Logo
image

দশমপৰ্যন্ত বাধ্যতামূলক হ’ল হিন্দী

২২ হাজাৰ হিন্দী শিক্ষক উত্তৰ-পূবলৈ

সংসদীয় সমিতিৰ বৈঠকত ঘোষণা অমিত শ্বাহৰ

আমাৰ অসম, ৯ এপ্ৰিলঃ অসমকে ধৰি উত্তৰ-পূবৰ ৮খন ৰাজ্যত নৰেন্দ্ৰ মোদী চৰকাৰে হিন্দী ভাষা দশমমান পৰ্যন্ত বাধ্যতামূলক ঘোষণা কৰিছে৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা চৰকাৰী ভাষা বিষয়ক সংসদীয় কমিটীৰ অধ্যক্ষ অমিত শ্বাহে এই ঘোষণা কৰি কৈছে– ‘উত্তৰ-পূবৰ আঠখন ৰাজ্যত এতিয়াৰ পৰা দশম শ্ৰেণী পৰ্যন্ত প্ৰত্যেক শিক্ষাৰ্থী আৰু প্ৰতিখন স্কুলত হিন্দী ভাষা বাধ্যতামূলকভাৱে পঢ়োৱা হ’ব৷ তাৰ বাবে ২২ হাজাৰজন হিন্দী ভাষাৰ শিক্ষকক চাকৰি দি উত্তৰ-পূবৰ আঠখন ৰাজ্যলৈ প্ৰেৰণ কৰা হ’ব৷ উত্তৰ-পূবৰ ৯টা জনজাতিয়ে  তেওঁলোকৰ কথিত ভাষা দেৱনাগৰী লিপিলৈ সলনি কৰি ল’ব লাগিব৷ দেশৰ ঐক্যৰ বাবে সকলোৱে এতিয়া হিন্দী ভাষা শিকাটো অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে৷ দেশৰ সকলো অঞ্চলতে ভাৰতৰ চৰকাৰী ভাষা শিকোৱা অপৰিহাৰ্য বিষয় হিচাপে গণ্য কৰা হৈছে৷ সেয়ে উত্তৰ-পূবৰ আঠখন ৰাজ্যত এতিয়াৰ পৰা হিন্দী ভাষা বাধ্যতামূলকভাৱে দশম শ্ৰেণী পৰ্যন্ত পঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷’ 

নৰেন্দ্ৰ মোদী চৰকাৰে অসম আৰু অসমৰ চুবুৰীয়া মুঠতে আঠখন ৰাজ্যত হিন্দী ভাষা বাধ্যতামূলক হিচাপে এনেদৰে বলপূৰ্বক জাপি দিয়াৰ বিষয়টোত ছ’চিয়েল মিডিয়াত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ চৰকাৰীভাৱে উত্তৰ-পূবৰ কোনো এখন ৰাজ্যই এই সন্দৰ্ভত নূ্ন্যতম প্ৰতিক্ৰিয়াও আগবঢ়োৱা নাই৷ অৱশ্যে তেনে চৰকাৰী প্ৰতিক্ৰিয়া আশা কৰাটো কঠিন৷ কিয়নো উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰায় কেইখন ৰাজ্যতে হয় বিজেপি চৰকাৰ আছে, নহয় বিজেপিৰ সমৰ্থনপুষ্ট চৰকাৰে শাসন কৰি আছে৷ তেনেক্ষেত্ৰত কোনেও নৰেন্দ্ৰ মোদী চৰকাৰৰ ইচ্ছাৰ বিৰুদ্ধে মাত মাতিব নোৱাৰে৷ পিছে ছ’চিয়েল মিডিয়াত উত্তৰ-পূবৰ আঠখন ৰাজ্যতে কেন্দ্ৰীয় চৰকাৰৰ এই বলপূৰ্বক সিদ্ধান্তৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া উদ্ভৱ হোৱা দেখা গৈছে৷ সকলোৱে এনেদৰে হিন্দী ভাষা জাপি দিয়াৰ বিষয়টো সহজভাৱে গ্ৰহণ কৰা নাই৷ প্ৰসংগতঃ উল্লেখযোগ্য, উত্তৰ-পূবৰ কমেও চাৰিখন ৰাজ্য ক্ৰমে মেঘালয়, অৰুণাচল প্ৰদেশ, নাগালেণ্ড আৰু মিজোৰামত ইংৰাজী হৈছে চৰকাৰী ভাষা৷ এনেক্ষেত্ৰত এই কেইখন ৰাজ্যত হিন্দী বাধ্যতামূলক কৰাটো স্থানীয় বাসিন্দাসকলে মানি নল’ব বুলি ধাৰণা কৰা হৈছে৷ 

উল্লেখ্য চৰকাৰী ভাষা বিষয়ক সংসদীয় কমিটীৰ অধ্যক্ষ অমিত শ্বাহে বৃহস্পতিবাৰে অনুষ্ঠিত কমিটীৰ ৩৭সংখ্যক বৈঠকত সভাপতিত্ব কৰি এই সিদ্ধান্ত গ্ৰহণ কৰে৷ তেওঁ বৈঠকৰ পাছতে সমগ্ৰ দেশত হিন্দী ভাষাই গুৰুত্ব লাভ কৰিব লাগে বুলি মন্তব্য কৰে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই বিষয়টোত অসামান্য গুৰুত্ব প্ৰদান কৰে বুলি উল্লেখ কৰে৷ অমিত শ্বাহে স্পষ্টভাৱে কয় যে হিন্দী ভাষাক ভাৰতীয় নাগৰিকে ইংৰাজী ভাষাৰ বিকল্প হিচাপে গ্ৰহণ কৰিব লাগে৷ তেওঁৰ মতে হিন্দী কোনো স্থানীয় ভাষা নহয়৷ হিন্দী হৈছে ভাৰতৰ চৰকাৰী ভাষা৷ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰখনে এতিয়া কেবিনেটৰ ৭০ শতাংশ কামকাজ হিন্দী ভাষাত সম্পাদন কৰে৷ হিন্দী যিহেতু ভাৰতৰ চৰকাৰী ভাষা সেয়ে দেশৰ নাগৰিকে হিন্দী ভাষা ব্যৱহাৰ কৰি হীনমন্যতাত ভোগা অনুচিত বুলি তেওঁ মন্তব্য কৰে৷ অমিত শ্বাহে সেয়ে কয়, দেশৰ নাগৰিকে ইংৰাজীৰ পৰিৱৰ্তে সংযোগী আৰু চৰকাৰী ভাষা হিচাপে হিন্দী ভাষা অধিক পৰিমাণত ব্যৱহাৰ কৰা প্ৰয়োজন৷ অন্ততঃ দেশৰ যিকোনো ৰাজ্যৰ বাসিন্দাই আন এখন ৰাজ্যৰ বাসিন্দাৰ সৈতে যোগাযোগৰ মাধ্যম হিচাপে হিন্দী ভাষা ব্যৱহাৰ কৰা উচিত বুলি তেওঁ মন্তব্য কৰে৷  তেওঁ কয়– ‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হিন্দী ভাষাক চৰকাৰী কাৰ্যালয়ত চৰকাৰী ভাষা হিচাপে অধিকভাৱে ব্যৱহাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ স্বাভাৱিকতে প্ৰধানমন্ত্ৰীৰ এই সিদ্ধান্তই দেশত হিন্দী ভাষাৰ গুৰুত্ব পূৰ্বতকৈ অধিক বৃদ্ধি কৰিব৷ প্ৰধানমন্ত্ৰীয়ে ভাবে, এখন দেশৰ সকলো নাগৰিকে একেটা ভাষাৰে কথা পাতিলে আৰু যোগাযোগ কৰিলে দেশখনৰ নাগৰিকৰ মাজত ঐক্য বৃদ্ধি পাব৷ হিন্দী যিহেতু ভাৰতৰ চৰকাৰী ভাষা সেয়ে সকলোৱে হিন্দী ভাষা ভালদৰে শিকা আৰু ব্যৱহাৰ কৰা প্ৰয়োজন বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইচ্ছা প্ৰকাশ কৰে৷’

