ভাৰত-মাৰ্কিন ৰহস্যময় বাণিজ্য চুক্তি, সদন উত্তাল
‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৩ ফেব্ৰুৱাৰীঃ এক অস্বাভাৱিক ৰহস্যময় পৰিস্থিতিৰ মাজত চূড়ান্ত বিভ্ৰান্তিকৰ বাবে ভাৰতৰ সৈতে আমেৰিকাৰ বাণিজ্য চুক্তি চূড়ান্ত হৈছে বুলি মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘ট্ৰুথ ছ’চিয়েল’ত ঘোষণা কৰিছে৷ ট্ৰাম্পে জনোৱা অনুসৰি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে হোৱা টেলিফোন বাৰ্তালাপত দুয়োখন দেশৰ মাজত বাণিজ্যচুক্তি চূড়ান্ত হৈছে৷ সেই আলোচনাত নৰেন্দ্ৰ মোদীয়ে ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় কৰা বন্ধ কৰিবলৈ সন্মত হৈছে৷ ইয়াৰ পৰিৱৰ্তে ভাৰতে আমেৰিকাৰ পৰা আৰু
বিশেষকৈ মাৰ্কিন তৈল কোম্পানীৰ পৰা ভেনেজুৱেলাৰ খাৰুৱা তেল ক্ৰয় কৰিব৷ ইয়াৰ উপৰি ভাৰতে আমেৰিকাৰ পৰা ৫০০ বিলিয়ন মাৰ্কিন ডলাৰ বা ৪.৫৩ লাখ কোটি টকাৰ সামগ্ৰী ক্ৰয় কৰিব৷ তদুপৰি ভাৰতে আমেৰিকাৰ পৰা আমদানি কৰা পণ্যত শুল্ক সমুলঞ্চে প্ৰত্যাহাৰ কৰিব৷ অৰ্থাৎ আমেৰিকাই ৰপ্তানি কৰা সামগ্ৰী ভাৰতত শুল্কহীন হ’ব৷ ইয়াৰ প্ৰত্যুত্তৰত আমেৰিকাই ভাৰতীয় পণ্যৰ ওপৰত আৰোপ কৰা শুল্ক ২৫ শতাংশৰ পৰা ১৮ শতাংশলৈ হ্ৰাস কৰিব৷ আনহাতে ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় কৰাৰ বাবে ট্ৰাম্পে ভাৰতীয় পণ্যৰ ওপৰত যি ২৫ শতাংশ শাস্তিমূলক শুল্ক আৰোপ কৰিছিল, সেয়া প্ৰত্যাহাৰ কৰা হ’ব বুলি হোৱাইট হাউছে প্ৰকাশ কৰিছে৷
যিদৰে ভাৰত-পাকিস্তানৰ ৪ দিনীয়া সামৰিক সংঘাত বন্ধ কৰা বুলি ড’নাল্ড ট্ৰাম্পে মাজনিশা ‘ট্ৰুথ ছ’চিয়েল’ত ঘোষণা কৰিছিল, ঠিক একেদৰে ভাৰত আৰু আমেৰিকাৰ মাজত বাণিজ্য চুক্তি সম্পন্ন হোৱা বুলি ট্ৰাম্পে ছ’চিয়েল মিডিয়াত ঘোষণা কৰাত দেশবাসীয়ে ৰহস্যৰ গোন্ধ পাইছে৷ এনে বিশাল দ্বিপাক্ষিক বাণিজ্য চুক্তি টেলিফোনৰ আলোচনাতে চূড়ান্ত হয়নে বুলিও প্ৰশ্ন উত্থাপিত হৈছে৷ কিয়নো বিগত এবছৰ ধৰি