Logo
image

অশান্ত মধ্যপ্ৰাচ্য

১২ জুনৰ পৰা মধ্যপ্ৰাচ্যৰ দুই চিৰপ্ৰতিদ্বন্দ্বী দেশ ইজৰাইল আৰু  ইৰানে প্ৰত্যক্ষ সংঘাতত লিপ্ত হৈছে৷ দুয়োখন দেশে ইখনে সিখনৰ ওপৰত অব্যাহত ৰখা মিছাইল আক্ৰমণৰ ফলত ইৰাণৰ দুজনকৈ সেনাপ্ৰধান নিহত হোৱাৰ লগতে ৫জন আগশাৰীৰ পাৰমাণৱিক বিজ্ঞানী নিহত হোৱাৰ লগতে শতাধিক সাধাৰণ লোকে মৃত্যুবৰণ কৰিছে৷ তদুপৰি, ইজৰাইলৰ এই অপ্ৰৰোচিত আক্ৰমণৰ ফলত দেশখনৰ গুৰুত্বপূৰ্ণ পাৰমাণৱিক আৰু প্ৰতিৰক্ষা স্থানসমূহৰো বিস্তৰ ক্ষতি হয়৷ একেদৰে, ইজৰাইলৰ বিশ্ববিখ্যাত আইৰন ড’মে অধিকাংশ ইৰাণী ক্ষেপণাস্ত্ৰক বিফল কৰি পেলাবলৈ সক্ষম হৈছে যদিও দেশখনৰ ৰাজধানী টেল আভিভকে ধৰি বিভিন্ন স্থানত সংঘটিত আক্ৰমণত বৰ্তমানলৈকে ভালেসংখ্যক লোকে মৃত্যুবৰণ কৰিছে৷ দুয়োখন দেশৰ এই সংঘাতৰ মাজত আমেৰিকাৰ প্ৰৱেশে মধ্যপ্ৰাচ্যৰ পৰিৱেশ অধিক উত্তপ্ত কৰি তুলিছে৷ এই যুদ্ধ সন্দৰ্ভত মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে বন্ধুৰাষ্ট্ৰ ইজৰাইলক সহায় কৰাৰ নামত ইৰাণক বিনাচৰ্তে আত্মসমৰ্পণ কৰাৰ বাবে যিদৰে হেঁচা প্ৰয়োগ কৰিছে, সেয়াই ইৰাণক অধিক আগ্ৰাসী হৈ উঠিবলৈ সাৰ-পানী যোগাইছে৷ 

ইৰান-ইজৰাইলৰ এই যুদ্ধক লৈ সমগ্ৰ বিশ্ব দুটা ভাগত বিভক্ত হৈ পৰিছে৷ কোনো দেশ বা আন্তৰ্জাতিক সংগঠনে যদি ইজৰাইলক সমৰ্থন কৰিছে, তেনেহ’লে আন কিছুমানে ইৰাণক সহায় কৰিছে৷ কেইদিনমান পূৰ্বে কানাডাত অনুষ্ঠিত জি-৭ শীৰ্ষ সন্মিলনত বিশ্বৰ আগশাৰীৰ ৰাষ্ট্ৰ কেইখনে একেস্বৰে ইজৰাইলৰ প্ৰতি সমৰ্থন আগবঢ়াইছে৷ কিন্তু ইয়াৰ বিপৰীতে ছাংহাই কো-অপাৰেশ্বন অৰ্গেনাইজেশ্বন আৰু মধ্যপ্ৰাচ্যৰ ২০খন ইছলামিক ৰাষ্ট্ৰই ইৰাণৰ প্ৰতি সমৰ্থন আগবঢ়াইছে৷ কিন্তু যদিহে ইৰান-ইজৰাইলৰ এই যুদ্ধ অধিক সম্প্ৰসাৰিত হয়, তেনেহ’লে ই বিশ্বৰ ভূ-ৰাজনৈতিক পৰিস্থিতিৰ লগতে গোলকীয় অৰ্থ-ব্যৱস্থাতো গভীৰ নেতিবাচক প্ৰভাৱ পেলাব৷ যদিহে ইৰাণক ডাবি-ধমকি দিয়াতে ক্ষান্ত নাথাকি আমেৰিকাই ইজৰাইলৰ সমৰ্থনত এই যুদ্ধত জড়িত হৈ পৰে, তেনেহ’লে এই যুদ্ধ সমগ্ৰ বিশ্বৰ বাবেই এখন বিনাশকাৰী যুদ্ধ হিচাপে বিবেচিত হৈ পৰিব৷ ঠিক একেদৰে, বিশ্বৰ কুখ্যাত সন্ত্ৰাসবাদী গোট হামাছ আৰু হিজবুল্লাই যদি ইৰানৰ সমৰ্থনত থিয় হয়, তেনেহ’লেও ই এখন ক্ষয়কাৰী যুদ্ধলৈ ৰূপান্তৰিত হোৱাৰ লগতে এনে ৰাষ্ট্ৰ বহিৰ্ভূত গোটসমূহে পুনৰ গা-কৰি উঠাৰ সুবিধা লাভ কৰিব৷ হামাছ আৰু হিজবুল্লাৰ বিৰুদ্ধে ইতিপূৰ্বে যুদ্ধত লিপ্ত হোৱা ইজৰাইলক ভালকৈ এশিকনি দিয়াৰ লক্ষ্যৰে এই গোটসমূহে ইৰাণৰ সৰ্থনত থিয় দিয়াৰ পূৰামাত্ৰাই সম্ভাৱনা আছে৷ ঠিক সেইদৰে, খাৰুৱা তেল ৰপ্তানি কৰাৰ ক্ষেত্ৰত বিশ্বৰ এখন আগশাৰীৰ ৰাষ্ট্ৰ হিচাপে পৰিচিত ইৰাণ যদি দীৰ্ঘ সময়ৰ বাবে যুদ্ধত লিপ্ত হ’ব লগা হয়, তেনেহ’লে সমগ্ৰ বিশ্বতে খাৰুৱা তেলৰ মূল্য অভাৱনীয়ভাৱে বৃদ্ধি পোৱাৰ আশংকা বৃদ্ধি পাব৷ যোৱা কেইটামান দিনৰ যুদ্ধতে ইয়াৰ প্ৰতিফলন দেখিবলৈ পোৱা গৈছেই৷ এনে হ’লে খাদ্য বা অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য ব্যাপকভাৱে বৃদ্ধি পোৱাৰ লগতে মুদ্ৰাস্ফীতিও বাঢ়ি যাব৷ গাজা আৰু ইউক্ৰেইনৰ যুদ্ধই ইতিমধ্যে জুৰুলা কৰা গোলকীয় অৰ্থনীতিৰ ওপৰত যদিহে পুনৰ এখন যুদ্ধৰ হেঁচা পৰে, তেনেহ’লে ইয়াৰ দীৰ্ঘম্যাদী প্ৰভাৱ হিচাপে সমগ্ৰ বিশ্ব অৰ্থনীতি মণ্ডাৱস্থাৰ কৰাল গ্ৰাসত সোমাই পৰাৰ আশংকা ঘনীভূত হ’ব৷

