

‘আমাৰ অসম’ৰ শিৱসাগৰৰ প্ৰতিনিধি, ২ আগষ্টঃ  শিৱসাগৰত আজি ৰাইজৰ দলৰ অস্থায়ী বান সাহায্য শিবিৰত সংবাদ মেল আয়োজন কৰি দলটোৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে কয় যে, ‘ইতিহাসৰ সবাতোকৈ প্ৰলয়ংকৰী বানে উজনিৰ শিৱসাগৰ আৰু চৰাইদেউ জিলাক বিধবস্ত কৰি পেলালে৷ তথাপিও দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাত এষাৰ দিবলৈ সময় নাই৷ শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ লগতে যোৰহাট আৰু গোলাঘাট জিলাক পুনৰ সংস্থাপনৰ বাবে অতি কমেও ৩০ হাজাৰ কোটি টকাৰ কেন্দ্ৰীয় সাহায্যৰ প্ৰয়োজন৷ দিল্লীয়ে অসমৰ এই চাৰি জিলাৰ বিধবস্ত ৰূপক ‘ৰাষ্ট্ৰীয় দুৰ্যোগ’ হিচাপে  ঘোষণা কৰিব লাগিছিল৷ কিন্তু কেন্দ্ৰীয় চৰকাৰে এনে নকৰিলে৷ মাত্ৰ ২ হাজাৰ কোটি টকা অসমৰ এই দুৰ্যোগৰ বাবে নিৰ্ধাৰণ কৰি প্ৰথম কিস্তিত কেৱল ৩৭৯ কোটি টকা মুকলি কৰি দিছে৷ অসমৰ মুখ্যমন্ত্ৰীয়ে দিল্লীৰ ওচৰত নতশিৰ কৰি এই নূ্যনতম ধন লৈয়ে মনে মনে আছে৷ ই প্ৰমাণ কৰিছে যে অসমৰ মুখ্যমন্ত্ৰী এজন দুৰ্বল মুখ্যমন্ত্ৰী৷’ তেওঁ কয় যে শিৱসাগৰ আৰু চৰাইদেউ জিলা বানে বিধবস্ত কৰিছে৷ হাজাৰ হাজাৰ লোকে এতিয়াও বাট-পথৰ দাঁতিত আশ্ৰয় লৈ আছে৷ উভতি যাব পৰা নাই নিজ গৃহলৈ৷ কিছুমান ঠাইত পানী কিছু হ্ৰাস পাইছে যদিও ঘৰসমূহৰ ভিতৰত এককাল পলস৷ ঘৰৰ সকলো সামগ্ৰী নষ্ট হৈ পৰিছে৷ ৰাইজৰ দলৰ পৰা ৰাজ্য চৰকাৰক বানত বিধবস্ত হোৱা প্ৰতিটো পৰিয়ালক দহ লাখকৈ টকা এককালীন সাহায্য দিবলৈ দাবী জনাইছিলো৷ চৰকাৰে একেবাৰে নোৱাৰিলে প্ৰথমে দুই লাখ দি পিছৰ পৰ্যায়ত প্ৰদান কৰিবলগীয়া ধন সমূহ কিস্তি আকাৰে দিলে অন্ততঃ বানপীড়িতই নিজা ঘৰখনৰ কিছু কাম কৰিব পাৰিব৷ কিন্তু চৰকাৰে বানপীড়িত জিলাৰ বানৰ ক্ষতিগ্ৰস্ত হোৱা লোকসকলক ১৫ হাজাৰকৈ টকা এককালীন সাহায্য দিব বুলি ঘোষণা কৰিছে৷ কিন্তু ৰাইজৰ দলৰ লগতে সকলো ফালৰ পৰা চৰকাৰক সমালোচনা কৰাত এতিয়া শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বানত ক্ষতিগ্ৰস্ত হোৱা লোকক ২৫ হাজাৰ টকাকৈ এককালীন সাহায্য প্ৰদান কৰিব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে৷ এইয়া কেতিয়াও মানি ল’ব নোৱাৰি৷