দুয়োদেশৰ মাজত বাণিজ্য চুক্তিক লৈ আলোচনা চলি আছিল যদিও কঠোৰ মাৰ্কিন চৰ্ত ভাৰতে নমনাৰ বাবেই সেই চুক্তি চূড়ান্ত হোৱা নাছিল৷ সেয়ে প্ৰশ্ন উঠিছে– ড’নাল্ড ট্ৰাম্পৰ হেঁচাত নৰেন্দ্ৰ মোদীয়ে দেশৰ স্বাৰ্থ আপোচ কৰি আমেৰিকাৰ সৈতে দ্বিপাক্ষিক বাণিজ্য চুক্তিত টেলিফোনৰ বাৰ্তালাপতে সন্মতি দিলে নেকি? নহ’লে মাৰ্কিন ৰপ্তানিজাত সামগ্ৰীৰ ওপৰত ভাৰতে শুল্কহীন ব্যৱস্থা কিয় মানি ল’লে– যি ক্ষেত্ৰত ভাৰতীয় পণ্যৰ ওপৰত আমেৰিকাই ১৮ শতাংশ শুল্ক আৰোপ কৰিছে? তদুপৰি আমেৰিকাৰ পৰা ৫০০ বিলিয়ন ডলাৰ ৪.৫৩ লাখ কোটি টকাৰ কি সামগ্ৰী ভাৰতে ক্ৰয় কৰিব? কিয় সেই ৫০০ বিলিয়ন সামগ্ৰীৰ বিষয়ে মুকলি ঘোষণা নাই? ভাৰতে কি আমেৰিকাৰ পৰা বাধ্য হৈ সামৰিক অস্ত্ৰ-শস্ত্ৰ ক্ৰয় কৰিব? সেই লক্ষ্যৰেই কি নিৰ্মলা সীতাৰমনে এইবাৰ সামৰিক বাজেট ১.০৪ লাখ কোটি টকালৈ বৃদ্ধি কৰিছে? ড’নাল্ড ট্ৰাম্পৰ ছ’চিয়েল মিডিয়াৰ ঘোষণাত এই কোনো কথাই পৰিষ্কাৰ নহয়৷ ইউৰোপিয়ান ইউনিয়নৰ সৈতে মুক্ত বাণিজ্য চুক্তি চূড়ান্ত হোৱাৰ পূৰ্বে কেইবাবছৰ ধৰি উভয়পক্ষৰ মাজত আলোচনা হৈছিল৷ চুক্তি চূড়ান্ত হৈছিল মেজৰ দুপাৰে দুয়োপক্ষ বহি হোৱা আলোচনাত আৰু ঘোষণা হৈছিল যুটীয়া সংবাদমেলত, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ইউৰোপিয়ান ইউনিয়নৰ মুৰব্বী উৰ্ছুলা ভান ডাৰৰ উপস্থিতিত৷ কিন্তু ট্ৰাম্পে অনুৰূপ বৃহৎ বাণিজ্য চুক্তিৰ কথা ঘোষণা কৰিলে ছ’চিয়েল মিডিয়াত আৰু চুক্তি চূড়ান্ত হ’ল টেলিফোনৰ বাৰ্তালাপত! কি আচৰিত! এনেকৈয়ো লক্ষ কোটি ডলাৰ লেনদেনৰ বাণিজ্য চুক্তি হয়নে? নে এয়া মোদীৰ ডিজিটেল ইণ্ডিয়াৰ চমক, কিয়নো চুক্তি ঘোষণা হ’ল ডিডিটেলী, য’ত মাৰ্কিন সামগ্ৰীক বিনাশুেল্ক প্ৰৱেশৰ অধিকাৰ দি মোদীয়ে নিজেই নিজৰ মেক ইন ইণ্ডিয়া, বাই ইণ্ডিয়ান, বি ইণ্ডিয়ান শ্ল’গানত মাধমাৰ মাৰিলে৷
মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰত আৰু পাকিস্তানৰ ৪ দিনীয়া সংঘাত বন্ধ কৰা বুলি এতিয়ালৈকে ৬০বাৰ দাবী কৰিলেও ভাৰতে তাৰ সত্যতা স্বীকাৰ কৰা নাই৷ কিন্তু ট্ৰাম্পে সোমবাৰে ভাৰতীয় সময় অনুসৰি মাজনিশা ছ’চিয়েল মিডিয়াত ঘোষণা কৰা বাণিজ্য চুক্তি চূড়ান্ত হোৱাৰ কথা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বীকাৰ কৰিছে৷ ট্ৰাম্পৰ দৰে প্ৰধানমন্ত্ৰী মোদীয়েও ছ’চিয়েল মিডিয়াৰ আশ্ৰয় লৈ কৈছে– ‘ধৈৰ্যৰ ফল পোৱা গৈছে৷ শুল্কক লৈ সমালোচনাৰ ধুমুহা বৈছিল৷ কিন্তু সেই লৈ আমি ইতিবাচক পৰিণতিৰ দিশে আগবাঢ়িছোঁ৷ মোৰ মৰমৰ বন্ধু ৰাষ্ট্ৰপতি ট্ৰাম্পৰ সৈতে এই সন্দৰ্ভত চমৎকাৰ আলোচনা হৈছে৷ মেক ইন ইণ্ডিয়া সামগ্ৰীত এতিয়াৰ পৰা ১৮ শতাংশ মাৰ্কিন শুল্ক আৰোপ হ’ব৷ ভাৰতৰ ১.৪ বিলিয়ন নাগৰিকৰ পৰা ৰাষ্ট্ৰপতি ট্ৰাম্পলৈ বিৰাট ধন্যবাদ৷ যেতিয়া বিশ্বৰ দুখন সৰ্ববৃহৎ অৰ্থনীতিৰ দেশ আৰু সৰ্ববৃহৎ গণতন্ত্ৰৰ দেশে একেলগে কাম কৰে, তেতিয়া সেই কাম উভয় দেশৰ বাবে কল্যাণমূলক হয়৷ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ নেতৃত্ব বিশ্বশান্তিৰ বাবে, সুস্থিৰতা আৰু সমৃদ্ধিৰ বাবে অতিশয় গুৰুত্বপূৰ্ণ৷ ভাৰতে ট্ৰাম্পৰ শান্তিৰ প্ৰচেষ্টাত পূৰ্ণ সহযোগ আগবঢ়াব৷ মই তেওঁৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিবলৈ আগ্ৰহী যাতে ট্ৰাম্পৰ কাৰ্যকালত আমাৰ দ্বিপাক্ষিক সম্পৰ্কই সৰ্বকালৰ সৰ্বোচ্ছ উচ্চতা লাভ কৰে৷’
দুয়োজন ৰাষ্ট্ৰপ্ৰধানে এনেদৰে মন্তব্য কৰিলেও ভাৰত-আমেৰিকাৰ মাজত প্ৰকৃততে কি বাণিজ্য চুক্তি চূড়ান্ত হ’ল সেয়া এতিয়াও পৰিষ্কাৰ নহয়৷ কেৱল শুল্ক হ্ৰাস হ’ব নে অন্যান্য পণ্যৰ বাণিজ্যও হ’ব সেয়া এতিয়াও অস্পষ্ট৷ ৫০০ বিলিয়ন ডলাৰ ব্যয় কৰি ভাৰতে আমেৰিকাৰ পৰা কি ক্ৰয় কৰিব তাকো কোনো পক্ষই উল্লেখ কৰা নাই৷ সেয়ে কংগ্ৰেছ দলে দাবী কৰিছে– নৰেন্দ্ৰ মোদীয়ে আমেৰিকাৰ সৈতে আপোচ কৰি ট্ৰাম্পৰ ওচৰত আত্মসমৰ্পণ কৰিছে আৰু আমেৰিকাৰ ওচৰত ভাৰতৰ পণ্যই নহয়, মান-সন্মান সকলো বিক্ৰী কৰিছে৷






