Logo
image

প্ৰদ্যুম্ন গগৈ, দিগন্ত ওজালৈ অকাদেমিৰ যুৱ আৰু শিশু-সাহিত্য বঁটা

আমাৰ অসম, ২৫ আগষ্টঃ সাহিত্য অকাদেমিৰ ২০২২ বৰ্ষৰ যুৱ আৰু শিশু-সাহিত্য বঁটাপ্ৰাপকৰ নাম বুধবাৰে আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয়৷ এইবাৰ অসমৰ চাৰিজনে লাভ কৰিছে এই বঁটা৷ অসমীয়া ভাষাৰ অকাদেমি যুৱ পুৰস্কাৰ লাভ কৰিছে প্ৰতিভাসম্পন্ন গল্পকাৰ প্ৰদ্যুম্ন কুমাৰ গগৈয়ে৷ তেওঁ ‘চকী আৰু অন্যান্য গল্প’ শীৰ্ষক গ্ৰন্থৰ বাবে এই সন্মানজনক স্বীকৃতি লাভ কৰে৷ ইফালে, জ্যেষ্ঠ সাংবাদিক, চিন্তাশীল লেখক দিগন্ত ওজালৈ আগবঢ়োৱা হৈছে সাহিত্য অকাদেমিৰ এইবাৰৰ অসমীয়া ভাষাৰ শিশু-সাহিত্য পুৰস্কাৰ৷ দিগন্ত ওজাই ‘ডাঙৰ মানুহৰ সাধু’ শীৰ্ষক গ্ৰন্থখনৰ বাবে এই সন্মান লাভ কৰিছে৷ উল্লেখ্য, প্ৰদ্যুম্ন কুমাৰ গগৈয়ে তেওঁৰ প্ৰথম গল্প সংকলন ‘চকী আৰু অন্যান্য গল্প’ৰ বাবে ২০২১ বৰ্ষত ‘মুনীন বৰকটকী সাহিত্য বঁটা’ও লাভ কৰিছিল৷ কটন বিশ্ববিদ্যালয়ৰ পৰা গণসংযোগ আৰু সাংবাদিকতাৰ পাঠ্যক্ৰম গ্ৰহণ কৰা গগৈৰ বিশ্ববন্দিত ইংৰাজী গীতৰ অসমীয়া অনুবাদ সংকলন ‘ইমাজিন’ ২০১৮ বৰ্ষত প্ৰকাশ পাইছিল৷ আনহাতে, জ্যেষ্ঠ সাংবাদিক, সুবক্তা তথা ৰুচিশীল লেখক দিগন্ত ওজা ‘আমাৰ অসম’ কাকতৰ সৈতে জন্মলগ্নৰ পৰাই কেইবাবছৰো জড়িত আছিল৷ ‘আমাৰ অসম’ৰ পাছত দিগন্ত ওজা ‘দৈনিক জনসাধাৰণ’ কাকত আৰু ‘সাতসৰী’ আলোচনীৰ উপৰি ছেটেলাইট চেনেল ‘প্ৰাগ নিউজ’ৰ সৈতে জড়িত আছিল৷ সম্প্ৰতি ‘বাৰ্তাNE’ নিউজ প’ৰ্টেলৰ মুখ্য সম্পাদকৰূপে কাৰ্যনিৰ্বাহ কৰি আছে দিগন্ত ওজাই৷ ‘আমাৰ অসম’কে ধৰি বিভিন্ন কাকত-আলোচনীত প্ৰকাশ পাইছে দিগন্ত ওজাৰ বহু তত্ত্বগধুৰ লেখা৷ ইফালে, অলংবাৰ মুছাহাৰীলৈ আগবঢ়োৱা হৈছে বড়ো ভাষাৰ সাহিত্য অকাদেমিৰ যুৱ পুৰস্কাৰ৷ ‘গাং ফুজানায় মাসে দাও’ নামৰ গ্ৰন্থখনৰ বাবে তেওঁ এই বঁটা লাভ কৰিছে৷ ইফালে বড়ো ভাষাত সাহিত্য অকাদেমিৰ শিশু সাহিত্য পুৰস্কাৰ লাভ কৰিছে দেওবাৰ ৰামচিয়াৰীয়ে৷ তেওঁ ‘লাংগোনানি বখালি গথ’ নামৰ গ্ৰন্থৰ বাবে এই সন্মান লাভ কৰে৷

