Logo
image

জি এম চি এইচত সাংবাদিক চামচুল ৰহমানৰ জটিল হৃদ্‌ৰোগৰ অস্ত্ৰোপচাৰ সম্পন্ন

'আমাৰ অসম'ৰ মহানগৰীৰ প্ৰতিবেদক, ৩০ আগষ্টঃ  গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ (জি এম চি এইচ) চি এন চেণ্টাৰত জ্যেষ্ঠ সাংবাদিক চামচুল ৰহমানৰ জটিল হৃদ্‌ৰোগৰ অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন হয়। হৃদযন্ত্ৰলৈ ৰক্ত সৰবৰাহ কৰা দুটা গুৰুত্বপূৰ্ণ ধমনীত অত্যন্ত গুৰুতৰ মাত্ৰাত ব্লকেজ ধৰা পৰাৰ পাছত হৃদৰোগ বিশেষজ্ঞ ডাঃ হাফিজুৰ ৰহমানে বিষয়টো বিশেষ গুৰুত্বসহকাৰে লৈ চিকিৎসা আগবঢ়ায়।

উল্লেখযোগ্য যে, যোৱা ২০ আগষ্টত হঠাৎ হৃদ্‌ৰোগত আক্ৰান্ত হয় আমাৰ অসমৰ সাংবাদিক চামচুল ৰহমান। পৰিস্থিতিৰ গুৰুত্ব উপলব্ধি কৰি ‘আমাৰ অসম’ৰ মুখ্য সম্পাদক মনোজ গোস্বামীয়ে ততাতৈয়াকৈ তেওঁক জি এম চি এইচৰ চি এন চেণ্টাৰত ভৰ্তি কৰোৱাৰ ব্যৱস্থা কৰে।

চিকিৎসালয়ত ভৰ্তিৰ পাছতে জি এম চি এইচৰ অধীক্ষক দেৱজিত চৌধুৰীৰ নিৰ্দেশত চি এন চেণ্টাৰৰ হৃদৰোগ বিশেষজ্ঞ তথা কাৰ্ডিঅ’লজি বিভাগৰ সহকাৰী অধ্যাপক ডাঃ হাফিজুৰ ৰহমানে সাংবাদিকগৰাকীৰ স্বাস্থ্য পৰীক্ষা আৰম্ভ কৰে। বিভিন্ন পৰীক্ষাৰ বাবে নমুনা সংগ্ৰহ কৰি প্ৰয়োজনীয় চিকিৎসা পৰীক্ষা সম্পন্ন কৰাৰ পাছত প্ৰতিবেদনত হৃদযন্ত্ৰৰ ৰক্ত সৰবৰাহকাৰী ধমনীত অতি গুৰুতৰ ব্লকেজ ধৰা পৰে। চিকিৎসকৰ মতে, সাংবাদিক চামচুল ৰহমানৰ সোঁফালৰ এটা গুৰুত্বপূৰ্ণ ধমনীত প্ৰায় ৯৫ শতাংশ আৰু বাওঁফালৰ আন এটা ধমনীত প্ৰায় ৮০ শতাংশ ব্লকেজ আছিল। এনে জটিল অৱস্থাত অস্ত্ৰোপচাৰ যথেষ্ট প্ৰত্যাহ্বানজনক হৈ পৰিছিল।


ইয়াৰ পাছতে ডাঃ হাফিজুৰ ৰহমানে বিষয়টো গভীৰভাৱে অধ্যয়ন কৰি ৰোগীৰ শাৰীৰিক অৱস্থা, ধমনীৰ ব্লকেজ আৰু অস্ত্ৰোপচাৰৰ সম্ভাব্য জটিলতাৰ দিশসমূহ পৰ্যালোচনা কৰে। অৱশেষত চিকিৎসকৰ বিশেষ তৎপৰতাত শুকুৰবাৰে সাংবাদিকগৰাকীৰ জটিল হৃদ্‌ৰোগৰ অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন কৰা হয়। সাংবাদিক চামচুল ৰহমানৰ চিকিৎসাৰ ক্ষেত্ৰত ‘আমাৰ অসম’ৰ মুখ্য সম্পাদক মনোজ গোস্বামীৰ ভূমিকাও বিশেষভাৱে উল্লেখযোগ্য। ৰহমানক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পৰা আৰম্ভ কৰি চিকিৎসাৰ প্ৰয়োজনীয় ব্যৱস্থা আৰু আনুষংগিক সা-সুবিধা নিশ্চিত কৰাৰ ক্ষেত্ৰত মুখ্য সম্পাদক গোস্বামীয়ে উদ্যোগ গ্ৰহণ কৰে।

ইফালে, জি এম চি এইচৰ চি এন চেণ্টাৰৰ হৃদৰোগ বিশেষজ্ঞ ডাঃ হাফিজুৰ ৰহমানে দৰিদ্ৰ আৰু আৰ্থিকভাৱে দুৰ্বল হৃদৰোগীক চিকিৎসা সেৱা আগবঢ়াই অহাৰ বাবে মানৱদৰদী চিকিৎসক হিচাপে পৰিচিতি লাভ কৰিছে। কাৰ্ডিঅ’লজি বিভাগৰ সহকাৰী অধ্যাপক হিচাপে কৰ্মৰত ডাঃ ৰহমানে কেন্দ্ৰীয় চৰকাৰৰ আয়ুষ্মান ভাৰত আঁচনিৰ অধীনতো বহু হৃদৰোগীৰ চিকিৎসা আৰু অস্ত্ৰোপচাৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। চিকিৎসালয়ৰ চি এন চেণ্টাৰত আয়ুষ্মান আঁচনিৰ অধীনত প্ৰতিদিনে কেইবাগৰাকীও হৃদৰোগীৰ অস্ত্ৰোপচাৰ সম্পন্ন কৰি অহা ডাঃ হাফিজুৰ ৰহমানৰ এই সেৱামূলক ভূমিকা বিশেষভাৱে প্ৰশংসিত হৈছে। অতি গুৰুতৰ দুটা ধমনীৰ ব্লকেজৰ সৈতে হৃদ্‌ৰোগত আক্ৰান্ত হোৱা সাংবাদিক চামচুল ৰহমানৰ ক্ষেত্ৰত সময়মতে চিকিৎসালয়ত ভৰ্তি, দ্ৰুত পৰীক্ষা-নিৰীক্ষা, চিকিৎসকৰ তৎপৰতা আৰু উন্নত চিকিৎসা ব্যৱস্থাই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। জটিল অস্ত্ৰোপচাৰ সফল হোৱাৰ পাছত সাংবাদিকগৰাকীৰ পৰিয়াল, সহকৰ্মী আৰু শুভাকাংক্ষীসকলে চিকিৎসক ডাঃ হাফিজুৰ ৰহমানসহ জি এম চি এইচৰ চিকিৎসক-স্বাস্থ্যকৰ্মীসকলক কৃতজ্ঞতা জ্ঞাপন কৰিছে। স্মৰ্তব্য যে, সাংবাদিক গৰাকীৰ অস্ত্ৰোপচাৰৰ সময়ত চিকিৎসক ডাঃ হাফিজুৰ ৰহমানক পৰামৰ্শ আগবঢ়াইছিল প্ৰফেচাৰ ডাঃ পি জে ভট্টাচাৰ্য,প্ৰফেচাৰ ডাঃ বি দত্ত আৰু ডাঃ এফ ইকবালে।