ইৰাণ-ইজৰাইলৰ যুদ্ধই আৰ্থিক বা ভূ-ৰাজনৈতিক দিশৰ পৰা ভাৰতৰ ওপৰত ব্যাপক প্ৰভাৱ পেলাব৷ যোৱা বছৰসমূহত ভাৰত ক্ৰমান্বয়ে ইজৰাইলৰ কাষ চাপি যোৱাৰ সমান্তৰালভাৱে দেশখনৰ বিভিন্ন অত্যাধুনিক মাৰণাস্ত্ৰও সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে, যিয়ে দেশৰ প্ৰতিৰক্ষা দিশটোক পূৰ্বতকৈ অধিক শক্তিশালী কৰি তুলিছে৷ কিন্তু ইয়াৰ সমান্তৰালভাৱে, ভাৰতে খাৰুৱা তেল আমদানি কৰাৰ ক্ষেত্ৰত দশকজুৰি ইৰাণৰ ওপৰত নিৰ্ভৰশীল হৈ আহিছে৷ এই আমদানি প্ৰক্ৰিয়া অধিক সুচল কৰাৰ লগতে দেশখনৰ লগতে মধ্য এছিয়াৰ ৰাষ্ট্ৰ সমূহৰ লগত যোগাযোগ আৰু বাণিজ্যিক দিশটোক অধিক শক্তিশালী কৰি তোলাৰ স্বাৰ্থত আৰু ইয়াৰ বাবে পাকিস্তানৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ লক্ষ্যৰে ভাৰতে ইৰাণত ছাহাবাৰ বন্দৰ নিৰ্মাণৰ বাবে ব্যয় কৰা বহু বিলিয়ন ডলাৰো অথলে যাব৷ তদুপৰি, মধ্যপ্ৰাচ্যৰ এই সংঘাত যদিহে দীঘলীয়া হয় আৰু পৰিণতিত ইৰাণে হৰমুজ জলদ্বীপ প্ৰণালী বন্ধ কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে, তেনেহ’লে ভাৰতৰ শক্তিখণ্ডই গভীৰ সংকটৰ সন্মুখীন হ’ব৷ কিয়নো এই প্ৰণালীৰ যোগেদিয়েই ভাৰতে মধ্যপ্ৰাচ্যৰ পৰা ৪০ শতাংশ তেল আমদানি কৰে৷ গতিকে ভাৰতে নিজৰ অৰ্থনৈতিক স্বাৰ্থৰ কথা আগত ৰাখি এই যুদ্ধত নিজৰ কৌশলগত আৰু কূটনৈতিক স্থিতি গ্ৰহণ কৰিব লাগিব৷ মধ্যপ্ৰাচ্যৰ এই পৰিৱেশ ভাৰতৰ দীৰ্ঘম্যাদী স্বাৰ্থ সুৰক্ষাৰ বাবেও এক অগ্নিপৰীক্ষা হিচাপে বিবেচিত হৈছে৷