অভাৱৰ বাবেই চাৰি বছৰ স্নাতক পৰীক্ষাত বহিব পৰা নাছিল অলংবাৰ

বাগ্‌সা জিলাৰ শিমলা বজাৰৰ নিকটৱৰ্তী ওদালগুৰি গাঁৱৰ যুৱ কবি, সাহিত্যিক অলংবাৰ মুছাহাৰীলৈ আগবঢ়াইছে চলিত বৰ্ষৰ বড়ো ভাষাৰ যুৱ সাহিত্য অকাডেমি বঁটা৷ উল্লেখ্য যে, অলংবাৰ মুছাহাৰী ৰচিত ‘গাং ফুজানায় মাসে দাও’ নামৰ গল্প পুথিৰ বাবে তেওঁ যুৱ সাহিত্য অকাডেমি বঁটা লাভ কৰিছে৷ ওদালগুৰি গাঁৱৰ কৃষক ৰাভা মুছাহাৰী আৰু ললিতা বসুমতাৰীৰ পুত্ৰ সম্প্ৰতি ৩২ বছৰীয়া অলংবাৰ মুছাহাৰীয়ে স্কুলীয়া জীৱনৰ পৰাই নিজৰ মাতৃভাষা বড়ো ভাষাত সাহিত্য ৰচনা কৰি আহিছে৷ অলংবাৰ মুছাহাৰীয়ে এতিয়ালৈকে বড়ো ভাষাত চাৰিখন গল্প পুথি, এখন কাব্য গ্ৰন্থ আৰু এখন নিজৰ জন্মভূমি গাঁওখনৰ ইতিহাসৰ ওপৰত গ্ৰন্থ ৰচনা কৰি প্ৰকাশ কৰিছে৷ অলংবাৰ মুছাহাৰীয়ে ৰচনা কৰা ছখন গ্ৰন্থৰ ‘গাং ফুজানায় মাসে দাও’ নামৰ গল্প পুথিখনৰ বাবে আজি বড়ো ভাষাৰ যুৱ সাহিত্য অকাডেমি বঁটাপ্ৰাপক বুলি ঘোষিত হৈছে৷ তেওঁৰ ৰচিত আন পাঁচখন গ্ৰন্থ হ’ল- দৌংসে লামা[কাব্য গ্ৰন্থ], আদ্ৰা জিওনি বিসাম্বি[গল্প পুথি], দায়নি সাজা[গল্প পুথি], সৌৰ মিলাংনায় গাংসে বিলায়[গল্প পুথি] আৰু আন এখন গ্ৰন্থ ‘ওদালগুৰি গামিনি সুংদ’ জাৰিমিন৷’ তদুপৰি, অলংবাৰ মুছাহাৰীৰ ৰচিত, পৰিচালিত আৰু অভিনীত এখন ছুটি ভিডিঅ’ ছবি ‘নৗখায় নোঙা’ মুক্তি লাভ কৰিছে৷ ওদালগুৰি গাঁৱৰ এক দুখীয়া কৃষক পৰিয়ালৰ সন্তান অলংবাৰ মছাহাৰীয়ে বাগ্‌সাৰ কেচি মহাবিদ্যালয়ৰ পৰা ২০১৭ বৰ্ষত কলা শাখাৰ স্নাতক ডিগ্ৰী লাভ কৰিছিল৷ উল্লেখ্য যে, আৰ্থিক অনাটনৰ বাবেই অলংবাৰ মুছাহাৰীয়ে চাৰিটা বছৰ ধৰি স্নাতক পৰীক্ষাত অৱতীৰ্ণ হ’ব পৰা নাছিল বুলিও আজি এই সাংবাদিকৰ আগত একপ্ৰকাৰ দুখ প্ৰকাশ কৰে৷ অলংবাৰ মুছাহাৰীয়ে বৰ্তমানলৈ আঠ বছৰ ধৰি শিমলা বজাৰস্থিত ভাৰতীয় ষ্টেট বেংকৰ শাখাত অস্থায়ী কৰ্মচাৰীৰূপে কৰ্মৰত হৈ আছে৷ আৰ্থিক সমস্যাৰে ভাৰাক্ৰান্ত হ’লেও নিজৰ জনগোষ্ঠীক আৰু জনগোষ্ঠীটোৰ ভাষা, সাহিত্য, সংস্কৃতিক অধিক ভাল পোৱাৰ বাবেই অলংবাৰ মুছাহাৰীয়ে ধাৰাবাহিকভাৱে বড়ো ভাষাত সাহিত্য ৰচনা কৰি জনগোষ্ঠীটোৰ ভাষা, সাহিত্যৰ ভড়াল শক্তিশালী কৰি অৱদান আগবঢ়াইছে৷ বড়ো ভাষা, সাহিত্যক আগুৱাই নিয়াৰ বাবে তেওঁ সাহিত্য ৰচনা কৰা বুলি তেওঁ আজি সাংবাদিকৰ আগত ব্যক্ত কৰে৷ সাংবাদিকৰ এক প্ৰশ্নোত্তৰত অলংবাৰ মুছাহাৰীয়ে কয় যে - ‘যুৱ সাহিত্য অকাডেমি বঁটাৰ দৰে এক উল্লেখযোগ্য স্বীকৃতি লাভ কৰিম বুলি মই ভবা নাছিলোঁ যদিও মোৰ গল্প পুথিখন সাহিত্য অকাডেমিলৈ প্ৰেৰণ কৰিছিলোঁ৷ আজি যুৱ সাহিত্য অকাডেমি বঁটা লাভ কৰাৰ খবৰটো পাই মই সুখী৷ ভৱিষ্যতেও নিজৰ মাতৃভাষাক সন্মান জনাই, বহুত ভাল পাই সাহিত্য ৰচনা কৰি যাম৷’ অলংবাৰ মুছাহাৰীয়ে বড়ো ভাষাৰ যুৱ সাহিত্য অকাডেমি বঁটা লাভ কৰাৰ বাবে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা সাহিত্য অকাডেমি বঁটাপ্ৰাপক সাহিত্যিক উৰ্খাও গৌৰা ব্ৰহ্ম, কোকলাবাৰী সমষ্টিৰ এমচিএলএ মণ্টু বড়ো, বড়ো সাহিত্য সভা, এবছু, নিখিল বাথৌ মহাসভা, ভৱানীপুৰ সমষ্টি প্ৰেছ ক্লাবৰ লগতে বিভিন্ন দল- সংগঠন, বিশিষ্ট ব্যক্তিয়ে অভিনন্দন জনাইছে৷