গৃহমন্ত্ৰী তথা ভাষা বিষয়ক সংসদীয় কমিটীৰ অধ্যক্ষ অমিত শ্বাহে ভাৰতবাসীয়ে ইংৰাজী ত্যাগ কৰি তাৰ পৰিৱৰ্তে হিন্দী ভাষা ব্যৱহাৰ কৰিব লাগে বুলি জনোৱা আহ৩ানৰ ক্ষেত্ৰত দক্ষিণ ভাৰতত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ কৰ্ণাটক, তামিলনাডু, কেৰালাকে ধৰি দক্ষিণ ভাৰতৰ কেইবাখনো ৰাজ্যৰ ৰাজনীতিক আৰু বিৰোধী দলৰ নেতাই অমিত শ্বাহৰ এই ভাষ্যৰ তীব্ৰ বিৰোধিতা কৰিছে আৰু তেওঁ যেনেকৈ সমগ্ৰ দেশতে হিন্দী ভাষা জাপি দিব খুজিছে দক্ষিণ ভাৰতে তাৰ তীব্ৰ বিৰোধিতা কৰিব বুলি দাক্ষিণাত্যৰ সকলো ৰাজনৈতিক নেতাই মন্তব্য কৰিছে৷ কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কংগ্ৰেছ নেতা সিদ্দাৰামায়াই নৰেন্দ্ৰ মোদী চৰকাৰৰ বক্তব্যৰ ঘোৰ বিৰোধিতা কৰিছে৷ তেওঁৰ মতে উত্তৰ-পূবৰ ৰাজ্যসমূহত হিন্দী বাধ্যতামূলক কৰি জাপি দিয়া হৈছে আৰু এয়া সমগ্ৰ দেশত হিন্দী ভাষা প্ৰচলনৰ বাবে মোদী চৰকাৰে গ্ৰহণ কৰা প্ৰথমতো পদক্ষেপ৷ উত্তৰ-পূবৰ বাসিন্দাই মোদী চৰকাৰৰ এই সিদ্ধান্ত নীৰৱে মানি ল’লে লাহে লাহে তেওঁলোকে দক্ষিণ ভাৰততো হিন্দী ভাষা স্কুলত বাধ্যতামূলক কৰাৰ পদক্ষেপ ল’ব বুলি তেওঁ আশংকা প্ৰকাশ কৰে৷ তেওঁ কয়, হিন্দী ৰাষ্ট্ৰভাষা নহয়৷ ভৱিষ্যতেও হিন্দী ৰাষ্ট্ৰভাষা নহ’ব৷ এয়া নৰেন্দ্ৰ মোদী চৰকাৰৰ অহিন্দীভাষী ভাৰতীয় নাগৰিকৰ ওপৰত সাংস্কৃতিক সন্ত্ৰাস৷ আনহাতে অমিত শ্বাহৰ বক্তব্য সম্পূৰ্ণৰূপে নাকচ কৰিছে তামিলনাডুৰ শাসনাধিস্থিত ডিএমকে চৰকাৰে৷ তেওঁলোকে কয় যে দক্ষিণ ভাৰতৰ বাসিন্দাই কেতিয়াও হিন্দী নকয়৷ ভাষিক-সাংস্কৃতিক দিশত উত্তৰ ভাৰতৰ সৈতে দক্ষিণ ভাৰতৰ পাৰ্থক্য আছে৷ সেয়া মোদী চৰকাৰে উপলব্ধি কৰা উচিত৷ দক্ষিণ ভাৰতৰ বাসিন্দাই নিজৰ ভাষাৰ উপৰি বিকল্প বা সংযোগী ভাষা হিচাপে ইংৰাজীহে বিচাৰে৷ আনহাতে কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এইছ ডি কুমাৰাস্বামীয়ে অমিত শ্বাহক উদ্দেশ্যি কয়– জনতাই আপোনাক শিক্ষা দিব৷ আপুনি যি শিক্ষা দিছে বা দিবলৈ চেষ্টা কৰিছে সেয়া দেশবাসীয়ে গ্ৰহণ নকৰে৷ এনেদৰে কোনো এটা ভাষা বলপূৰ্বক জাপি দিয়াটো আপোনালোকৰ ব্যক্তিগত এজেণ্ডা, সেয়া কেতিয়াও সফল নহয়৷

