Logo
image

ৰাজ্যৰ প্ৰথমখন ডিজিটেল মেডিকেল কলেজ

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৪ মাৰ্চঃ ৰাজ্যৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালত দীঘলীয়া শাৰী পাতি চিকিৎসা লাভৰ বাবে বিড়ম্বনাৰ সন্মুখীন হোৱাৰ অভিজ্ঞতা হয়তো আপোনাৰো আছে৷ টিকট কটাৰ পৰা ডাক্টৰক দেখুৱালৈ, ৰোগ পৰীক্ষাৰ বাবে বিল আদায় দিয়াৰ পৰা নমুনা সংগ্ৰহলৈ প্ৰতিটো ক্ষেত্ৰতে ৰোগী তথা অভিভাৱকৰ দীঘলীয়া শাৰীত থিয় হৈ হয়তো আপুনিও অতিষ্ঠ হৈ পৰিছে৷ সেয়া লাগে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়েই হওক, নতুবা আন কোনো চৰকাৰী মেডিকেল কলেজ হাস্পতালেই হওক, চিকিৎসাৰ বাবে লাইন ধৰি ধৰি ভাগৰি পৰিাত বহুতেই ধাৰ-ঋণ কৰি হ’লেও নাৰ্চিং হোমত চিকিৎসা কৰিবলৈ বাধ্য হৈছে৷ চৰকাৰী মেডিকেল কলেজ হাস্পতালত চিকিৎসাৰ বাবে দীঘলীয়া শাৰি পাতিবলগীয়া পৰিস্থিতিৰ এচিৰেই অৱসান ঘটিব৷ কিয়নো নৱনিৰ্মিত গুৱাহাটীৰ তৃতীয়খন মেডিকেল কলেজ প্ৰাগজ্যোতিষ চিকিৎসা মহাবিদ্যালয় হাস্পতাল হ’ব ৰাজ্যৰ প্ৰথমখন ডিজিটেল মেডিকেল কলেজ৷ অৰ্থাৎ ডাক্তৰ বুকিঙৰ পৰা ৰোগ পৰীক্ষালৈ সকলো ব্যৱস্থা ডিজেটেল মাধ্যমত বুকিঙৰ ব্যৱস্থা কৰা হ’ব৷ অৰ্থাৎ প্ৰাগজ্যোতিষ মেডিকেল কলেজৰ হাস্পতালত চিকিৎসাৰ বাবে আহিলে ৰোগীসকলে টিকটৰ বাবে শাৰী পাতিবলগীয়া নহ’ব৷ ৰোগী বা ৰোগীৰ অভিভাৱকে ঘৰৰ পৰাই অনলাইনযোগে নিৰ্দিষ্ট পৰ্টেলত চিকিৎসক তথা চিকিৎসাৰ এপইণ্টমেণ্ট বুকিং কৰিব পাৰিব৷ কেৱল ডাক্তৰৰ এপইণ্টমেণ্ট বুকিং কৰাই নহয়, চিকিৎসকে নিদান হিচাপে যিসমূহ পৰীক্ষা-নিৰীক্ষা কৰিবলৈ দিব সেয়াও অনলাইনযোগে আগতীয়াকৈ নিৰ্দিষ্ট শ্লট বুকিং কৰিব পাৰিব৷ এক কথাত চিকিৎসা আৰু নমুনা পৰীক্ষাৰ বাবে ৰোগীয়ে দিনৰ দিনটো হাস্পতালত শাৰী পাতি বোন্দাপৰ দিবলগীয়া নহ’ব৷ অনলাইনযোগে নিৰ্ধাৰণ কৰি দিয়া নিৰ্দিষ্ট সময়ত গৈ চিকিৎসকক দেখুৱাব পাৰিব বা ৰোগ পৰীক্ষা কৰিব পাৰিব৷ বিশ্বৰ প্ৰখ্যাত হাভাৰ্ড মেডিকেল কলেজ হাস্পতাল আৰু জন্‌ছ হকিংন্স মেডিকেল কলেজ হাস্পতালৰ আৰ্হিতে নিৰ্মাণ কৰা হৈছে প্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজ হাস্পতাল৷ অৰ্থাৎ হাভাৰ্ড আৰু জনন্স হকিংন্স মেডিকেল কলেজৰ দৰেই ৰাজ্যৰ শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ নিজা অৰ্থাৎ স্বতন্ত্ৰ মেডিকেল কলেজ হিচাপে গঢ়ি তোলা হ’ব প্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজ আৰু হাস্পতালক৷ বিগত পহিলা ফেব্ৰুৱাৰীৰ দিনটোত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নৱনিৰ্মিত প্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজ হাস্পতালৰ প্ৰথম পৰ্যায়ৰ শুভাৰম্ভ কৰে৷