দেওবাৰ ৰামচিয়াৰীৰ সৃষ্টিৰ প্ৰেৰণা তেওঁৰ পত্নী

সাহিত্য অকাডেমীৰ শিশু সাহিত্য পুৰস্কাৰেৰে বিভূষিত হ’ল বাগ্‌সা জিলাৰ বৰমাৰ নিজ জুলুকী গাঁৱৰ দেওবাৰ ৰামচিয়াৰী৷ বড়ো সাহিত্যৰ নীৰৱ সাধক ৰামচিয়াৰীয়ে ‘লাংগোনানি বখালি গথ’ নামৰ শিশু উপন্যাসখনৰ বাবে এই বঁটা লাভ কৰি বৰমালৈ গৌৰৱ কঢ়িয়াই আনে৷ বড়ো সাহিত্য সভাৰ সৈতে দীৰ্ঘদিন ধৰি জড়িত থকা বৰমা ছোৱালী হাইস্কুলৰ প্ৰধান শিক্ষক দেওবাৰ ৰামচিয়াৰীয়ে ইতিমধ্যেই কেইবাখনো গ্ৰন্থ প্ৰকাশ কৰিছে৷ লাংগোনানি বখালি গথ’, চিচকিন আং আৰো গুবাং, অঞ্জালী ধাবা, অভাৰব্ৰিজ, আদিকে ধৰি ছখনকৈ গ্ৰন্থ লিখি সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে৷  তেওঁক লিখাৰ বাবে তেওঁৰ পত্নীয়ে উৎসাহ জনোৱা কথাও দোহাৰে বঁটাপ্ৰাপক ৰামচিয়াৰীয়ে৷ ভৱিষ্যতে আৰু যাতে লিখি যাব পাৰে তাকেই কামনা কৰিছে পত্নীয়ে৷ ২০১৪ চনতে লিখা শিশু উপন্যাসখনৰ বাবে এই বঁটা তেওঁ লাভ কৰিছে যদিও তেওঁ এই বঁটা পাব বুলি ভবা নাছিল বুলি মন্তব্য কৰে৷ তেওঁ আজি অত্যন্ত সুখী বুলি দোহাৰি ভৱিষ্যতে সাহিত্য চৰ্চা কৰি যাব বুলি কয় তেওঁ৷ লগতে ভৱিষ্যতে তেওঁ বৰমা ৰিডাৰ্চ ফ’ৰামৰ জৰিয়তে পঢ়াৰ পৰিৱেশ গঢ়াৰ কথা দোহাৰে৷ উল্লেখ্য যে, বৰমাৰ প্ৰতিটো অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে গভীৰ সম্পৰ্ক থকা দেওবাৰ ৰামচিয়াৰীৰ এই সন্মান লাভে বৰমাৰ বিভিন্ন জাতীয় অনুষ্ঠান-প্ৰতিষ্ঠানক উৎফুল্ল কৰি তুলিছে৷