১৯৮০ৰ দশকৰ লুকত ভাইৰেল AI ফটো, মন্ত্ৰী/চেলেব্ৰিটীয়ে ফলো কৰিছে AIৰ নতুন ট্ৰেণ্ড
'আমাৰ অসম'ৰ ডিজিটেল ডেস্ক ৯ ছেপ্টেম্বৰঃ ছ’চিয়েল মিডিয়াত এতিয়া নতুনকৈ জনপ্ৰিয় হৈ পৰিছে ১৯৮০ৰ দশকৰ ষ্টাইলত AI-ৰ জৰিয়তে ফটো তৈয়াৰ কৰাৰ ট্ৰেণ্ড। সাধাৰণ ফটোক ৮০ৰ দশকৰ ফেশ্বন, হেয়াৰষ্টাইল, পোছাক আৰু ৰূপসজ্জাৰে সেই সময়ৰ ফটোগ্ৰাফীৰ বিশেষ লুক দিয়াৰ ফলত এই ট্ৰেণ্ডে নেটিজেনৰ মাজত যথেষ্ট চৰ্চা লাভ কৰিছে।
উল্লেখযোগ্য যে কেৱল সাধাৰণ ব্যৱহাৰকাৰীয়েই নহয়, মন্ত্ৰী, অভিনেতা-অভিনেত্ৰী আৰু বিভিন্ন ক্ষেত্ৰৰ পৰিচিত ব্যক্তিসকলেও ১৯৮০ৰ দশকৰ লুকত নিজৰ AI-নিৰ্মিত ফটো সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে। ফলত যুৱ প্ৰজন্মৰ মাজতো সেই সময়ৰ ফেশ্বন আৰু ষ্টাইলক লৈ কৌতুহল বৃদ্ধি পাইছে। বিশেষকৈ ভিনটেজ ৰঙী সাজ-সজ্জা, পুৰণি কেমেৰাৰ দৰে ফটোগ্ৰাফী আৰু সেই সময়ৰ পোছাক আৰু হেয়াৰ ষ্টাইলৰ সংমিশ্ৰণে AI ফটোক অধিক আকৰ্ষণীয় কৰি তুলিছে। তদুপৰি বহুতে নিজৰ বৰ্তমানৰ ফটো ব্যৱহাৰ কৰি কেই ছেকেণ্ড মানৰ ভিতৰতে ১৯৮০ৰ দশকৰ ৰূপ সৃষ্টি কৰি সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে। AI-ৰ এই নতুন ট্ৰেণ্ডে কেৱল বিনোদনেই নহয়, পুৰণি সময়ৰ ফেশ্বন আৰু নষ্টালজিয়াকো পুনৰ সামাজিক মাধ্যমলৈ ঘূৰাই আনিছে। AIৰ এই ট্ৰেণ্ডটো আগন্তুক দিনত আৰু অধিক জনপ্ৰিয় হোৱাৰ সম্ভাৱনা আছে।






