২৫ হাজাৰৰ স্ব-গণনা সম্পন্ন
‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২ আগষ্টঃ ২০১১ চনৰ পাছত দীৰ্ঘ বিৰতিৰ অন্তত সমগ্ৰ দেশৰ লগতে অসমতো দেওবাৰৰে পৰা আনুষ্ঠানিকভাৱে আৰম্ভ হ’ল ‘লোকপিয়ল ২০২৭’ৰ স্ব-গণনা প্ৰক্ৰিয়া৷ স্বাধীনতা-উত্তৰ ভাৰতবৰ্ষত এই প্ৰথমবাৰৰ বাবে সম্পূৰ্ণ ডিজিটেল প্ৰযুক্তিৰে লোকপিয়ল অনুষ্ঠিত হৈছে৷ এইবাৰৰ লোকপিয়লৰ অন্যতম আকৰ্ষণ হ’ল নাগৰিকসকলক ঘৰত বহিয়েই নিজৰ পৰিয়ালৰ তথ্য নিজেই প’ৰ্টেলত দাখিল কৰাৰ বিশেষ সুবিধা প্ৰদান কৰা৷ এই উপলক্ষে চৰকাৰীভাৱে মুকলি কৰা বিশেষ স্ব-গণনা প’ৰ্টেল [se.census.gov.in] দেওবাৰ অৰ্থাৎ ২ আগষ্টৰ পৰা ১৬ আগষ্টলৈ ১৫ দিনৰ বাবে মুকলি থাকিব৷ অনলাইন স্ব-গণনা প্ৰক্ৰিয়া মুকলি হোৱাৰ লগে লগে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই নিজ নিজ বাসগৃহত এই প্ৰক্ৰিয়া সফলতাৰে সম্পূৰ্ণ কৰে৷ লোকপিয়ল সঞ্চালকালয়ে প্ৰকাশ কৰা মতে দেওবাৰে প্ৰথম দিনটোতে ৰাজ্যৰ প্ৰায় ২৫ হাজাৰ লোকে স্ব-গণনা প্ৰক্ৰিয়া সম্পন্ন কৰে৷ ইফালে, সামাজিক মাধ্যমযোগে নিজৰ স্ব-গণনা সম্পন্ন কৰাৰ কথা ঘোষণা কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয়– ‘আজি মই স্ব-গণনা সম্পূৰ্ণ কৰিলোঁ৷ এতিয়া ঘৰত বহিয়েই অতি সহজে নিজৰ পৰিয়ালৰ তথ্য নিজেই পূৰণ কৰি লোকপিয়লত অংশগ্ৰহণ কৰিব পৰা যাব! বিলম্ব নকৰি এই গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় কাৰ্যসূচীৰ অংশীদাৰ হ’বলৈ আটাইকে আন্তৰিকভাৱে আহ৩ান জনালোঁ৷ ‘ ইফালে, বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱায়ো এটা প্ৰেছ বিজ্ঞপ্তিযোগে ৰাজ্যবাসী তথা দেশবাসীকে এই ডিজিটেল প্ৰক্ৰিয়াত স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাই কয় যে এই লোকপিয়লৰ জৰিয়তে সংগ্ৰহ হ’বলগীয়া তথ্যসমূহে ভৱিষ্যতেৰ ৰাজহুৱা নীতি আৰু উন্নয়নমূলক আঁচনি প্ৰস্তুত কৰাত নিৰ্ণায়ক ভূমিকা পালন কৰিব৷ লোকপিয়ল সঞ্চালকালয় অসমৰ সঞ্চালক বিশ্বজিৎ পেগুৱে জানিবলৈ দিয়া অনুসৰি, এই স্ব-গণনা প্ৰক্ৰিয়া সম্পূৰ্ণৰূপে ঐচ্ছিক৷ se.census.gov.in প’ৰ্টেলত গৈ নিজৰ মোবাইল নম্বৰ দি অহা অ’টিপিৰ জৰিয়তে পৰিয়ালৰ যিকোনো সদস্যই এই আবেদন পূৰণ কৰিব পাৰিব [এটা পৰিয়ালে এটা মোবাইল নম্বৰ ব্যৱহাৰ কৰিব পাৰিব]৷