প্ৰতিটো পৰিয়ালৰ বাবে ৰাজ্য চৰকাৰে দহ লাখ টকা নিৰ্ধাৰণ কৰিব লাগিব, অন্যথা শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বানপীড়িতক লগত লৈ মুখ্যমন্ত্ৰীৰ ঘৰ ঘেৰাও কৰা হ’ব বুলি অখিল গগৈয়ে হুংকাৰ দিয়ে৷ ইয়াৰ লগতে অখিল গগৈয়ে সংবাদমেলত মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা বানপীড়িতক প্ৰদান কৰা খাদ্য সামগ্ৰীৰ দুটা টোপোলা সংবাদ মাধ্যমৰ সন্মুখত ৰাখি কয় যে, মুখ্যমন্ত্ৰীয়ে বানপীড়িত লোকসকলৰ বাবে মুখ্যমন্ত্ৰীৰ ফালৰ পৰা প্ৰতিটো পৰিয়ালৰ বাবে ৭ কেজি চাউল, ৪ কেজি দাইল, এক লিটাৰ মিঠাতেল আৰু এক কেজি নিমখ দিয়াৰ কথা ঘোষণা কৰিছিল৷ কিন্তু বাস্তৱ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ সাহায্য টোপোলাটোত প্ৰায় পাঁচ কেজি চাউল, ৪০০ গ্ৰাম মিঠাতেল, নিমখ এক কেজি আৰু দাইল এক কেজি দিয়া হৈছে৷ মিঠাতেলৰ যি ৪০০ গ্ৰামৰ পেকেট দিয়া হৈছে এই ব্ৰেণ্ডৰ মিঠাতেলৰ নাম মানুহে শুনায়েই নাই৷ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰাৰ পিছত কেনেদৰে সামগ্ৰীৰ পৰিমাণ ইমান কম হ’বলৈ পালে আৰু এইয়া কাৰ নিৰ্দেশত কৰা হ’ল বুলি অখিল গগৈয়ে প্ৰশ্ন কৰে৷ তেওঁ কয় যে, যদি শিৱসাগৰ অথবা চৰাইদেউ জিলাৰ আয়ুক্তই মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা সাহায্য টোপোলা হ্ৰাস কৰিছে তেন্তে মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ ৰাইজৰ সন্মুখত আহি নিজা স্থিতি স্পষ্ট কৰক৷ ইমান কম পৰিমাণৰ সামগ্ৰী মুখ্যমন্ত্ৰীয়ে বানপীড়িতক প্ৰদান কৰি আচলতে বিপদৰ সময়ত অসমীয়াক কৰা মুখ্যমন্ত্ৰীৰ ই এক অপমান বুলি অখিল গগৈয়ে উল্লেখ কৰে৷ ইয়াৰ লগতে তেওঁ কয় যে, মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে জুলাই মাহৰ বিদ্যুৎ বিল শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাটৰ ৰাইজে দিব নালাগে৷ এই বিল চৰকাৰে পৰিশোধ কৰিব৷ কিন্তু কথা হ’ল যোৱা ১৯ তাৰিখৰ বানৰ পিছত বিদু্যৎ যোগান ব্যাহত হৈ আছে৷ মানুহে কেতিয়া বিদ্যুৎ ব্যৱহাৰ কৰিলে৷ পোনপটীয়া কথা হ’ল চৰকাৰে আগন্তুক ছয় মাহৰ বিদু্যৎ বিল ল’ব নোৱাৰিব৷ চৰকাৰে বিদু্যৎ বিভাগক এই বিল পৰিশোধ কৰক৷ আনহাতে যি ধৰণৰে ঋণ নহওক লাগিলে, আগন্তুক ছয় মাহৰ বাবে গ্ৰাহকে লোৱা ঋণৰ সুত বৃদ্ধি পাব নোৱাৰিব৷ যোৱা মাহত যেনেদৰে ঋণসহ সুত আছিল আগন্তুক ছয়মাহলৈকে এই একেটা পৰ্যায়তে ঋণ থাকিব লাগিব, যিহেতু কোনো ঋণ লোৱা মানুহে এতিয়া কিস্তি দিব নোৱাৰে৷ সকলোৰে সকলো শেষ হৈ গৈছে বুলি অখিল গগৈয়ে কয়৷