২০১৯ চনৰ জানুৱাৰীত নৰেন্দ্ৰ মোদী চৰকাৰে ত্ৰি-ভাষাৰ এটা নতুন তত্ত্ব আৱিষ্কাৰ কৰি সমগ্ৰ দেশত হিন্দী ভাষা বাধ্যতামূলক কৰাৰ বাবে এখন খচৰা বিধেয়ক তৈয়াৰ কৰিছিল৷ এই ঘটনাৰ লগে লগে দক্ষিণ ভাৰতত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ অৱশেষত সেই বছৰৰে ৩ জুনত মোদী চৰকাৰে উক্ত বিধেয়কৰ খচৰা সংশোধন কৰিবলৈ বাধ্য হয়৷ একে বছৰৰে ২১ ছেপ্টেম্বৰত কেন্দ্ৰীয় মানৱ সম্পদ মন্ত্ৰণালয়ে দেশৰ ২৬ জন মুখ্যমন্ত্ৰীৰ সৈতে বৈঠক অনুষ্ঠিত কৰি দেশত কোনো ঠাইতে চৰকাৰে কোনো ভাষাক বাধ্যতামূলক নকৰে বুলি ঘোষণা কৰিছিল৷ সেই ঘটনাৰ ৩ বছৰ সম্পূৰ্ণ নৌহওতেই মোদী চৰকাৰে এইবাৰ উত্তৰ-পূবত হিন্দী ভাষা স্কুলত বাধ্যতামূলক কৰিতেওঁলোকৰ উদ্দেশ্যৰ দিশত প্ৰথমটো কাৰ্যকৰী পদক্ষেপ আগবঢ়াইছে৷ দাক্ষিণাত্যৰ বিৰোধী ৰাজনৈতিক নেতাই ধাৰণা কৰাৰ দৰে এই বিষয়টোক লৈ উত্তৰ-পূবৰ ৰাজ্যসমূহ নীৰৱে থাকিব আৰু তাৰ পাছত মোদী চৰকাৰে দক্ষিণলৈ একেটা পদক্ষেপ আগবঢ়াব৷

হিন্দী ভাষাক জাপি দিব বিচৰা কাৰ্যৰ বিৰোধিতা ইয়ং আছামৰ

বিজেপি চৰকাৰে উত্তৰ-পূবৰ ৰাজ্যসমূহৰ ওপৰত হিন্দী ভাষা জাপি দিব বিচৰা কাৰ্যৰ বিৰোধিতা কৰিছে ইয়ং আছাম [ শিক্ষা বচাওক, সংস্থাপন বচাওক] ৰ আহ্বায়ক কমিটিয়ে৷ এই সম্পৰ্কে ইয়ং আছাম [ শিক্ষা বচাওক, সংস্থাপন বচাওক] ৰ অন্যতম আহ্বায়ক কৃষ্ণ গগৈ, মনোজ সিংহ ৰাজা আৰু সুব্ৰত তালুকদাৰে কয় ‘কেন্দ্ৰৰ বিজেপি চৰকাৰে জাপি দিব বিচৰা আৰু উত্তৰ পূৰ্বাঞ্চলৰ বিজেপি চৰকাৰসমূহে কেন্দ্ৰক সন্তুষ্ট কৰি হিন্দী ভাষাক বাধ্যতামূলক ভাষা হিচাপে লব বিচৰা কাৰ্য সংবিধানৰ যুক্তৰাষ্ট্ৰীয় চৰিত্ৰৰ প্ৰতি ভাবুকি৷ উত্তৰ-পূৰ্বাঞ্চলৰ জাতি জনগোষ্ঠীসমূহৰ ভাষাসমূহক আওকাণ কৰি অকল হিন্দী ভাষাৰ বিকাশ কৰিব বিচৰা কাৰ্য কেন্দ্ৰৰ দমনমূলক নীতি৷ ‘এক দেশ, এক ভাষা ‘ৰণনীতিয়ে বৈচিত্ৰ্যতাক নষ্ট কৰিব আৰু প্ৰান্তীয় জাতি জনগোষ্ঠীসমূহৰ সংস্কৃতিক নিশেষ কৰিব৷ হিন্দু, হিন্দী, হিন্দুঃস্থান এই উগ্ৰ ৰাষ্ট্ৰীয়তাবাদী নীতিৰে সৰু সৰু ভাষিক জাতি জনগোষ্ঠীসমূহক নিঃশেষ কৰাৰ পৰিকল্পনাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে৷ এই সিদ্ধান্ত গণতন্ত্ৰ বিৰোধী আৰু স্বৈৰতান্ত্ৰিক ৰাষ্ট্ৰৰ প্ৰতিভূ৷  গতিকে এই সিদ্ধান্ত অতি সোনকালে বাতিল কৰিব লাগে আৰু তাৰ পৰিৱৰ্তে উত্তৰ পূৰ্বাঞ্চলৰ জাতি জনগোষ্ঠীসমূহৰ ভাষা সমূহৰ বিকাশৰ পৰিকল্পনা হাতত ল’ব লাগে৷’