অসমীয়া আৰু ইংৰাজীকে ধৰি মুঠ ১৬টা ভাৰতীয় ভাষাত উপলব্ধ এই প’ৰ্টেলত প্ৰথমে ৰাজ্য, জিলা, পিন নম্বৰ আৰু অনলাইন মেপত নিজৰ ঘৰৰ জিপিএছ অৱস্থিতি চিহ্নিত কৰিব লাগিব৷ ইয়াৰ পাছত ঘৰৰ গাঁথনি [মজিয়া, দেৱাল, চালি], কোঠাৰ সংখ্যা, খোৱাপানীৰ উৎস, বাথৰুম, নিষ্কাশন ব্যৱস্থা, ৰন্ধন ইন্ধন [এলপিজি], খাদ্যাভাস, তথা ঘৰত টিভি, ইণ্টাৰনেট, লেপটপ, বাহন আদি থকা-নথকা সন্দৰ্ভত ৩৩-৩৪টা প্ৰশ্নৰ সহজ উত্তৰ [টিক মাৰ্ক] দিয়াৰ ব্যৱস্থা আছে৷ প্ৰক্ৰিয়াটো সফলভাৱে সম্পন্ন হোৱাৰ লগে লগে স্ক্ৰীনত আৰু এছএমএছ যোগে এটা বিশেষ নম্বৰ [SEID] প্ৰাপ্ত হ’ব, যিটো সুৰক্ষিতভাৱে সংৰক্ষণ কৰি ৰাখিব লাগিব৷ স্ব-গণনাৰ প্ৰথম পৰ্যায় ১৬ আগষ্টত সমাপ্ত হোৱাৰ পাছত ১৭ আগষ্টৰ পৰা ১৫ ছেপ্টেম্বৰলৈ দ্বিতীয় পৰ্যায়ৰ ‘গৃহ লোকপিয়ল’ অনুষ্ঠিত হ’ব৷ এই সময়ছোৱাত চৰকাৰীভাৱে নিযুক্ত গণনাকাৰীসকলে প্ৰতিটো পৰিয়ালৰ ঘৰে ঘৰে গৈ তথ্যসমূহ পৰীক্ষা কৰিব৷ যিসকল নাগৰিকে ইতিমধ্যে স্ব-গণনা সম্পূৰ্ণ কৰিছে, তেওঁলোকে গণনাকাৰী বিষয়াক কেৱল নিজৰ SEID নম্বৰটো প্ৰদান কৰিব লাগিব৷ বিষয়াজনে তথ্যসমূহ পৰীক্ষা কৰি সঠিক হ’লে নিশ্চিত কৰিব৷ আনহাতে, যিসকলে স্ব-গণনা নকৰে, তেওঁলোকৰ বাবে গণনাকাৰীয়ে ঘৰে ঘৰে গৈ নতুনকৈ সকলো তথ্য সংগ্ৰহ কৰিব৷ ২০২৭ চনৰ ৰ মাৰ্চৰ ভিতৰত সম্পূৰ্ণ লোকপিয়ল প্ৰক্ৰিয়া সম্পন্ন কৰাৰ লক্ষ্য লোৱা হৈছে৷ এইবাৰৰ লোকপিয়লত সম্পূৰ্ণ ডিজিটেল পদ্ধতিৰে ‘CMMS Ahp’ ব্যৱহাৰ কৰা হৈছে, য’ত নেটৱৰ্ক নথকা দুৰ্গম স্থানতো অফলাইনত তথ্য সংগ্ৰহ কৰি পিছত ছাবমিট কৰাৰ সুবিধা আছে৷ সমগ্ৰ ৰাজ্যত এই কাৰ্যসূচী সুচাৰুৰূপে পৰিচালনাৰ বাবে ৫৯জন মাষ্টাৰ ট্ৰেইনাৰ; ১,১৩৯জন ফিল্ড ট্ৰেইনাৰ আৰু ৮৬ হাজাৰ ছুপাৰভাইজাৰ নিযুক্তি দিয়া হৈছে৷ অসমৰ ৩৫খন জিলাৰ ১৬৬খন উপ-জিলা, ১২খন চহৰ আৰু ২৬, ২৩৬খন গাঁৱত এই লোকপিয়ল অনুষ্ঠিত হ’ব৷ অৱশ্যে, ৰাজ্যৰ সাম্প্ৰতিক প্ৰলয়ংকাৰী বানপানীৰ প্ৰতি লক্ষ্য ৰাখি বানাক্ৰান্ত শিৱসাগৰ আৰু চৰাইদেউ জিলাত স্ব-গণনা প্ৰক্ৰিয়া সাময়িকভাৱে বন্ধ ৰখা হৈছে৷ আনহাতে, লোকপিয়ল সঞ্চালকালয়ে নাগৰিকসকলক আশ্বাস দি কৈছে যে প্ৰদান কৰা আটাইবোৰ ব্যক্তিগত তথ্য সম্পূৰ্ণৰূপে গোপনীয় আৰু সুৰক্ষিত হৈ থাকিব৷ স্ব-গণনা প্ৰক্ৰিয়াত কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হ’লে নাগৰিকসকলে চৰকাৰী হেল্পলাইন নম্বৰ ১৮৫৫ত যোগাযোগ কৰিব পাৰিব৷






