এইবাৰ মঞ্চত আকৌ মূৰ্তমান হ’ব ‘জুবিন’! গাব গান, কৰিব নোৱাৰিব স্পৰ্শ
‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২২ জানুৱাৰীঃ অসম আৰু অসমীয়াৰ তেজৰ সিৰে সিৰে প্ৰৱাহিত এটা নাম জুবিন গাৰ্গ৷ অসমীয়াৰ আবেগ, প্ৰাণাধিক প্ৰিয় কিম্বদন্তি শিল্পী জুবিন গাৰ্গ নোহোৱা হৈ গ’ল বুলি কোনেও আজি যেন ভাবিবই পৰা নাই৷ ৩৮ হাজাৰৰো অধিক গীতেৰে তিনিটাকৈ প্ৰজন্মক উদ্বুদ্ধ কৰি ৰখা হাৰ্টথ্ৰ’ৱজনে অসমীয়াৰ কৃষ্টি-সংস্কৃতিক যি সৰ্বোচ্ছ শিখৰলৈ লৈ গ’ল, সেইজন ঈশ্বৰ পুত্ৰৰ অৱৰ্তমানক কেতিয়াও মানি ল’ব পৰা নাই অনুৰাগীসকলে৷ যাৰ বাবে আজিও দিনে-নিশাই জুবিনৰ সমাধিক্ষেত্ৰত চাকি-বন্তি জ্বলাই ‘মায়াৱিনী ৰাতিৰ বুকুত’ প্ৰাৰ্থনাৰে অজস্ৰ অনুৰাগীয়ে আকাশ-বতাহ মুখৰ কৰি ৰাখিছে৷ অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহু মানেই হৈছে উজনি-নামনি প্ৰতিখন বিহু মঞ্চতে কেৱল জুবিনৰ মায়াময় কণ্ঠৰ যাদু৷ বিহুৰ মঞ্চত প্ৰিয় শিল্পীজনক চাবলৈ, প্ৰাণ ঢালি গোৱা সুৰৰ মূৰ্চ্চনাত মচগুল হ’বলৈ হাজাৰ হাজাৰ অনুৰাগীয়ে ভিৰ কৰাৰ সেই পৰিৱেশক অভিশপ্ত ১৯ ছেপ্টেম্বৰৰ দিনটোৱে নোহোৱা কৰি পেলালে৷ কিন্তু অসমীয়া জাতিয়ে যিজন শিল্পীক হূদয়ত স্থান দিছিল, তেওঁৰ অবিহনে জাতিটোৰ বাবেও এতিয়া বিহু উদ্যাপন কল্পনাতীত৷ অভিশপ্ত ১৯ ছেপ্টেম্বৰত সুদূৰ ছিংগাপুৰৰ ৰহস্যঘন লাজাৰাছ দ্বীপৰ সাগৰ তলিত নিতালে শুই পৰা হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গ যেন এইবাৰ ব’হাগত পুনৰ মূৰ্তমান হৈ উঠিব৷ আগৰ দৰেই মঞ্চত উঠি হাতত মাইক্ৰ’ফোন লৈ জুবিন ক’ব– ‘মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মই মুক্ত– মই কাঞ্চনজংঘা৷ ‘জয় জুবিন দা’ হৰ্ষধবনিৰ মাজত প্ৰিয় শিল্পীজনে স্বভাৱসিদ্ধ ভংগীমাৰে ক্ষমতাপিপসু ৰাজনীতিক কটাক্ষ কৰি ক’ব– ‘... মই কাকো খাটিৰ নকৰোঁ’৷ খুহুতীয়া কথাৰে মঞ্চত জুবিনে নাহৰৰ পৰা জানমানিলৈ, অনামিকাৰ পৰা যন্ত্ৰলৈ এটাৰ পাছত এটাকৈ কালজয়ী গীতেৰে মন্ত্ৰমুগ্ধ কৰি তুলিব অনুৰাগীসকলক৷ যদিহে আপুনি এয়া কোনো কল্পনাপ্ৰসূত খবৰ বুলি ভাবিছে, তেনেহ’লে ভুল ভাবিছে৷ কিয়নো এইবাৰ কাৰ্যতঃ জীৱন্ত ৰূপত মঞ্চত ধৰা দিব কিম্বদন্তি শিল্পী জুবিন গাৰ্গে৷ এই অসম্ভৱকো বাস্তৱ কৰি তুলিব বেংগালুৰুৰ এক অসমীয়া দম্পতীয়ে৷ প্ৰযুক্তিৰ নৱতম উদ্ভাৱন ৩ডি হ’ল’গ্ৰামত ভাৰ্চুৱেলী প্ৰাণৱন্ত ৰূপত জুবিনক মঞ্চলৈ ঘূৰাই আনিব বেংগালুৰুৰ ‘কাৰা ক্ৰিয়েটিভ ৱ’ল্ডৰ্’ নামৰ প্ৰতিষ্ঠানটোৱে৷ প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী স্বামী-স্ত্ৰী ৰাজদ্বীপ বৰা আৰু কাকলি শইকীয়াই ৩-ডি হ’ল’গ্ৰামৰ অভিনৱ প্ৰযুক্তিৰে শিল্পীজনক লাইভ কনচাৰ্টত অনুৰাগীসকলৰ আগত তুলি ধৰিব৷ অৰ্থাৎ মঞ্চত সেই আগৰ দৰেই ছাঁ-পোহৰৰ আলোকসজ্জ্বাৰ মাজত দৰ্শকে একপ্ৰকাৰ জীৱন্ত ৰূপত চকুৰ সন্মুখত দেখা পাব জুবিনক৷ জুবিনক দেখা পোৱাই নহয়, জুবিনে কথা ক’ব, গান গাব আৰু অনুৰাগীৰ সৈতে হাঁহি-ধেমালীয়ো কৰিব৷ অৰ্থাৎ চকুৰ সন্মুখত মঞ্চত জুবিন গাৰ্গে গান গাই থাকিব যদিও আপুনি অৱশ্যে প্ৰিয় শিল্পীজনক স্পৰ্শ কৰিব নোৱাৰিব৷ মঞ্চত কেৱল জুবিন গাৰ্গেই নাথাকিব, লগত থাকিব জুবিনৰ বাদ্যযন্ত্ৰী সংগীসকলো৷ জুবিন গাৰ্গৰ লগতে একেলগে সহশিল্পীয়ো গাই যাব এটাৰ পাছত এটা সুমধুৰ গীত৷
গীতৰ তালে তালে আন শিল্পীৰ এটা দলে মঞ্চত নৃত্যও কৰি থাকিব৷ সচৰাচৰ মঞ্চ অনুষ্ঠানসমূহত যিদৰে জুবিন গাৰ্গে গীত পৰিৱেশন কৰা দেখা যায়, ঠিক হুবহু দেখা যাব ৩-ডি হ’ল’গ্ৰাম প্ৰজেকশ্বনতো৷ অৱশ্যে, মঞ্চত থকা জুবিনৰ সহশিল্পী আৰু বাদ্যযন্ত্ৰীসকল তেজ-মঙহৰ জীৱিত ব্যক্তি৷ চকুৰ সন্মুখত জুবিনৰ লাইভ কনচাৰ্ট উপভোগ কৰি আপুনি এবাৰলৈয়ো অনুভৱ নকৰিব যে জুবিন গাৰ্গৰ মৃত্যু হৈছে! আপুনি মঞ্চত দেখি থকা দৃশ্যবোৰ সঁচা নহয়! আপুনি যেন কিবা সপোনপুৰীতহে আছে৷ এক কথাত এই সপোনক নিজা প্ৰযুক্তিগত উদ্ভাৱনেৰে বাস্তৱ কৰিব বেংগালুৰুস্থিত দুই উদ্যমী অসমীয়া ৰাজদ্বীপ আৰু কাকলিয়ে৷ ৩-ডি হ’ল’গ্ৰাম প্ৰযুক্তিত প্ৰিয় শিল্পীজনৰ সংগীত, স্মৃতি আৰু অনুভৱৰ মাজত এক জীৱন্ত সংযোগ সৃষ্টি কৰা এই প্ৰযুক্তিগত প্ৰদৰ্শনৰ নাম দিয়া হৈছে–‘Mayabini.live’৷ ইতিমধ্যে জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গেও এই প্ৰচেষ্টাক পূৰ্ণ সমৰ্থন জনাইছে৷ ‘Mayabini.live’ প্ৰদৰ্শনৰ লগে লগে জুবিন গাৰ্গ হৈ পৰিব দেশৰ প্ৰথমজন শিল্পী, যাৰ ৩-ডি হ’ল’গ্ৰাম প্ৰযুক্তিত কনচাৰ্ট হ’ব৷ কিয়নো ভাৰতত আজিলৈকে ৩-ডি হ’ল’গ্ৰাম প্ৰযুক্তিত কোনো শিল্পীৰ শ্ব’ হোৱা নাই৷ অৱশ্যে, পঞ্জাৱত আঁততায়ীৰ গুলীত প্ৰাণ হেৰুওৱা পাঞ্জাৱী ৰকষ্টাৰ সিদ্ধু মুছেৱালাৰ প্ৰথমটো ৩-ডি হ’ল’গ্ৰাম কনচাৰ্টৰ ‘Singned to God-২০২৬’ ৱল্ডৰ্ ট্যুৰ ঘোষণা কৰা হৈছে যদিও এতিয়ালৈকে এই শ্ব’ হোৱা নাই৷ বিশ্বজুৰি অগণন অনুৰাগী থকা পাঞ্জাৱী শিল্পী সিদ্ধু মুছেৱালাৰ ৩-ডি হ’ল’গ্ৰাম প্ৰস্তুতত জড়িত আছে এটা ইটালিয়ান প্ৰতিষ্ঠান৷ ইয়াৰ বিপৰীতে জুবিন গাৰ্গৰ এআই প্ৰযুক্তি আৰু ৩-ডি হ’ল’গ্ৰাম উদ্ভাৱনৰ আঁৰত আছে দুই অসমীয়া ৰাজদ্বীপ আৰু কাকলি৷ অৱশ্যে ইয়াৰ পূৰ্বে বিশ্ববিখ্যাত সংগীত শিল্পী মাইকেল জেকচনৰো এনে হ’ল’গ্ৰাম শ্ব’ হৈছিল৷ ২০১৪ চনত হোৱা মাইকেল জেকচনৰ এই শ্ব’ আছিল ২-ডি প্ৰযুক্তিগত৷ মাইকেল জেকচনৰ পাছত আমেৰিকান ৰেপাৰ টুপেক শ্বাকুৰ আৰু ২০১২ চনত মৃত্যু হোৱা আমেৰিকান কণ্ঠশিল্পী উটনি হ’ষ্টনৰো ২-ডি হ’ল’গ্ৰাম শ্ব’ হৈছিল৷ কিন্তু ২-ডি প্ৰযুক্তিৰ বিপৰীতে এতিয়া জুবিন গাৰ্গক এ আই আৰু ৩-ডি হ’ল’গ্ৰাম প্ৰযুক্তিৰে অধিক প্ৰাণৱন্ত ৰূপত দাঙি ধৰা হ’ব বুলি জানিবলৈ দিছে ৰাজদ্বীপ বৰাই৷ ব’হাগ বিহুৰ সময়তে গুৱাহাটীত জুবিনৰ ৩-ডি হ’ল’গ্ৰাম প্ৰদৰ্শনীৰ পৰিকল্পনাৰ কথা ব্যক্ত কৰি ৰাজদ্বীপ বৰাই ‘আমাৰ অসম’ৰ আগত কয়– হিয়াৰ আমঠু জুবিন দাক হেৰুওৱাৰ বেদনা এজন অসমীয়া হিচাপে ময়ো বুকুত লৈ ফুৰিছোঁ৷ জুবিন দা আমাৰ মাজত নাই বুলি কেতিয়াও কল্পনা কৰিব নোৱাৰোঁ৷ মই ব্যক্তিগতভাৱে ৩-ডি হ’ল’গ্ৰাম প্ৰযুক্তিৰ মাৰ্কেটিং আৰু ব্ৰেণ্ডিঙৰ বৃত্তিৰ সৈতে জড়িত৷ জুবিন দাৰ মৃত্যুৰ পাছতেই মই আৰু মোৰ পত্নীয়ে পৰিকল্পনা কৰিছিলোঁ ৩-ডি হ’ল’গ্ৰামেৰে জুবিন দাক ভাৰ্চুৱেলী ঘূৰাই আনিব পাৰোঁ নেকি? বিগত ৩-৪ মাহ আমি বিষয়টো অধ্যয়ন আৰু গৱেষণা কৰি শিল্পীজনৰ ৩-ডি হ’লোগ্ৰাম উদ্ভাৱন কৰি উলিয়াইছোঁ৷ জুবিন ৩-ডি হ’ল’গ্ৰাম প্ৰস্তুত কৰাটো ইমান সহজ নহয়৷ কিয়নো আৰ্কাইভৰ শিল্পীজনৰ ভিডিঅ’ৰ পৰা সেয়া সম্ভৱ হৈ নুঠে৷ সেয়েহে আমি নিজাকৈ কেইবাটাও মডিউল বনাইছোঁ৷ ৩-ডি হ’ল’গ্ৰাম বনাবলৈ কেইবাটাও স্তৰ আছে৷ সেই অনুসৰি ৩-ডি হ’ল’গ্ৰাম প্ৰস্তুত কৰিবলৈ প্ৰথমে জুবিন দাৰ দৰে ভাব-ভংগী, চাল-চলন কৰা ব্যক্তিৰ দ্বাৰা অভিনয় ৰেকৰ্ড কৰা হৈছে৷ মই প্ৰচেষ্টাত সফল নহ’লে বলীউডৰ শিল্পীৰ দ্বাৰা জুবিন দাৰ মুখা পিন্ধাই অভিনয় কৰাই হ’ল’গ্ৰাম প্ৰস্তুত কৰিব লাগিব৷ নতুবা আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ সহায় ল’ব লাগিব৷ ইয়াৰ পাছত কণ্ঠস্বৰ অৰ্থাৎ শব্দ সংযোজনৰ বহু অভিযান্ত্ৰিক কাম-কাজৰ প্ৰয়োজন হ’ব৷ এইসমূহৰ বৰ্তমান পৰীক্ষা-নিৰীক্ষা অব্যাহত আছে৷ আমি কোনো ব্যৱসায়িক স্বাৰ্থত এই প্ৰকল্প হাতত লোৱা নাই যদিও সম্পূৰ্ণ প্ৰকল্পটোত কোটি টকা ব্যয় হ’ব৷ ব’হাগ বিহুৰ সময়তে আমি গুৱাহাটীত এটা প্ৰদৰ্শনীৰ চেষ্টা চলাইছোঁ৷ অতি উন্নতমানৰ প্ৰযুক্তিৰে জুবিন দাক নিখুঁতভাৱে মঞ্চত উপস্থাপনৰ চেষ্টা কৰিম৷ অনুৰাগীসকলে কল্পনা কৰিব নোৱৰাকৈ মঞ্চত জুবিন দাই গীত গোৱা, কথা কোৱা দেখা পাব৷ মঞ্চত সহঃশিল্পীসকলে স্বাভাৱিকভাৱেই বাদ্যযন্ত্ৰ বজাব, নৃত্য পৰিৱেশন কৰিব আৰু গান গাব৷ কেৱল জুবিন গাৰ্গৰহে মঞ্চত ৩-ডি হ’ল’গ্ৰাম থাকিব৷ প্ৰথম অৱস্থাত মুকলি মঞ্চত ৩-ডি হ’ল’গ্ৰাম শ্ব’টোৰ কথা ভবা নাই৷ যিহেতু এই শ্ব’টো লাইটৰ দ্বাৰা হ’ব, সেয়েহে এখন আন্ধাৰ মঞ্চ লাগিব৷ গুৱাহাটীৰ কোনোবা এটা ডাঙৰ প্ৰেক্ষাগৃহত ‘Mayabini.live’ৰ প্ৰদৰ্শনীৰ কথা ভাবিছোঁ৷ প্ৰেক্ষাগৃহত প্ৰদৰ্শনীত সফল হ’ব পাৰিলেই আমি লাহে লাহে মুকলি মঞ্চত প্ৰদৰ্শনৰ বাবে প্ৰচেষ্টা চলাম৷