প্ৰথম পৰ্যায়ত মেডিচিন, শল্য চিকিৎসা, প্ৰসূতি আৰু শিশু ৰোগ বিভাগৰ বহিঃবিভাগৰ সেৱা আৰম্ভ কৰিছে যদিও দুৰ্গা পূজাৰ আগে আগে সম্পূৰ্ণকৈ চিকিৎসা মহাবিদ্যালয় হাস্পতালখন কাৰ্যক্ষম হৈ উঠিছে৷ ৰাজ্যৰ প্ৰথমখন ডিজিটেল হাস্পতাল হিচাপে গঢ়ি তোলাৰ প্ৰয়াস কৰা এই চিকিৎসা মহাবিদ্যালয়খনৰ ইতিমধ্যে অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে ৰাজ্যৰ বিশিষ্ট চিকিৎসক অধ্যাপক বসন্ত কুমাৰ বৈশ্যক৷ জি এম চি এইচৰ হৃদয় বৃক্ষ আৰু স্নায়ু বিজ্ঞান কেন্দ্ৰৰ প্ৰাক্তন সঞ্চালক ডাঃ বসন্ত কুমাৰ বৈশ্যৰ নেতৃত্বতে চিকিৎসা মহাবিদ্যালয়ৰ প্ৰশাসনিক কাম-কাজ আৰম্ভ হৈছে৷ বৰ্তমান ঠিকাদাৰী প্ৰতিষ্ঠান এল এণ্ড টিয়ে ৫০০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কাৰ্য অব্যাহত ৰখা মেডিকেল কলেজ হাস্পতালখনৰ বেডৰ সংখ্যা হ’ব ৫৫০খন৷ তদুপৰি চলিত ২০২৫-২৬ শিক্ষা বৰ্ষৰ পৰাই ১০০ খন আসনৰ এম চি চি এছ পাঠ্যক্ৰম আৰম্ভ হ’ব৷ চিকিৎসা মহাবিদ্যালয়খনত বহিঃবিভাগৰ সেৱা প্ৰতিদিনে ১২ ঘণ্টা পৰ্যন্ত উপলব্ধ হ’ব৷ অৰ্থাৎ পুৱা ৯ বজাৰ পৰা নিশা ৯ বজালৈ ৰোগীয়ে অ’ পি ডি সেৱাত গ্ৰহণ কৰিব পাৰিব৷ চিকিৎসা মহাবিদ্যালয়খনৰ সন্দৰ্ভত অধ্যক্ষ অধ্যাপক ডাঃ বসন্ত কুমাৰ বৈশ্যই কয়– প্ৰাগজ্যোতিষপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালখন মূলতঃ শৈক্ষিক আৰু ব্যৱহাৰিক দুয়ো প্ৰকাৰৰ এখন উন্নত মানৰ হাস্পতাল হ’ব৷ শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ প্ৰথমখন নিজা হাস্পতাল হ’ব প্ৰাগজ্যোতিষপুৰ৷ ইয়াত চিকিৎসাৰ সমান্তৰালভাৱে গৱেষণা চলিব৷ চৰকাৰী হাস্পতালত চিকিৎসা কৰিবলৈ সৰ্বসাধাৰণ ৰোগী যি অনিহা, সেই অনিহা নোহোৱা কৰাৰ চেষ্টা কৰা হ’ব৷ কিয়নো ডিজিটেল ব্যৱস্থাৰে পৰিচালনা হ’ব চিকিৎসালয়খন৷ ঘৰত বহিয়েই ডাক্টৰৰ এপইণ্টমেণ্ট, ৰোগৰ নমুনা পৰীক্ষা এপইণ্টমেণ্ট বুকিং কৰিব পাৰিব৷ মাচুল পৰিশোধৰ ব্যৱস্থাও হ’ব ডিজিটেল৷ চৰকাৰী হাস্পতালত সকলো ক্ষেত্ৰতে দীঘলীয়া শাৰি পাতি সময় নষ্ট কৰাৰ হাৰাশাস্তিৰ পৰা ৰোগী-অভিভাৱকে ৰেহাই পাব৷ জুন-জুলাই মাহৰ ভিতৰতে নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিব বুলি ঠিকাদাৰী প্ৰতিষ্ঠানটোৰ অৱগত কৰিছে৷ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ লগে লগে আন্তঃ বিভাগীয় চিকিৎসা আৰম্ভ হ’ব৷